ETV Bharat / state

আশ্চৰ্যজনকভাৱে ৰাজ্যত দুবছৰত নিৰুদ্দেশ ৩৭৭৯ টি শিশু

author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 5:56 PM IST

Child missing in Assam
Child missing case

Child missing: ৰাজ্যত যোৱা দুটা বছৰত আশ্চৰ্যজনকভাৱে নিৰুদ্দেশ হৈছে মুঠ ৩,৭৭৯ টি শিশু ৷ কংগ্ৰেছ বিধায়কৰ প্ৰশ্নৰ উত্তৰত বিধানসভাত এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে মহিলা আৰু শিশু উন্নয়ন দপ্তৰৰ মন্ত্ৰী অজন্তা নেওগে ৷

গুৱাহাটী, ১৪ ফেব্ৰুৱাৰী: অসম বিধানসভাত শিশু নিৰুদ্দেশৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে । বিধানসভাত শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুসৰি বিগত দুটা বছৰত অসমত মুঠ ৩,৭৭৯ টি শিশু নিৰুদ্দেশ হৈছিল । উল্লেখযোগ্য যে কংগ্ৰেছৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই যোৱা মঙলবাৰে এটা লিখিত প্ৰশ্নৰ কৰিছিল । প্ৰশ্নটো আছিল বাল্যবিবাহ ৰোধকৰা, শিশু নির্যাতন, শিশু সৰবৰাহৰ বিষয়ত আধাৰিত ।

Child missing
শিশু নিৰুদ্দেশৰ তথ্য

বৰুৱাই বিধানসভাত কৰা প্ৰশ্নটো হ'ল, বিগত তিনিবছৰত কিমান ঘৰৰ পৰা হেৰোৱা শিশুৰ সংখ্যা বিভাগীয় তালিকাত Record কৰা হৈছেনে ? বিচাৰি পোৱা শিশুৰ সংখ্যা কিমান ? তেওঁলোকক সংস্থাপন কৰাৰ তথ্য চৰকাৰৰ হাতত আছেনে ?

Child missing
শিশু নিৰুদ্দেশৰ তথ্য

মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে ইয়াৰ উত্তৰত কয় যে, ২০২১ বৰ্ষৰ পৰা ২০২৩ বৰ্ষ লৈ ঘৰৰ পৰা হেৰোৱা শিশুৰ সংখ্যা মুঠ ৩৭৭৯ টা । ইতিমধ্যে ৩৭৭৯ টা হেৰোৱা শিশুৰ ভিতৰত ৩৪১৯ টা শিশু উদ্ধাৰ কৰা হৈছে । অভিভাৱকৰ সঠিক ঠিকনা থকা উদ্ধাৰ কৰা শিশু সকলক পৰিয়ালত চমজাই দিয়া হয় । অভিভাৱকৰ সঠিক ঠিকনা নথকা শিশুসকলক সংশ্লিষ্ট জিলাৰ শিশু কল্যাণ সমিতিৰ পৰামৰ্শ মতে CCLত আশ্ৰয় দি এই শিশুসকলৰ ভৰণ পোষণ, স্বাস্থ্য আৰু শিক্ষাৰ ব্যৱস্থা কৰা হয় ।

মন্ত্ৰীয়ে লগতে জনায় যে বিগত ২০২৩ বৰ্ষৰ জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত উদ্ধাৰ কৰা মুঠ ৪৭৪ টা শিশুক সংশ্লিষ্ট জিলাৰ শিশু কল্যাণ সমিতিৰ ওচৰত হাজিৰ কৰা হৈছিল আৰু এই শিশুসকলক পৰিয়ালক চমজায় দিয়া হয় ।

বিধায়ক ভাস্কৰ বৰুৱাই বিধানসভাত কৰা আন এটা প্ৰশ্ন‌ হ’ল- ‘‘২০২১ - ২০২৩ বৰ্ষৰ ভিতৰত POCSO Act, ২০১২ ৰ অধীনত শিশু নির্যাতনৰ কিমান Case পঞ্জীয়ন হৈছে ? ওপৰোক্ত Case সমূহ পৰিচালনাৰ বাবে কিমানখন Fast Track Court গঠন কৰা হ'ল আৰু কিমানটা Case dispose কৰা হ’ল ?’’

এই প্ৰশ্নৰ উত্তৰত মন্ত্ৰীয়ে জনায় যে‌ ২০২১ বৰ্ষৰ পৰা ২০২৩ বৰ্ষৰ ভিতৰত POCSO Act, ২০১২ ৰ অধীনত মুঠ ৬০৫৪ টা গোচৰ ৰুজু হৈছে ৷ মুঠ ৬০৫৪ গোচৰ সমূহৰ ভিতৰত ৩৫২২ টা গোচৰ ইতিমধ্যে নিষ্পত্তি কৰা হৈছে । সদনত বৰুৱাৰ শিশু সম্পৰ্কীয় আন এক প্ৰশ্ন উত্তৰত মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰীয়ে কয় যে ৰাজ্যিক শিশু সুৰক্ষা সমিতি, অসমে বৰ্তমানলৈ বাল্যবিবাহ ৰোধৰ কাৰণে State Action Plan তৈয়াৰ কৰা নাই যদিও বাল্যবিবাহৰ ৰোধৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ।

আনহাতে শিশু সৰবৰাহৰ ক্ষেত্ৰত ২০২০ বৰ্ষ পৰা ২০২৩ বৰ্ষৰ ভিতৰত BTR ৰ জিলাসমূহত মুঠ ৭৫ টা গোচৰ ৰুজু হৈছে । ২০২০ বৰ্ষৰ পৰা ২০২৩ বৰ্ষৰ ভিতৰত অসমৰ জিলা সমূহত কম বেছি পৰিমাণে প্ৰতিখন জিলাতে শিশু সৰবৰাহ ঘটনা সংঘটিত হৈছে যদিও ইয়াৰে ভিতৰত কামৰূপ, ওদালগুৰি, শোণিতপুৰ, কোকৰাঝাৰ, লখিমপুৰ আৰু বিশ্বনাথ জিলাত তুলনামূলকভাৱে বেছি হৈছে‌ বুলি সদনত মন্ত্ৰীয়ে তথ্য সদৰী কৰে ।

বিভাগীয় মন্ত্ৰীয়ে সদনত কয় যে শিশু সৰবৰাহৰ ঘটনা ৰোধ কৰিবলৈ অসমৰ প্ৰত্যেকখন জিলাতে Anti Human Trafficking Unit গঠন কৰা হৈছে ।‌ সীমামূৰীয়া জিলাৰ লগতে অন্য জিলাতো শিশু সৰবৰাহৰ ঘটনা ৰোধ কৰিবলৈ Anti Human Trafficking Unit আৰু Special Juvenile Police Unit গঠনৰ পদক্ষেপ লোৱা হৈছে । এওঁলোকক উদ্ধাৰ প্ৰক্ৰিয়াত বাধ্যতামূলকভাৱে গোচৰ ৰুজু কৰা হয় আৰু উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াৰ তদাৰকত গোচৰৰ অনুসন্ধান চলি থাকে ।

সৰবৰাহ হোৱা শিশুৰ তথ্য Track the Missing child Portal ত দাখিল কৰা যায় আৰু সামাজিক মাধ্যমৰ যোগে, বাতৰি কাকতৰ যোগে প্ৰচাৰ কৰা হয় । অসমত Juvenile Justice Care & Protection আইনৰ ২০১৫ ৰ ১০৭ ধাৰা মতে অসমত ৩৫ খন জিলাত (SIPU) Special Juvenile Protection Unit গঠন কৰা হৈছে আৰু নতুনকৈ হোৱা জিলা কেইখনত প্ৰাৰম্ভিক পৰ্যায়ৰ কাম চলি আছে ৷ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াৰ দ্বাৰা এই বিষয়ে চোৱাচিতা কৰা হয় ।

শিশু সৰবৰাহৰ ঘটনাৰ তদন্ত তথা অভিযানৰ সৈতে জড়িত চৰকাৰী বিষয়া সকলৰ দক্ষতা বৃদ্ধিৰ বাবে বিভিন্ন প্ৰশিক্ষণৰ ব্যৱস্থা লোৱা হৈছে । অপৰাধ অনুসন্ধান সংস্থাত মহিলাৰ শিশুৰ বিৰুদ্ধে অপৰাধ কোষ গঠন কৰা হয় আৰু ২০২২ চনত (Anti Human Trafficking) ত আৰক্ষী অধীক্ষক নিযুক্তি দিয়া‌ হৈছে বুলি সদনত মন্ত্ৰীয়ে সদৰী কৰে ।

লগতে পঢ়ক: কংগ্ৰেছ তোড়ো ন্য়ায় যাত্ৰা ! কিয় ক’লে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.