ETV Bharat / state

শ্যাম গাঁৱত জনজাতীয় খাদ্যৰ জুতি লৈ আপ্লুত মুখ্যমন্ত্ৰী ড৹ শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 2:29 PM IST

Assam CM in Shyam Gaon : গাঁও চলো অভিযানৰ অংশ হিচাবে বুধবাৰে সৰুপথাৰ শ্যাম গাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ শ্যাম গাঁৱৰ ভাস্কৰ শ্যাম গোঁহাইৰ চাংঘৰত নিশাটো কটোৱাৰ লগতে মুখ্যমন্ত্ৰী শৰ্মাই জুতি ল’লে বহু জনজাতীয় খাদ্যৰ ৷
Historical place of Assam
শ্যাম গাঁৱত মুখ্যমন্ত্ৰী

শ্যাম গাঁৱত মুখ্যমন্ত্ৰী

সৰুপথাৰ, ১৫ ফেব্ৰুৱাৰী : পূৰ্বৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি বুধবাৰে সৰুপথাৰ শ্যাম গাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ শ্যাম গাঁওবাসীৰ আপ্যায়নত আপ্লুত হৈ পৰিল মুখ্যমন্ত্ৰী শৰ্মা ৷ বুধবাৰে নিশা গাঁৱৰ জ্যেষ্ঠ কেইবাগৰাকী লোকৰ সৈতে জনজাতীয় খাদ্যৰে তৃপ্তিৰে এসাঁজ খালে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে শ্যাম গাঁৱৰ ভাস্কৰ শ্যাম গোঁহাইৰ চাংঘৰত নিশাটো কটালে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

বৃহস্পতিবাৰে পুৱাৰ ভাগত ভাস্কৰ শ্যাম গোঁহাইৰ ঘৰতে স্মৃতি স্বৰূপে এজোপা গছৰ পুলি ৰোপণ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । তাৰ পাচত পুৱা ১০ গৰাকী মহিলাৰ লগত একেলগে জলপান গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰে পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী শৰ্মাই ৰজাপুখুৰী শ্যাম গাঁৱত অৱস্থিত অংচা জিলদৈ শ্যাম হাইস্কুলত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰে । ইয়াৰে পিচত মুখ্যমন্ত্ৰীগৰাকীয়ে বৰপথাৰৰ বিজেপি মণ্ডলৰ কাৰ্যালয়লৈ যাত্ৰা কৰে ।

লগতে পঢ়ক : শ্যাম গাঁৱত নিশা কটালে মুখ্যমন্ত্ৰীয়ে; পুৱা গাঁৱৰ মহিলাৰ লগত চাহ-জলপান গ্ৰহণ

উল্লেখ্য যে, গাঁও চলো অভিযানৰ কাৰ্যসূচী অনুসৰি বুধবাৰে সৰুপথাৰ সমষ্টিৰ ১ নং ৰজাপুখুৰী শ্যাম গাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ শৰ্মা । গাঁও চলো অভিযানৰ শ্যাম গাঁও আছিল মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰথম কাৰ্যসূচী ৷ এই কাৰ্যসূচী অনুসৰি অসমৰ গাঁৱে গাঁৱে বিধায়ক-মন্ত্ৰীসকলে নৈশ যাপন কৰি গাঁৱৰ সকলো লোকৰ অভাৱ-অভিযোগৰ বুজ ল’ব । সেয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে বুধবাৰে এই অভিযান সৰুপথাৰৰ শ্যাম গাঁৱৰ পৰাই উদ্বোধন কৰে ।

শ্যাম গাঁৱত সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত কংগ্ৰেছে ৱাৰ ৰুম খোলাৰ সন্দৰ্ভত তেওঁ কয়, ‘‘কংগ্ৰেছে ৱাৰ ৰুম খোলক মোৰ কোনো আপত্তি নাই ৷ কিন্তু তেওঁলোকৰ নিজৰ মাজত যুদ্ধ নহ’লেই হ’ল’’ ৷ লগতে তেওঁ কয়, কোনে কাৰ গেৰেন্টি ল’ব ? কোনেও কাৰো গেৰেন্টি ল’ব নোৱাৰে ৷

আজি যিয়ে সংবাদ মাধ্যমৰ আগত বিজেপিক সমালোচনা কৰি আছে, সেই সকলেই কালিলৈ বিজেপিত যোগদান নকৰিব তাৰ গেৰেন্টি কোনে ল’ব’’ ৷

লগতে পঢ়ক : ৰজাপুখুৰী শ্যাম গাঁৱত নিশাৰ আলহী হ’ব মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.