ETV Bharat / state

চি আই ডি কাৰ্যালয়ত হাজিৰ এ পি এছ চিৰ ৭ গৰাকী পৰীক্ষা নিৰীক্ষক - APSC cash for job scam

author img

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 7:08 PM IST

APSC CASH FOR JOB SCAM
এ পি এছ চিৰ 30 গৰাকী পৰীক্ষা নিৰীক্ষকক তলব

এ পি এছ চিৰ 30 গৰাকী পৰীক্ষা নিৰীক্ষকক তলব এছ আই টিৰ ৷ সোমবাৰে চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল পৰীক্ষা নিৰীক্ষক সকলক ৷

চি আই ডি কাৰ্যালয়ত হাজিৰ পৰীক্ষা নিৰীক্ষক

গুৱাহাটী, 8 এপ্ৰিল : এ পি এছ চি (APSC) কেলেংকাৰীক লৈ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে এছ আই টি (SIT)ৰ ৷ এইবাৰ জেৰাৰ সন্মুখীন হৈছে 2013 বৰ্ষৰ এ পি এছ চিৰ পৰীক্ষা নিৰীক্ষক ৷ প্ৰায় 30 গৰাকী পৰীক্ষা নিৰীক্ষকক তলব কৰিছে এছ আই টি য়ে ৷ সোমবাৰে চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল পৰীক্ষা নিৰীক্ষক সকলক ৷

সোমবাৰে পুৱাৰে পৰা চি আই ডিৰ কাৰ্যালয়ত হাজিৰ‌ হয় ইজনৰ পিচত সিজনৈ পৰীক্ষা নিৰীক্ষক ৷ 2013 বৰ্ষৰ এ পি এছ চি পৰীক্ষাৰ সময়ত পৰীক্ষা নিৰীক্ষক হিচাপে দায়িত্বত থকা 7 গৰাকী পৰীক্ষা নিৰীক্ষক ক্ৰমে বিপুল গগৈ, অভিজিৎ বৰা, অঞ্জন শৰ্মা, ড৹ ভূপেন্দ্ৰ তালুকদাৰ, জ্যোতিৰাজ পাঠক, মনোজ কুমাৰ দাস আৰু অৰূপ বৈশ্য সোমবাৰে চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হয় ৷ এছ আই টিৰ জেৰাৰ সন্মুখীন হৈছে পৰীক্ষা নিৰীক্ষকসকল ৷

ৰাকেশ কুমাৰ পালৰ আমোলত 2013 চনত এ পি এছ চিত বিয়াগোম কেলেংকাৰী সংঘটিত হৈছিল ৷ সেই সময়ত দায়িত্বত থকা পৰীক্ষা নিৰীক্ষকসকলে এই কেলেংকাৰী সন্দৰ্ভত কিবা জানিব পাৰিছিল নেকি এই সন্দৰ্ভত ভাষ্য গ্ৰহণ কৰা হৈছে ৷ ৰাকেশ কুমাৰ পালৰ আমোলত সংঘটিত হোৱা অসম লোকসেৱা আয়োগৰ এই ভয়ংকৰ দুর্নীতি আৰু কেলেংকাৰীৰ গোচৰৰ তদন্তত পূৰ্বে ৰৈ যোৱা আসোঁৱাহ দূৰ কৰি তদন্ত আগবঢ়াই নিয়াৰ বাবে ৰাজ্য চৰকাৰে বিশেষ তদন্ত গোট (এছ আই টি) গঠন কৰিছিল ৷

এ পি এছ চিৰ 2013 আৰু 2014 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা কেলেংকাৰীৰ ন্যায়িক তদন্তৰ বাবে প্ৰাক্তন ন্যায়াধীশ বিপ্লব কুমাৰ শর্মাৰ নেতৃত্বত গঠন কৰা হৈছিল ন্যায়িক আয়োগ ৷ এই আয়োগে দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত এছ আই টিয়ে বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগত অভিযুক্ত বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিছে যদিও এই তদন্তত আসোঁৱাহ ৰৈ গৈছে ৷ বিগত বৰ্ষৰ অক্টোবৰত চি আই ডিৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত গঠন কৰা এছ আই টিয়ে এই পর্যন্ত এ পি এছ চি কেলেংকাৰীৰ ছয় অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ৷

লগতে পঢ়ক : বি টি চিৰ কাৰ্যনিৰ্বাহক পৰিষদৰ পৰা বাদ পৰিল কাৰ্যবাহী সদস্য ঘনশ্যাম দাস - BTC Executive Council

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.