ETV Bharat / state

'কা'ৰ বিৰুদ্ধে প্রতিবাদমুখৰ গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্য

author img

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 3:55 PM IST

'কা'ৰ বিৰুদ্ধে প্রতিবাদমুখৰ গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্য
'কা'ৰ বিৰুদ্ধে প্রতিবাদমুখৰ গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্য

Protest Against CAA : জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ অধিসূচনা জাৰিৰ পিচতে এতিয়া পুনৰ ক্ষোভৰ অগনি জ্বলি উঠিছে সমগ্ৰ ৰাজ্যজুৰি । ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল-সংগঠনে ।

'কা'ৰ বিৰুদ্ধে প্রতিবাদমুখৰ গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্য

নিউজ ডেস্ক, 12 মাৰ্চ : কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্রস্তুতৰ জাননী জাৰি কৰিলেও কোনো কাৰণতে 'কা' মানি ল'ব বিচৰা নাই অসমৰ দল-সংগঠনে । 'কা'ৰ নিয়মাৱলী বলৱৎ হোৱাৰ লগে লগে সমগ্ৰ ৰাজ্য এতিয়া প্রতিবাদত মুখৰ হৈ পৰিছে ।

কংগ্ৰেছ, চিপিআইএম, বি বৰুৱা মহাবিদ্যালয়, আৰ্য মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মঙলবাৰে মহানগৰীত 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । 'কা' আমি নামানো, বিজেপি চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায় আদি চৰকাৰ বিৰোধী শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে, ৰাজীৱ ভৱনত কংগ্ৰেছ নেতা-কৰ্মীসকলে 'কা'ৰ প্ৰতিলিপি জ্বলাই প্ৰতিবাদ সাব‌্যস্ত কৰে ।

প্ৰতিবাদ সাব্যস্ত কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, "অসমক ভালপোৱা সকলোৱে কাৰ বিৰুদ্ধে আন্দোলন কৰিব লাগে । চৰকাৰক বাধ্য কৰিব লাগে 'কা' প্ৰত্যাহাৰ কৰিবলৈ । 'কা'ৰ জৰিয়তে অসমীয়া জাতিটো ধ্বংস কৰিব ওলাইছে । 'কা'ৰ বাবে অসম চুক্তি অসাৰ হৈ গ'ল । 'কা'ক ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰাটো দুৰ্ভাগ্যজনক ।"

তেওঁ লগতে অসম গণ পৰিষদক সমালোচনা কৰি কয় 'কা' সন্দৰ্ভত অগপৰ স্থিতি প্ৰশ্নবোধক হৈ পৰিছে । অসম চুক্তিক লৈ জন্ম হৈছিল দলটো । কিন্তু 'কা'ই অসম চুক্তিৰ কলিজাটোকে নস্যাৎ কৰিছে । এইক্ষেত্ৰত অগপই কেনেকৈ নিজক আগুৱাই নিব সেইটোও প্ৰশ্ন বুলি তেওঁ মন্তব্য কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, মীৰা বৰঠাকুৰকে ধৰি প্ৰায় শতাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

ইপিনে ৰাজীৱ ভৱনৰ সন্মুখত আৰক্ষী বাহিনীও সষ্টম হৈ পৰে । ৰাজীৱ ভৱনৰ সন্মুখত বেৰিকেড দি ৰাস্তা বন্ধ কৰি দিয়াৰ লগতে গে'টত তলা লগাই দিয়ে ।

একেদৰে ৰাজ্যৰ ভিন ভিন প্ৰান্ততো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ খবৰ আহিছে । সৰুপথাৰ নগৰত নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰাৰ বিৰুদ্ধে সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

আনহাতে, ৰহাত 'কা'ৰ বিৰুদ্ধে আছু, যুৱ-ছাত্ৰ পৰিষদ আৰু তিৱা ছাত্ৰ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে । লগতে এই আইন কোনো কাৰণতে মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়ে আছু, তিৱা ছাত্ৰ সন্থা আৰু যুৱ-ছাত্ৰ পৰিষদে।

আনহাতে, তিনিচুকীয়াতো 'কা' বলৱৎ কৰাৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বিক্ষোভ প্ৰদৰ্শন কৰে । লগতে এই আইন বাতিল নকৰা পৰ্যন্ত অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ প্ৰদান কৰে ৷

ইফালে শিৱসাগৰতো পুৱাৰে পৰা বিভিন্ন জাতি-জনগোষ্ঠীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে । 'কা'ৰ বিৰোধিতাৰে শিৱসাগৰৰ ৰাজপথত অখিল গগৈ, শৃংখল চলিহা, অসমীয়া যুৱ মঞ্চ, ছাত্র মুক্তি সংগ্ৰাম সমিতি, অনুসূচিত জাতি ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম ছাত্ৰ যুৱ সন্মিলনী, অসম জাতীয় পৰিষদ আদি কেইবাটাও দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক :বিৰোধী ঐক্য মঞ্চৰ হৰতাল কাৰ্যসূচীৰ প্ৰতি সহযোগিতাৰ আহ্বান দেৱব্ৰত শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.