ETV Bharat / state

মেঘালয়ত তিনি অসমৰ যুৱকক জীৱন্তে জ্বলাই পুতি থ’লে গাঁতত - ASSAMESE YOUTHS BURNT IN MEGHALAYA

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 4:58 PM IST

Updated : Apr 17, 2024, 10:11 PM IST

ASSAMESE BURNT IN MEGHALAYA
তিনি অসমীয়া যুৱকক মেঘালয়ত জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ

মেঘালয়ত তিনি অসমীয়াক জীৱন্তে জ্বলাই গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ ৷ বাহনসহ যুৱকেইজনক জ্বলাই দিয়াৰ অভিযোগ পৰিয়ালৰ ৷ কোনে কিয় জ্বলালে যুৱককেইজনক ?

গোৱালপাৰাৰ তিনিটা পৰিয়ালয়ত অবৰ্ণনীয় পৰিৱেশ

গোৱালপাৰা, 17 এপ্ৰিল: মেঘালয়ৰ অগাছিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ অসমৰ পৰা মেঘালয়ৰ পূব গাৰো পাহাৰলৈ যোৱা তিনিগৰাকী যুৱকৰ অগ্নিদদ্ধ মৃতদেহ গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে অগাছি নামৰ অঞ্চলটোত ৷ লগতে উদ্ধাৰ হৈছে জ্বলাই দিয়া গাড়ীখন ।

  • " class="align-text-top noRightClick twitterSection" data="">

গোৱালপাৰা জিলাৰ দলগোমাৰ পৰা হত্যাৰ বলি হোৱা তিনিওগৰাকী যুৱক মেঘালয়ৰ পূৱ গাৰো পাহাৰলৈ ব্যৱসায়িক সূত্ৰে গৈছিল বুলি জানিব পৰা গৈছে ৷ মঙলবাৰেও যুৱক তিনিগৰাকীয়ে এখন ছুইফট ডিজায়াৰ বাহনৰে তালৈ গৈছিল ৷ ব্যৱসায়িক সূত্ৰে তেওঁলোক প্ৰায়েই ঠাইখনলৈ গৈছিল বুলি সদৰী হৈছে ৷

হত্যাৰ বলি হোৱা যুৱকৰ তিনিজন জমিৰ উদ্দিন(৩৫), নুৰ মহম্মদ(৩৬) আৰু জাহিদুল ইছলাম (২৬) বুলি চিনাক্ত কৰা হৈছে ৷ ইয়াৰে নুৰ মহম্মদ আছিল গাড়ীখনৰ গৰাকী । গোৱালপাৰাৰ দলগোমাত ঘৰ নিহত জমিৰ আলী আৰু নুৰ মহম্মদৰ। আনহাতে তৃতীয়টো মৃতদেহ কৃষ্ণাই খাৰধৰাৰ জাহিদুল ইছলামৰ বুলি চিনাক্ত হৈছে ।

আত্মীয়ৰ বিৱৰণ অনুসৰি সোমবাৰে নিশা জমিৰ উদ্দিনৰ AS ০১ EY ৫২৪৭ নম্বৰৰ গাড়ীখনেৰে মেঘালয়লৈ গৈছিল যুৱক তিনিজন । কিন্তু মঙলবাৰৰ দিনৰ ভাগৰ পৰাই মোবাইল বন্ধ পোৱা যায় তিনিওজনৰে । সেইদিনা নিশা পৰ্যন্ত তেওঁলোক উভতি নহাত মঙলবাৰে সন্ধিয়া মটিয়া থানাত নিৰুদ্দেশৰ গোচৰ তৰিছিল নুৰ মহম্মদৰ পৰিয়ালে। গাড়ীখনত থকা জিপিএছৰ জৰিয়তে ঘটনাস্থলীৰ বিষয়ে জানিব পাৰে পৰিয়াল আৰু আৰক্ষীয়ে। তাৰ পিচত মেঘালয় আৰক্ষীৰ সহায়ত প্ৰথমে জ্বলি প্ৰায় ছাঁই হৈ যোৱা গাড়ীখনৰ সন্ধান লাভ কৰে ৷ পিচত গাড়ীৰ কাষতেই এটা গাঁতত পুতি থোৱা অৱস্থাত জ্বলাই দিয়া মৃতদেহ তিনিটা উদ্ধাৰ কৰা হয় ।

যুৱক তিনিজনক অজ্ঞাত কাৰণত বাহনসহ দুৰ্বৃত্তই জ্বলাই দিয়া পিচত গাঁতত পুতি থোৱা বুলি ধাৰণা কৰা হৈছে ৷ উল্লেখ্য যে মেঘালয়ৰ পূৱ গাৰো পাহাৰ জিলাৰ ওৱাগাচিত সংঘটিত হোৱা এই নৃশংস ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বুধবাৰে পুৱা ওৱাগাচিৰ বনাঞ্চলত জ্বলাই দিয়া বাহনখন আৰু গাঁতত অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হোৱা যুৱক তিনিগৰাকী কি কাৰণে এইদৰে নৃশংসতাৰ বলি হ’ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷

প্ৰথম পৰ্যায়ত মেঘালয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ তিনিটা উদ্ধাৰ কৰাৰ লগতে প্ৰাথমিক তদন্ত আৰম্ভ কৰে ৷ পৰৱৰ্তী সময়ত অসম আৰক্ষীক চমজাই দিয়া হয় মৃতদেহ তিনিটা ৷ ইতিমধ্যে গোৱালপাৰাৰ দলগোমাৰ জমৰ আলী আৰু নুৰ মহম্মদসহ তিনিওটা মৃতদেহ গোৱালপাৰালৈ লৈ আনে অসম আৰক্ষীয়ে ৷ কি কাৰণত এনেদৰে যুৱকত্ৰয়ক অমানবীয়ভাৱে বাহনসহ জীৱন্তে জ্বলাই হত্যা কৰা হ’ল সেই সন্দৰ্ভত আৰক্ষীয়ে কোনো তথ্য প্ৰকাশ কৰা নাই ।

অৱশ্যে নিহত জাহিদুলৰ বিৰুদ্ধে থানাত কেবাটাও গোচৰ পঞ্জীয়ন হৈ থকা বুলি আৰক্ষীৰ এক বিশ্বস্ত সূত্ৰে জানিব পৰা গৈছে । এই ঘটনাৰ খবৰ পাই স্থানীয় বিধায়ক এ কে ৰছিদ আলমে নিহতৰ পৰিয়ালৰ ঘৰত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰে । ইপিনে আমছুৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি আনিমূল হক চৌধুৰীয়ে এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি হত্যাকাৰীক ২৪ ঘণ্টাৰ ভিতৰত কৰায়ত্ত কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক: গোলাঘাটৰ মহুৰামুখত গড়ঁৰ মৃতদেহ উদ্ধাৰ

Last Updated :Apr 17, 2024, 10:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.