১৪ মাৰ্চত অমিত শ্বাহে মুকলি কৰিব বটদ্ৰৱা প্ৰকল্প
Union Home Minister Amit Shah: বটদ্ৰৱালৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । মুকলি কৰিব ১৮৮ কোটি টকীয়া বটদ্ৰৱা প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কাম । দ্বিতীয় পৰ্য্যায়ৰ কামৰো শুভাৰম্ভ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে । কাইলৈ বুজ ল'বলৈ বটদ্ৰৱাত উপস্থিত হ'ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

Published : March 9, 2024 at 10:20 PM IST
নগাঁও, ৯ মাৰ্চ : গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱালৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । অহা ১৪ মাৰ্চত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বটদ্ৰৱা থানত উপস্থিত হৈ মুকলি কৰিব বটদ্ৰৱা প্ৰকল্পৰ । এক ঐতিহাসিক মুহুৰ্তৰ সাক্ষী হ'ব অসমবাসী । অহা ১৪ মাৰ্চত ১৮৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ থকা বটদ্ৰৱা প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কাম মুকলি কৰিব গৃহমন্ত্ৰীগৰাকীয়ে । লগতে দ্বিতীয় পৰ্যায়ৰ কামৰো শুভাৰম্ভ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ।
- " class="align-text-top noRightClick twitterSection" data="">
উল্লেখযোগ্য যে ২০২১ৰ ২৫ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে বহু প্ৰত্যাশিত এই বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰিছিল । তেতিয়াৰে পৰাই নিৰ্মাণ হৈ থকা এই প্ৰকল্পত বিশ্বৰ আটাইতকৈ ওখ গুৰু আসন, সত্ৰীয়া সংস্কৃতি প্ৰতিফলিত হোৱা বিভিন্ন কাৰুকাৰ্যখচিত অতিথি গৃহ, মিউজিয়াম, পুথিভঁৰাল, সংস্কৃতি চৰ্চা কেন্দ্ৰ, উদ্যান আদি নিৰ্মাণ কৰা হৈছে । ইয়াৰ পৰিপ্ৰেক্ষিতত কাইলৈ পুৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰি কাম কাজৰ খতিয়ান ল'ব । শনিবাৰে এই বটদ্ৰৱা প্ৰকল্পথলীত নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ লগতে বিধায়ক ৰূপক শৰ্মাই পৰিদৰ্শন কৰে ।
উল্লেখযোগ্য যে ২০১৬ত বিজেপি চৰকাৰে শাসনভাৰ গ্ৰহণ কৰাৰ পিছতেই বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা তদানীন্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ তৎপৰতাত বটদ্ৰৱা থানৰ আকাশীগংগাৰ তীৰৰ ১৬০ বিঘা ভূমি বেদখলমুক্ত কৰি সেই স্থানতেই ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প নিৰ্মাণকাৰ্য্যৰ পৰিকল্পনা হাতত লৈছিল ।
ইপিনে, ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰাক নেতৃত্ব দি বটদ্ৰৱা থানত উপস্থিত হোৱাৰ কাৰ্যসূচী হাতত লৈছিল যদিও থানত প্ৰবেশৰ অনুমতি লাভ কৰা নাছিল । ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ কাৰ্যৰ বাবেই ৰাহুল গান্ধীক নিৰ্দিষ্ট সময়ত থানত প্ৰৱেশত অনুমতি প্ৰদান কৰা নাছিল থান পৰিচালনা সমিতিয়ে ।
লগতে পঢ়ক:হাতত তৰোৱাল লৈ কোন বীৰে ধুতি পিন্ধি যুদ্ধ কৰিবলৈ যাব: দেৱব্ৰত শইকীয়া

