ETV Bharat / state

বিজেপিত থাকিলেও অসমৰ মুখ্যমন্ত্ৰীৰ মন কংগ্ৰেছত আছে: মহিমা সিং - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 8:59 PM IST

Lok Sabha Election 2024
বিজেপিত থাকিলেও অসমৰ মুখ্যমন্ত্ৰীৰ মন কংগ্ৰেছত আছে

Lok Sabha Election 2024: শিলচৰত সংবাদমেল সম্বোধন কৰি বিজেপি আৰু অসমৰ মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰিছে এ আই চি চিৰ মুখপাত্ৰ মহিমা সিঙে । বিজেপিয়ে কেৱল মিছা প্ৰতিশ্ৰুতি দি আহিছে বুলিও তেওঁ অভিযোগ কৰে । তেওঁৰ মতে অসমৰ মুখ্যমন্ত্ৰীৰ মন এতিয়াও কংগ্ৰেছতে আছে ।

বিজেপিত থাকিলেও অসমৰ মুখ্যমন্ত্ৰীৰ মন কংগ্ৰেছত আছে

শিলচৰ,২০ এপ্ৰিল : ইতিমধ্যে ৰাজ্যত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । ২৬ এপ্ৰিলত ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । কাছাৰৰ শিলচৰ লোকসভা সমষ্টিতো দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । তাৰ প্ৰাকক্ষণত শিলচৰত শাসক-বিৰোধীয়ে ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

এনে সময়তে বিৰোধী কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী মহিমা সিঙে বিজেপি তথা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ কৰা দেখা গ'ল । এ আই চি চিৰ মুখপাত্ৰগৰাকীয়ে সংবাদমেলত অভিযোগ কৰে যে ড৹ হিমন্ত বিশ্ব শৰ্মা বিজেপিত যোগদান কৰিলেও তেওঁৰ মনটো কংগ্ৰেছতেই আছে । মহিমা সিঙৰ মতে এইবাৰৰ নিৰ্বাচন এজনৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজৰ ৷ বিজেপিৰ ১০ বছৰৰ ক'লা অধ্যায় উচ্চতম ন্যায়ালয়ে এদিনতে উদঙাই দিছে বুলি তেওঁ উল্লেখ কৰে ।

শিলচৰত এক সংবাদমেল সম্বোধন কৰি তেওঁ বিজেপিক তীব্ৰ সমালোচনা কৰে । শিলচৰৰ কংগ্ৰেছ ভৱনত অনুষ্ঠিত সংবাদমেলত এ আই চি চিৰ মুখপাত্ৰ মহিমা সিঙে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক সমালোচনা কৰি কয় যে এইবাৰৰ নিৰ্বাচন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজৰ । তেওঁ উল্লেখ কৰা মতে শিলচৰলৈ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ আহিব । শিলচৰৰ ৰাইজে অমিত শ্বাহক ২০১৪ চনৰ প্ৰতিশ্ৰুতিৰ কি হ'ল বুলি প্ৰশ্ন কৰিব লাগে বুলি তেওঁ উল্লেখ কৰে । তেওঁৰ মতে মহাচড়ক বনোৱাৰ বাবে বিজেপিয়ে অসমৰ ৰাইজক মিছা প্ৰতিশ্ৰুতি দি আহিছে । ২০১৪ আৰু ২০১৯ চনৰ নিৰ্বাচনতো একেই প্ৰতিশ্ৰুতি দিয়া হৈছিল ।

বিজেপিয়ে শিলচৰক স্মাৰ্ট চিটী বনোৱাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু স্মাৰ্ট চিটী বনোৱা দূৰৈৰ কথা এইখন চৰকাৰে পথ আৰু বানৰ সমস্যা সমাধান কৰিব পৰা নাই বুলি তেওঁ অভিযোগ কৰে । আনহাতে শিলচৰৰ পৌৰ নিগম কাৰ্যালয় এতিয়া বিজেপিৰ কাৰ্যালয় বুলিও তেওঁ অভিযোগ কৰে ।

লগতে পঢ়ক :দেশ-বিদেশৰ বহু নেতা একত্ৰিত হৈছে মোক আঁতৰাবলৈ: প্ৰধানমন্ত্ৰী মোদী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.