ETV Bharat / state

বিধায়ক কংগ্ৰেছৰ, সমৰ্থন চৰকাৰক : নুবুজা অংক বুজাবলৈ আহিব আৰু দুই কংগ্ৰেছ বিধায়ক

author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 4:33 PM IST

Congress MLA's may support BJP government : কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদ আৰু শশীকান্ত দাসৰ পদাংক অনুসৰণ কৰিছে বসন্ত দাস আৰু কমলাক্ষ দে’ পুৰকায়স্থই ! পুনৰ বিজেপিলৈ যাবলৈ সাজু হৈছে কংগ্ৰেছৰ আন দুগৰাকী বিধায়ক ৷

Congress MLA's may support BJP government
সঁচাকৈয়ে ব্যৰ্থ হৈছে নেকি সভাপতি ভূপেন বৰা ?

নিউজ ডেস্ক, 15 ফেব্ৰুৱাৰী : অসমত কংগ্ৰেছ দলক সুচাৰুৰূপে আগবঢ়াই নিয়াত সঁচাকৈয়ে ব্যৰ্থ হৈছে নেকি সভাপতি ভূপেন বৰা ? কিয়নো বৰাই প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব লোৱা পিচৰে পৰাই যিটো গতিত কংগ্ৰেছ দলত খহনীয়া আৰম্ভ হৈছে সেয়া সঁচাকৈয়ে নজিৰবিহীন ৷

আনকি বিধানসভাৰ বাজেট অধিৱেশন চলি থকাৰ মাজতে বুধবাৰে দুজনকৈ কংগ্ৰেছ বিধায়কে চৰকাৰৰ প্ৰতি মুকলিকৈ সমৰ্থন আগবঢ়ায় ৷ ইয়াৰ পূৰ্বেও আন দুজন কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদ আৰু শশীকান্ত দাসে চৰকাৰক সমৰ্থন জনাই এক প্ৰকাৰে বিজেপিৰ পক্ষ লৈ থৈছে ৷ এই দুই বিধায়কৰ নোম এডালো লৰাবলৈ সক্ষম হোৱা নাই ভূপেন বৰাই ৷

শশীকান্ত দাস আৰু ছিদ্দিক আহমেদৰ পদাংক অনুসৰণ কৰি বুধবাৰে বসন্ত দাস আৰু কমলাক্ষ দে’ পুৰকায়স্থই নিজৰ দলক বুঢ়া আঙুলি দেখুৱাই বিজেপিৰ শৰণাপন্ন হ’ল ৷ নিয়মমাফিকভাৱে ভূপেন বৰাই কালি (বুধবাৰ) বসন্ত দাসলৈ এখন কাৰণ দৰ্শোৱাৰ জাননী জৰি কৰিয়েই থমকি ৰ’বলগীয়া হ’ল ৷ কিন্তু ভূপেন বৰাই মানি লওক বা নলওক কংগ্ৰেছৰ বৰঘৰ যে ধুমুহাই তচনচ কৰিছে সেই কথা এতিয়া আৰু লুকাই থকা নাই ৷

এইবাৰ আহক আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ ৷ ইটিভি ভাৰত, অসমৰ হাতত পৰা তথ্য মতে অতি সোনকলেই বসন্ত দাসহঁতৰ দৰে একে পথেৰে অগ্ৰসৰ হ’বলৈ সাজু হৈছে কংগ্ৰেছৰ আন দুগৰাকী বিধায়ক ৷ কংগ্ৰেছ বাদ দি বিজেপিত যোগদান কৰাৰ পৰিৱৰ্তে কংগ্ৰেছতেই থাকি চৰকাৰখনক সমৰ্থন জনাবলৈ সাজু হোৱা এই দুই বিধায়কৰ ভিতৰত এগৰাকী হৈছে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হৈ অহা আৰু আনগৰাকী হৈছে প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হোৱা ৷

মজাৰ কথাটো হ’ল মাছ বুলি নাখায় দুয়োৱে খাব খুজিছে জিজি বুলি ৷ যিদৰে খাই আছে বসন্ত দাস, ছিদ্দিক আহমেদ, শশীকান্ত দাস আৰু কমলাক্ষ দে’ পুৰকায়স্থই ৷ প্ৰাপ্ত খবৰ অনুসৰি, নামনি অসমৰ এই দুয়োগৰাকী বিধায়কেই আচলতে বিভিন্ন ধৰণে তেওঁলোকে সাঙোৰ খাই থকা পূৰ্বৰ কেতবোৰ অনিয়মৰ পৰা ৰেহাই পাবলৈহে এইদৰে বিজেপিৰ শৰণাপন্ন হোৱাৰ চিন্তা কৰিছে ৷

লগতে পঢ়ক : দলত ৰৈ যোৱা ঘৰ বিভীষণক বিচাৰি উলিওৱাৰ আহ্বান দেৱব্ৰত শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.