ETV Bharat / state

দলত ৰৈ যোৱা ঘৰ বিভীষণক বিচাৰি উলিওৱাৰ আহ্বান দেৱব্ৰত শইকীয়াৰ

author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 8:54 PM IST

APCC crisis: কংগ্ৰেছ দলত চলি থকা বিপৰ্যয় সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ দলত থকা ঘৰ বিভীষণক জবাবদিহি কৰাৰ আহ্বান বিৰোধী দলপতিগৰাকীৰ ৷

Assam Congress
Debabrat saikia

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ১৪ ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনৰ ঠিক আগে আগে কংগ্ৰেছ দলত বাগী কুঠাৰ মাৰিলে দুই বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু বসন্ত দাসে ৷ হাহাকাৰ লাগিছে কংগ্ৰেছৰ ভিতৰচ’ৰাত । কংগ্ৰেছ দলত থাকিয়েই বিজেপি চৰকাৰৰ কাম-কাজলৈ মুকলি সমৰ্থন জনোৱা দুই বিধায়কৰ কাণ্ডক লৈ মুখ খুলিলে বিৰোধীৰ দলপতি তথা কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই ।

  • " class="align-text-top noRightClick twitterSection" data="">

কংগ্ৰেছ দলত এতিয়াও থকা ঘৰ বিভীষণসকলক সকিয়নী দি কংগ্ৰেছ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই এনে নেতাক জবাবদিহি কৰিবলৈ দলৰ তৃণমূল কৰ্মীৰ লগতে বিৰোধী ৰাজনৈতিক দলৰ সদস্যসকললৈ আহ্বান জনাইছে ৷

কংগ্ৰেছ বিধায়িনী দলৰ নেতাগৰাকীয়ে কয়, “মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলৰ দুয়োগৰাকী নেতাক নিজৰ দলত চামিল কৰালে । বিৰোধী তথা কংগ্ৰেছ দলক দুৰ্বল কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সময়ে সময়ে এনে পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ বিৰোধী বিধায়কৰ কোনো কাম নাই । শাসকীয় দল লগত থাকিলেহে উন্নয়নমূলক কাম কৰিব পাৰিব বুলি অগণতান্ত্ৰিক মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে কৰি আহিছে ৷ এয়া উচিত নহয় ৷”

“বিৰোধী শক্তিৰ দ্বাৰা নিৰ্বাচনত জয়ী হৈ কংগ্ৰেছ দলৰ বিধায়ক হৈও বিজেপি চৰকাৰৰ সকলো কামতে সহযোগিতা আগবঢ়াম বুলি কৈছে দুই বিধায়কে ৷ সমষ্টিৰ ভোটাৰ ৰাইজে তেওঁলোকক জবাবদিহি কৰিব লাগে ৷’’ এই মন্তব্য কংগ্ৰেছ বিধায়িনী দলৰ নেতা শইকীয়াৰ ।

নেতাগৰাকীয়ে লগতে কয়, “ক্ষুদ্ৰ স্বাৰ্থ পূৰণৰ বাবেই তেওঁলোকে দল ত্যাগ কৰিছে ৷ এতিয়াও যিসকলে কংগ্ৰেছ দল ত্যাগ কৰিম বুলি ভাবি আছে, সেইসকল ঘৰ বিভীষণক এতিয়াই চিনাক্ত কৰিব লাগে ৷’’

লগতে পঢ়ক: কংগ্ৰেছ তোড়ো ন্যায় যাত্ৰা ! কিয় ক’লে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.