মেঘালয়ত অসমীয়াক হত্যা: দাবী উঠিছে চি বি আই তদন্তৰ - Assam Youth Murdered in Meghalaya

author img

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 5:52 PM IST

PROTEST AGAISNT CONRAD SANGMA
মেঘালয় চৰকাৰৰ বিৰুদ্ধে দলগাঁৱত প্ৰতিবাদ ()

গোৱালপাৰাৰ তিনিজনকৈ যুৱকক মেঘালয়ত নৃশংসভাৱে জ্বলাই দিয়া ঘটনাক লৈ আন্দোলনমুখী হৈছে ৰাজ্য ৷ দাবী উঠিছে চি বি আই তদন্তৰ, পৰিয়ালক আৰ্থিক সাহাৰ্য আৰু চৰকাৰী চাকৰি দিয়াৰ ৷ দলগাঁৱত জ্বলিল মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা ৷

মেঘালয় চৰকাৰৰ বিৰুদ্ধে দলগাঁৱত প্ৰতিবাদ

দলগাঁও, ২০ এপ্ৰিল: তিনিদিন পূৰ্বে মেঘালয়ৰ অগাছিত উদ্ধাৰ হৈছিল অসমৰ তিনি যুৱকৰ অগ্নিদগ্ধ মৃতদেহ ৷ গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল অসমৰ যুৱক তিনিজন ৷ লগতে জ্বলাই দিয়া হৈছিল তেওঁলোকে লৈ যোৱা বাহনখনো ৷ সেই চাঞ্চল্যকৰ ঘটনাই এতিয়াও জোঁকাৰি আছে ৰাজ্য ৷

অচিনাক্ত দুৰ্বৃত্তৰ নৃশংসতাৰ বলি হোৱা গোৱালপাৰা জিলাৰ যুৱককেইজন আছিল জমেৰ উদ্দিন, নুৰ মহম্মদ আৰু জাহিৰুল ইছলাম ৷ মেঘালয়ত সংঘটিত উক্ত ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে উত্তৰ-পূব সংখ্যালঘু ছাত্ৰ সন্থাই ।

ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে দৰঙৰ দলগাঁৱত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত মেঘালয়ৰ মুখ্যমন্ত্ৰী মুৰ্দাবাদ, মেঘালয়ৰ গৃহ বিভাগ হায় হায় আদি শ্ল’গানেৰে কনৰাড চাংমাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ মেঘালয়ৰ পূব গাৰোপাহাৰ জিলাৰ অগাছিলৈ যোৱা যুৱক তিনিজনক নৃশংসভাৱে হত্যা কৰা ঘটনা মানি ল’ব পৰা নাই নেমছু এ ।

প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা অনুসৰি মেঘালয় চৰকাৰ তথা গৃহ বিভাগৰ চৰম গাফিলতিৰ বাবেই ৰাজ্যখনত সুৰক্ষিত নহয় অসমৰ যুৱকসকল । মেঘালয়লৈ ফুৰিবলৈ যোৱা তিনিওগৰাকী যুৱকক অমানৱীয় আৰু নৃশংসভাৱে গাড়ীৰ ভিতৰতে হাত-ভৰি বান্ধি জীৱন্তে জ্বলাই হত্যা কৰি মাটিত পুতি থোৱা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে হত্যাকাণ্ডটো সংঘটিত কৰা ব্যক্তিক অতি শীঘ্ৰেই কৰায়ত্ব কৰিবলৈ দাবী জনাইছে নেমছুৰ সভাপতি বদৰুল ইছলামে ।

আনহাতে সংখ্যালঘূ ছাত্ৰ সংগঠনটোৱে সমগ্ৰ ঘটনাৰ চি বি আই তদন্তৰ দাবী জনাইছে । তদুপৰি মৃত যুৱককেইজনৰ পৰিয়ালক চৰকাৰে একোটাকৈ চৰকাৰী চাকৰিৰ উপৰিও প্ৰতিটো পৰিয়াললৈ ৫০ লাখকৈ টকাৰ সাহাৰ্য আগবঢ়াবলৈ দাবী জনাই নেমছুৰ সভাপতি বদৰুল ইছলামে ।

এই গণতান্ত্ৰিক আন্দোলনৰ পিচতো যদি চৰকাৰে ভুক্তভোগী পৰিয়ালকেইটাক ন্যায় দিব নোৱাৰে তেন্তে পৰৱৰ্তী সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে নেমছু এ ।

লগতে পঢ়ক: মেঘালয়ত তিনি অসমৰ যুৱকক জীৱন্তে জ্বলাই পুতি থ’লে গাঁতত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.