ETV Bharat / state

মেঘালয়ত হত্যাৰ বলি তিনি যুৱক মুছলমান হোৱাৰ বাবেই অসম চৰকাৰ নিমাত ! উত্থাপিত হৈছে অভিযোগ - ASSAMESE YOUTHS BURNT IN MEGHALAYA

author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 10:55 PM IST

ASSAMESE YOUTHS BURNT IN MEGHALAYA
এবিএমছুৰ সভাপতি টাইছন হুছেইন

গুজৰাটৰ পৰা জিগনেশ মেৱানিক গ্ৰেপ্তাৰ কৰি আনিছিল, কিন্তু মেঘালয়ত অসমৰ যুৱকক হত্যা কৰাসকলক কিয় পৰা নাই? যুৱককেইজন মুছলমান বাবেই চৰকাৰ নিমাত বুলি উঠিছে গুৰুতৰ অভিযোগ ৷

এবিএমছুৰ সভাপতি টাইছন হুছেইন

চিৰাং, 21 এপ্ৰিল: সামৰণি পৰিল চিৰাঙৰ মোজাবাৰী আঞ্চলিক এবিএমছুৰ প্ৰথম দ্বি-বাৰ্ষিক অধিৱেশনৰ । অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ কৰি এবিএমছুৰ সভাপতি টাইছন হুছেইনে কয় যে অসমৰ গোৱালপাৰা জিলাৰ তিনিজনকৈ যুৱকক মেঘালয়ত বৰ্বৰভাৱে হত্যা কৰা হ’ল, কিন্তু অসম চৰকাৰ নিমাত । কাৰণ তেওঁলোক মুছলমান ।

টাইছন হুছেইনে কয়, ‘‘এইখন অসম চৰকাৰে গুজৰাটৰ পৰা জিগনেশ মেৱানিক গ্ৰেপ্তাৰ কৰি আনিব পাৰে, অথচ অসমৰ গাতে লাগি থকা মেঘালয়ত অসমৰ যুৱকক হত্যা কৰা হত্যাকাৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে ৷’’ তদুপৰি এবিএমছুৰ সভাপতিগৰাকীয়ে বিজেপি ইয়াৰ অংশীদাৰী দলসমূহৰ বিৰুদ্ধে ভোটদানৰ বাবে অসমবাসীক আহ্বান জনায় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁ কয় যে বিজেপি দলে সদায় গণতন্ত্ৰৰ লগতে সংবিধানৰ বিৰুদ্ধে কাম কৰিছে ৷ গতিকে দেশ, গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে বিজেপিৰ বিৰুদ্ধে ভোটদানৰ আহ্বান জনায় ছাত্ৰ নেতাজনে । সংবিধান উলংঘাৰে এই চৰকাৰে মুছলমানসকলক উচ্ছেদ কৰি অঘৰী সজোৱাৰ অভিযোগ কৰে টাইছন হুছেইনে ।

যধে মধে এনকাউন্টাৰ কৰাৰ বিৰোধিতা কৰি তেওঁ কয় যে এইখন মানৱাধিকাৰ উলংঘা কৰা চৰকাৰ । বিটিচিত বিজেপিৰ মিত্ৰদল ইউ পি পি এলে প্ৰমোদ বড়োৰ নেতৃত্বত চৰকাৰ গঠন কৰি বি টি চিৰ হাজাৰ হাজাৰ লোকক উচ্ছেদ কৰাৰ পৰিকল্পনা কৰাৰ অভিযোগ কৰে টাইছন হুছেইনে । তেওঁ অভিযোগ কৰে যে বিটিচি চুক্তিক অৱজ্ঞা কৰি বিটিআৰ চুক্তিমতে উচ্ছেদ চলাবলৈ বিচাৰি আছে প্ৰমোদ বড়োৱে । নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ কৰে টাইচন হুছেইনৰ ।

উল্লেখ্য যে দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয় মোজাবাৰী আঞ্চলিক সমিতি এবিএমছুৰ অধিৱেশন ৷ উক্ত অধিৱেশনৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ কেবাজনো বিষয়ববীয়াৰ লগতে চিৰাং জিলা সমিতিৰ সভাপতি সম্পাদকসহ কেবাটাও আঞ্চলিক সমিতিৰ কৰ্মকৰ্তা আৰু মোজাবাৰী অঞ্চলৰ বহুসংখ্যক লোক উপস্থিত থাকে ।

লগতে পঢ়ক: মেঘালয়ত অসমীয়াক হত্যা: দাবী উঠিছে চি বি আই তদন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.