ETV Bharat / state

উত্তাল ৰাজ্য: কা বাতিল নোহোৱা পৰ্যন্ত ৰাজ্য জ্বলোৱাৰ হুংকাৰ

author img

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 6:40 PM IST

Anti CAA Protests: নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ এই বিতৰ্কিত আইনখন বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিছে জনতা ৷ আইন বাতিল নকৰা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ বিভিন্ন দল-সংগঠনৰ ৷

Anti CAA Protests
কা বাতিল নোহোৱা পৰ্যন্ত ৰাজ্য জ্বলোৱা হুংকাৰ

কা বাতিল নোহোৱা পৰ্যন্ত ৰাজ্য জ্বলোৱা হুংকাৰ

নিউজ ডেস্ক, ১২ মাৰ্চ: নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰাৰ পাচতেই একপ্ৰকাৰ প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাজ্য । বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে সোমবাৰে সন্ধিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কা কাৰ্যকৰী কৰাৰ নিয়মসমূহ অধিসূচীত কৰে ৷ ইয়াৰ পাচতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়, প্ৰতিবাদমুখৰ হৈ পৰে ৰাজ্য ৷ আজি পুৱাই আছুৰ নেতৃবৰ্গ নতুন দিল্লীত উপস্থিত হৈ ‘কা’ৰ নিয়মাৱলীক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ আবেদন কৰে ৷ একে সময়তে ৰাজ্যতো আছুকে ধৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷

নগাঁও:

কাৰ বিৰুদ্ধে মঙলবাৰে নগাঁও ৰাজীৱ ভৱনত জিলা কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে নগাঁও জিলা কংগ্ৰেছ কমিটি । ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিদেশীক টালি-টোপোলা বান্ধিবলৈ কোৱা নৰেন্দ্ৰ মোদী ক্ষমতালৈ অহাৰ পিচত বিদেশীক নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰা বুলি কটাক্ষ কৰে জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াই ।

লখিমপুৰ:

কা বাতিলৰ দাবীত মঙলবাৰে পুৱাৰে পৰা বিয়লি পৰ্যন্ত লখিমপুৰ নগৰ আৰু ইয়াৰ উপকন্ঠৰ বিভিন্ন অঞ্চলত কেৱল জুই ধোঁৱাৰ লগতে উত্তপ্ত পৰিবেশৰ সৃষ্টি হয় । অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, কংগ্রেছসহ বিৰোধী ঐক্যমঞ্চ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, টাই আহোম ছাত্র সন্থা, লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্র সমাজকে আদি কৰি বিভিন্ন দল-সংগঠনে নগৰৰ বিভিন্ন স্থানত কা ৰ প্ৰতিলিপি তথা গৃহমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি উত্তপ্ত পৰিবেশ সৃষ্টি কৰে ।

মৰিয়নী:

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আজি যোৰহাটৰ মৰিয়নী কাটনীবাৰীত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ চহৰখনৰ বিভিন্ন স্থানত আৰক্ষী, চিআৰপিএফ বাহিনী সষ্টম কৰি ৰখাত ছাত্ৰ সংগঠন দুটাই পৃথকে পৃথকে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি কা বাতিল নকৰা পৰ্যন্ত এই প্ৰতিবাদ সাব্যস্ত কৰি যোৱাৰ হুংকাৰ দিয়ে ৷

তেজপুৰ:

তেজপুৰতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তেজপুৰ জিলা কংগ্ৰেছ, যুব কংগ্ৰেছৰ লগত অসম জাতীয় পৰিষদে কাৰ প্ৰতিলিপি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেজপুৰ কৰ্ট চাৰিআলিত এই প্ৰতিবাদ সাব্যস্ত কৰি জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকটকীয়ে এই আইনখন গৃহীত কৰি চৰকাৰে অসমীয়া জাতিক নিঃশেষ কৰিব বিচাৰিছে বুলি শাসকীয় চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷

লগতে পঢ়ক: 'কা'ৰ বিৰুদ্ধে প্রতিবাদমুখৰ গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.