ETV Bharat / state

'নেত্ৰ' প্ৰকল্প স্থাপনক লৈ ইছৰোৰ এছ সোমনাথৰে আলোচনাত মন্ত্ৰী কেশৱ মহন্তৰ বৈঠক - Keshab Mahanta Meet ISRO Chief

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 10:31 PM IST

Keshab Mahanta Meet ISRO Chief: ইছৰ'ৰ 'নেত্ৰ' কেন্দ্ৰৰ বাবে অসম চৰকাৰে ইছৰোক চন্দ্ৰপুৰত দিব ২০০ বিঘা মাটি আৱণ্টন ৷ চন্দ্ৰপুৰত 'নেত্ৰ' প্ৰকল্প স্থাপনক লৈ ইছৰোৰ অধ্যক্ষ এছ সোমনাথৰে আলোচনা অসমৰ বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ । প্ৰকল্পটোৰ বাবে অসমৰ আগ্ৰহী যুৱক-যুৱতীৰ বাবে এবছৰীয়া পাঠ্যক্ৰমৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিলে ইছৰোৰ মুৰব্বী সোমনাথে ৷

Assam govt to allot 200 bighas of land to ISRO in Chandrapur
ইছৰোত এছ সোমনাথৰে আলোচনাত বহিল মন্ত্ৰী কেশৱ মহন্ত (ETV Bharat Assam)

নেশ্যনেল ডেস্ক, ১৪ মে': ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ')ৰ বাংগালুৰুস্থিত মুখ্য কাৰ্যালয় 'অন্তৰীক্ষ ভৱন'ত মঙলবাৰে ইছৰোৰ অধ্যক্ষ তথা ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ সচিব শ্ৰীধৰ পানিকৰ সোমনাথৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তিমন্ত্ৰী কেশৱ মহন্ত । আলোচনাকালত ইছৰোই গুৱাহাটীৰ সমীপৱৰ্তী চন্দ্ৰপুৰত স্থাপন কৰিবলৈ লোৱা 'নেটৱৰ্ক অব্ স্পেচ অবজেক্ট ট্ৰেকিং এণ্ড এনালাইছিছ' (নেত্ৰ) প্ৰকল্প সন্দৰ্ভত বিশেষ ভাৱে চৰ্চা কৰা হয় ।

এই আলোচনাত অসম বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ (এছটেক)ৰ সঞ্চালক ড৹ জয়দীপ বৰুৱা, অসম ৰাজ্যিক মহাকাশ প্ৰয়োগ কেন্দ্ৰ (এচ্ছাক)ৰ সঞ্চালক তথা বিজ্ঞান-প্ৰযুক্তিবিদ্যা বিভাগৰ বিশেষ সচিব পি এল এন ৰাজু আৰু এনএইচএমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীও উপস্থিত থাকে ।

Assam govt to allot 200 bighas of land to ISRO in Chandrapur
ইছৰোত এছ সোমনাথৰে আলোচনাত বহিল মন্ত্ৰী কেশৱ মহন্ত (ETV Bharat Assam)

উল্লেখ্য যে, মহাকাশৰ পৰা দেখা দিব পৰা প্ৰত্যাহ্বানৰ আশংকা দিনে দিনে বৃদ্ধি পাই অহাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ মহাকাশ সম্পদৰাজি সুৰক্ষিত কৰাৰ লগতে দেশৰ অন্তৰীক্ষ বিষয়ক কাম-কাজ সুৰক্ষিত আৰু বহনক্ষম ৰূপত আগবঢ়াই নিয়াত সহায়ক হোৱাকৈ ইছৰোই বিশেষভাৱে 'মহাকাশ পৰিস্থিতি সজাগতা' প্ৰণালী ইতিমধ্যে কাৰ্যকৰী কৰিছে ।

বাংগালুৰুৰ পীন্যাত অৱস্থিত 'ইছৰ' টেলিমেট্ৰী, ট্ৰেকিং এণ্ড ক'মাণ্ড নেটৱৰ্ক' (ইছট্ৰেক)ৰ চৌহদতে থকা ইছৰোৰ এই মহাকাশ পৰিস্থিতি সজাগতা প্ৰণালীৰ মূল নিয়ন্ত্ৰণ কক্ষ 'নেত্ৰ'ৰ পৰা এই মহত্বপূৰ্ণ মহাকাশ সুৰক্ষা বিষয়ক কাৰ্য প্ৰণালী পৰিচালিত হৈ আহিছে ।

মহাকাশৰ পৰিস্থিতিৰ ওপৰত সঠিকভাৱে নজৰ ৰখাকে ধৰি মহাকাশৰ পৰিস্থিতিৰ নিৰন্তৰ নীৰিক্ষণ আৰু বিশ্লেষণৰ উদ্দেশ্যে ইছৰোই কাৰ্যকৰী কৰা এই গুৰুত্বপূৰ্ণ 'মহাকাশ পৰিস্থিতি সজাগতা' কাৰ্য প্ৰণালীৰ অংশ হিচাপে ভাৰত চৰকাৰৰ মহাকাশ গৱেষণা সংস্থাটোৱে অসমত দেশৰ ভিতৰতে প্ৰথমটো 'নেত্ৰ' প্ৰকল্পৰ কেন্দ্ৰ স্থাপন কৰিবলৈ সাজু হৈছে ।

ইছৰোৰ এই 'নেত্ৰ' কেন্দ্ৰৰ বাবে অসম চৰকাৰে ইতিমধ্যে চন্দ্ৰপুৰত ২০০ বিঘা মাটি ইছৰোক আৱণ্টন দিয়াৰ বিষয়ে আজিৰ আলোচনাকালত ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী মহন্তই ইছৰোৰ অধ্যক্ষগৰাকীক অৱগত কৰে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত নেত্ৰ কেন্দ্ৰটোৰ নিৰ্মাণকাৰ্যত প্ৰয়োজনীয় সকলো ধৰণৰ সহযোগিতা আগবঢ়াবলৈ অসম চৰকাৰ সাজু থকা বুলিও জানিবলৈ দিয়ে ।

Assam govt to allot 200 bighas of land to ISRO in Chandrapur
ইছৰোত এছ সোমনাথৰে আলোচনাত বহিল মন্ত্ৰী কেশৱ মহন্ত (ETV Bharat Assam)

আলোচনাকালত মন্ত্ৰী মহন্তই অসমৰ যোগ্যতাসম্পন্ন প্ৰাৰ্থীয়েও এনে মহাকাশ নিৰীক্ষণ প্ৰকল্পত সংস্থাপন পাব পৰাকৈ কাৰিকৰী অভিজ্ঞতা লাভৰ বাবে ইছৰোৰ তৰফৰ পৰা সুযোগ দিবলৈ জনোৱা অনুৰোধত সঁহাৰি জনাই ইছৰোৰ মূৰব্বী সোমনাথে অসমৰ আগ্ৰহী যুৱক-যুৱতীৰ বাবে এবছৰীয়া পাঠ্যক্ৰমৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।

উল্লেখ্য যে, মহাকাশৰ পৰা দেখা দিব পৰা ভাবুকি নিৰসনৰ লগতে ৰাষ্ট্ৰীয় মহাকাশ সম্পদৰাজিৰ সুৰক্ষাৰ দিশত অতি মহত্বপূৰ্ণ ভূমিকা ল'ব লগা চন্দ্ৰপুৰৰ নেত্ৰ প্ৰকল্প কেন্দ্ৰত ইছৰোই সংস্থাপন কৰিব লগা অত্যাধুনিক 'ফেজ্ড আৰে' ৰাডাৰৰ জৰিয়তে ভূপৃষ্ঠৰ পৰা মহাকাশৰ ২০০০ কিলোমিটাৰ পৰ্যন্ত দূৰত্বত উদ্ভৱ হোৱা ন্যূনতম ১০ ছেণ্টিমিটাৰ আকাৰৰ মহাকাশীয় বস্তুও ধৰা পেলাব পৰা যাব ।

ইফালে, ইছৰোৰ অধ্যক্ষৰে হোৱা আজিৰ আলোচনা কালত অসমত ইছৰোৰ এটা আঞ্চলিক কেন্দ্ৰ স্থাপনৰ বাবেও অসম চৰকাৰৰ হৈ অনুৰোধ জনায় মন্ত্ৰী মহন্তই । এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যা আৰু জলবায়ু বিভাগৰ ফালৰ পৰা ইতিমধ্যে ইছৰোলৈ এটা আনুষ্ঠানিক প্ৰস্তাৱো আগবঢ়োৱা হৈছে । ইছৰোৰ কেন্দ্ৰ স্থাপনৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়াবলৈ সাজু থকা বুলি ইছৰোৰ অধ্যক্ষগৰাকীক মন্ত্ৰী মহন্তই আশ্বস্ত কৰে ।

পাছত মন্ত্ৰী মহন্তই ইছৰোৰ মুখ্য কাৰ্যালয়ৰ চৌহদ পৰিদৰ্শন কৰাৰ উপৰি পীন্যাত থকা 'ইছৰো টেলিমেট্ৰী, ট্ৰেকিং এণ্ড ক'মাণ্ড নেটৱৰ্ক'ৰ অভিযান পৰিচালনা চৌহদ 'মক্স ইছট্ৰেক'লৈ গে নেত্ৰ নিয়ন্ত্ৰণ কক্ষও দৰ্শন কৰে । বিয়লিৰ ভাগত মন্ত্ৰী মহন্তই এছটেকৰ সঞ্চালক ড৹ জয়দীপ বৰুৱা আৰু এচ্ছাকৰ সঞ্চালক পিএলএন ৰাজুৰ সৈতে ৰামনগৰ জিলাৰ বাংগালুৰুস্থিত ইছৰোৰ 'ইণ্ডিয়া দীপ স্পেচ নেটৱৰ্ক' (আইডিএছএন)ও পৰিদৰ্শন কৰে ।

ভাৰতৰ চন্দ্ৰ অভিযান, মংগলযান আদিৰ দৰে আন্তঃগ্ৰহীয় মহাকাশ অভিযানত ইছৰোৱে ব্যৱহাৰ কৰা মহাকাশ যানৰ নিয়ন্ত্ৰণৰ লগতে অভিযানৰ যোগাযোগ ব্যৱস্থাত সহায়-সমৰ্থন প্ৰদানৰ ক্ষেত্ৰত বাংগালুৰুৰ এই আইডিএছএনৰ অতি উচ্চস্তৰীয় আন্তঃগাঁঠনিয়ে মূল ভূমিকা গ্ৰহণ কৰি আহিছে ।

লগতে পঢ়ক: যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত বাৰ্ণ ইউনিট স্থাপনৰ বাবে অ'এন জি চিৰে বুজাবুজি চুক্তি - MoU For Burn Unit In JMCH

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.