ETV Bharat / state

পুৱাই বটদ্ৰৱাৰ নিৰ্মীয়মান প্ৰকল্প পৰিদৰ্শন মুখ্যমন্ত্ৰী শৰ্মাৰ

author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 1:18 PM IST

Batadrava than project: পুৱাই বটদ্ৰৱা নিৰ্মীয়মান প্ৰকল্প পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ 14 মাৰ্চত বটদ্ৰৱা থানলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।

Assam cm Himanta Biswa Sarma inspected the under construction Batdwara project
পুৱাই বটদ্ৰৱা নিৰ্মীয়মান প্ৰকল্প পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

পুৱাই বটদ্ৰৱা নিৰ্মীয়মান প্ৰকল্প পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নগাঁও, 10 মাৰ্চ : দেওবাৰৰ পুৱাই গুৰুজনাৰ পৱিত্ৰ জন্মস্থান নগাঁৱৰ বটদ্ৰৱা থানত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ নিৰ্মীয়মান বটদ্ৰৱা প্ৰকল্পৰ কামৰ বুজ ল’বলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হয় থানত । উল্লেখ কৰা প্ৰয়োজন যে, প্ৰথম পৰ্যায়ৰ কাম মুকলি কৰিবলৈ অহা 14 মাৰ্চত বটদ্ৰৱা থানলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।

188 কোটি টকা ব্যয়েৰে নিৰ্মাণ কাৰ্য চলি থকা বটদ্ৰৱা প্ৰকল্পৰ কামৰ বুজ লৈ দেওবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, "বটদ্ৰৱা প্ৰকল্পৰ কাম ইতিমধ্যেই 80 শতাংশ সম্পূৰ্ণ হৈছে । চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি তথা 10 মে’ৰ পূৰ্বে মুকলি হ’ব বটদ্ৰৱা প্ৰকল্প ৷" পুৱা হেলিকপ্টাৰেৰে বটদ্ৰৱা প্ৰকল্পত উপস্থিত হৈ নির্মাণকাৰ্য পৰিদর্শন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে, 2021 চনৰ 25 ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে বহু প্ৰত্যাশিত এই বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰাই নিৰ্মাণ হৈ থকা এই প্ৰকল্পত পৃথিৱীৰ আটাইতকৈ ওখ গুৰু আসন, সত্ৰীয়া সংস্কৃতি প্ৰতিফলিত হোৱা বিভিন্ন কাৰুকাৰ্য খটোৱা অতিথি গৃহ, সংগ্ৰহালয়, পুথিভঁৰাল, সংস্কৃতি চৰ্চা কেন্দ্ৰ, উদ্যান আদি নিৰ্মাণ কৰা হৈছে ।

শনিবাৰে এই বটদ্ৰৱা প্ৰকল্পথলীত নগাঁৱৰ জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ লগতে বিধায়ক ৰূপক শৰ্মাই পৰিদৰ্শন কৰে ৷ উল্লেখ্য যে, 2016 ত বিজেপি চৰকাৰে শাসনভাৰ গ্ৰহণ কৰাৰ পিচতেই বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা তদানীন্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ তৎপৰতাত বটদ্ৰৱা থানৰ আকাশীগংগাৰ তীৰৰ 160 বিঘা ভূমি বেদখলমুক্ত কৰি সেই স্থানতেই ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প নিৰ্মাণকাৰ্যৰ পৰিকল্পনা হাতত লোৱা হৈছিল ।

লগতে পঢ়ক: ১৪ মাৰ্চত অমিত শ্বাহে মুকলি কৰিব বটদ্ৰৱা প্ৰকল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.