ETV Bharat / state

বি টি চিৰ কাৰ্যনিৰ্বাহক পৰিষদৰ পৰা বাদ পৰিল কাৰ্যবাহী সদস্য ঘনশ্যাম দাস - BTC executive council

author img

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 9:36 PM IST

বি টি চিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ পদ কৰ্তন ৷ ঘনশ্যাম দাস সাংসদ নৱ কুমাৰ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টী দলৰ নিৰ্বাচিত পাৰিষদ আছিল ৷

BTC EXECUTIVE COUNCIL
ঘনশ্যাম দাসৰ পদ কৰ্তন
বি টি চিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ পদ কৰ্তন

কোকৰাঝাৰ, 7 এপ্ৰিল : ৰাজ্যপালৰ নিৰ্দেশ যোগে বি টি চিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ পদ কৰ্তন কৰিছে অসম চৰকাৰৰ বড়োলেণ্ড কল্যাণ বিভাগৰ মুখ্য সচিব মুকেশ চন্দ্ৰ চাহুৱে ৷ ৰাজ্য চৰকাৰৰ বড়োলেণ্ড কল্যাণ বিভাগৰ মুখ্য সচিব মুকেশ চন্দ্ৰ চাহু স্বাক্ষৰিত এক পত্ৰযোগে (নং- E/344949/1331) শনিবাৰে কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ পদ তৎকালে বলৱৎ হোৱাকৈ কৰ্তন কৰা হৈছে ৷ উল্লেখ্য যে ঘনশ্যাম দাস সাংসদ নৱ কুমাৰ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টী (জি এছ পি) দলৰ নিৰ্বাচিত পাৰিষদ আছিল ৷

ইফালে এই সন্দৰ্ভত বি টি চি প্ৰধান প্ৰমোদ বড়োৱে দেওবাৰে সংবাদ মাধ্যমৰ আগত কয় যে ৰাজনৈতিক স্থিতি স্পষ্ট কৰিব নোৱাৰাৰ বাবেই ঘনশ্যাম দাসৰ কাৰ্য্যবাহী সদস্যৰ পদ কৰ্তন কৰিবলৈ বাধ্য হ’ল৷ উল্লেখ্য যে কিছুদিন পূৰ্বে জি এছ পিৰ সভাপতি তথা সাংসদ নৱ কুমাৰ শৰণীয়াই ইউ পি পি এলৰ সৈতে মিত্ৰতা নাই বুলি মন্তব্য কৰিছিল ৷ বিষয়টোক লৈ মিত্ৰজোঁটৰ মাজত চৰ্চা লাভ কৰিছিল আৰু স্থিতি স্পষ্ট কৰিৱলৈ কোৱা হৈছিল ৷ কিন্তু তেওঁলোকৰ স্থিতি স্পষ্ট নকৰাৰ বাবে পদ কৰ্তন কৰিবলৈ বাধ্য হ’ল বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে ৷

প্ৰমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত কয় যে, তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হবলৈ গৈ আছে ৷ কোকৰাঝাৰ লোকসভাৰ আসনখন জৰুৰী ৷ ইয়াত দোদুল্যমান স্থিতি ল’লে নচলিব ৷ ঘনশ্যাম দাস কষ্ট কৰিব পৰা ব্যক্তি ৷ কিন্তু ৰাজনৈতিক স্থিতি স্পষ্ট কৰিব নোৱাৰাৰ বাবেই এনে সিদ্ধান্ত লোৱা হ’ল ৷ সকলোৰে পৰামৰ্শ লৈ এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলিও সদৰী কৰে প্ৰমোদ বড়োৱে ৷ ঘনশ্যাম দাসৰ কাৰ্যবাহী সদস্য পদ কৰ্তন কৰিবলৈ বি টি চিৰ পৰা প্ৰস্তাৱ (নং- BTC/ PS -AD /01/2023/19 DTD. 04/04/2024) পঠোৱা হৈছিল ৷ ইয়াৰ পিচতেই ৰাজ্যপালৰ নিৰ্দেশত ঘনশ্যাম দাসৰ কাৰ্যবাহী সদস্য পদ কৰ্তন কৰিলে অসম চৰকাৰৰ বড়োলেণ্ড কল্যাণ বিভাগৰ মুখ্য সচিব মুকেশ চন্দ্ৰ চাহুৱে ৷

লগতে পঢ়ক : তিনিচুকীয়াত নিৰ্বাচনী কাম-কাজৰ পৰা সাময়িকভাবে অব্যাহতি 3 বিষয়া-কৰ্মচাৰীক - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.