ETV Bharat / politics

আলফাৰ জন্মই নহ’লহেঁতেন, যদিহে তেতিয়া প্ৰধানমন্ত্ৰী মোদী থাকিলহেঁতেন: মুখ্যমন্ত্ৰী - Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 8:00 PM IST

Updated : Apr 10, 2024, 8:31 PM IST

Himanta Biswa Sarma on ULFA
যোৰহাটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

Himanta Biswa Sarma: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী থকাহেতেন আলফাৰ জন্ম নহ’লহেঁতেন বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷ কংগ্ৰেছৰ কাৰণেই সকলো সমস্যাৰ উদ্ভৱ হ’ল বুলি ড৹ শৰ্মাই মন্তব্য কৰে ৷

যোৰহাটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

যোৰহাট, 10 এপ্ৰিল: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা কৰিবলৈ গৈ আলফাৰ প্ৰসংগ টানি আনিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ আলফাৰ জন্মৰ সময়ত প্ৰধানমন্ত্ৰী হিচাবে নৰেন্দ্ৰ মোদী থকাহেঁতেন সংগঠনটো জন্ম হ’বলগীয়া নহ’লহেঁতেন বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যথেষ্ট গুৰুত্ব থকাৰ সন্দৰ্ভত ৰাইজক বুজাবলৈ গৈ মুখ্যমন্ত্ৰীগৰাকী আলফা জন্মৰ প্ৰসংগ টানি আনে ৷ বুধবাৰে যোৰহাটৰ কল্যাণী খেলপথাৰত বিজেপিৰ বিজয় সকল্প সমাৱেশত অংশগ্ৰহণ কৰি এই মন্তব্য মুখ্যমন্ত্ৰীৰ ৷ এই প্ৰসংগত কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘কংগ্ৰেছৰ কাৰণেই অসমত ইমান সমস্যা আছিল ৷ কংগ্ৰেছ আছিল কাৰণেই বড়ো আন্দোলন হ’ল, কংগ্ৰেছ আছিল কাৰণেই কাৰ্বি আন্দোলন হ’ল ৷ মোদী থকাহেঁতেন আলফাৰ জন্মই নহ’লহেঁতেন ৷ তেওঁ আগতেই সমস্যাৰ সমাধান কৰিলেহেঁতেন ৷ আমি ইমান কষ্টত থাকিব নালাগিলহেঁতেন ৷’’

কংগ্ৰেছৰ শাসন অসমৰ দুৰ্ভাগ্য আছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আজি পৰিৱৰ্তন হৈছে ৷ তদুপৰি তেওঁ কয়, ‘‘ময়ো এদিন কংগ্ৰেছত আছিলোঁ ৷ এতিয়া বুজি পাওঁ যে কংগ্ৰেছত থাকি লাভ নাছিল ৷ কংগ্ৰেছৰ সময়খিনি এনেই খৰচ কৰিলো ৷’’ কংগ্ৰেছত থকা দিনকেইটা কোনেও মনত পেলাব নোখোজে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ একেখন মঞ্চতে উপবিষ্ট ৰাণা গোস্বামী আৰু অজন্তা নেওগৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকো কংগ্ৰেছত আছিল, কিন্তু এতিয়া বিজেপিত আছে ৷

ইফালে যোৰহাটৰ সভাখনতেই মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আগন্তুক সাতৰ পৰা দহদিনৰ ভিতৰত ঘোষিত হ’ব ৷

লগতে পঢ়ক: মই পইচা দি ভোট নিকিনো, মোৰ পইচা নাই : ফণীভূষণ চৌধুৰী

Last Updated :Apr 10, 2024, 8:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.