ETV Bharat / state

ধুবুৰীত দহজনক যাৱজ্জীৱন কাৰাদণ্ড

author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 7:37 PM IST

Sensational murder in Dhubri: ধুবুৰীত ২০০৬ চনত ভূমিকেন্দ্ৰিক সংঘাতৰ ফলত সংঘটিত হৈছিল এক নৃশংস হত্য়াকাণ্ড । ১৭ বছৰ ধুবুৰী অতিৰিক্ত জিলা আৰু ন্যায়িক দণ্ডাধীশৰ আদালতত চলিছিল গোচৰ ।

Sensational murder in Dhubri
হত্যাকাণ্ডৰ গোচৰ

হত্যাকাণ্ডৰ গোচৰ

ধুবুৰী, ২ মাৰ্চ: ধুবুৰী অতিৰিক্ত জিলা আৰু ন্যায়িক দণ্ডাধীশৰ আদালতে আজি প্ৰদান কৰিলে এক গুৰুত্বপূৰ্ণ ৰায় । এটা হত্যাকাণ্ডৰ গোচৰত দহজনক যাৱজ্জীৱন কাৰাদণ্ড বিহেধুবুৰী অতিৰিক্ত জিলা আৰু ন্যায়িক দণ্ডাধীশৰ আদালতে । লগে লগে ১৭ বছৰ পিছত ন্যায় পালে ধুবুৰীৰ এটা পৰিয়ালে । ২০০৬ চনত ভূমিকেন্দ্ৰিক সংঘাতৰ ফলত সংঘটিত এক ঘটনাত মইনুল হক প্ৰধানী নামৰ এজন লোক নিহত হৈছিল ।

জিলাখনৰ বাহিৰ শালমাৰা অঞ্চলত ২০০৬ চনত ভূমিকেন্দ্ৰিক সংঘাতৰ ফলত মইনুল হক প্ৰধানী নামৰ এজন লোকক এটা পক্ষই হানি-খুঁচি হত্যা কৰিছিল । ১৭ বছৰ পৰ্যন্ত ধুবুৰী আদালতত গোচৰ চলি থকাৰ ফলত আজি চূড়ান্ত ৰায় দিয়ে ধুবুৰী আদালতে । ধুবুৰী অতিৰিক্ত জিলা আৰু ন্যায়িক দণ্ডাধীশৰ আদালতৰ ৰায়দান অনুসৰি হত্যাকাণ্ডৰ অভিযোগত দহজনকৈ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহা হয় । মুঠ ১১ জন অভিযুক্ত আছিল যদিও ইয়াৰে আদম আলী নামৰ এজন অভিযুক্তৰ কিছুদিন পূৰ্বে মৃত্যু হয় । বাকী দহজনক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে আঠ হাজাৰ টকাকৈ জৰিমনা বিহে ।

মইনুল হক প্ৰধানী হত্য়াকাণ্ডৰ এই অপৰাধীকেইটা হৈছে আব্দুল হাই মণ্ডল, বাতেন আলী, নতুব আলী মণ্ডল, মতীয়ৰ ৰহমান, আফজাল হক, আইজল হক, হাচেন আলী, ময়নাল হক, মজিদ আলী আৰু মোকচেদ আলী । ২০০৬ চনত সংঘটিত ভূমিকেন্দ্ৰিক সংঘাতৰ ফলত মইনুল হক প্ৰধানী নামৰ এজন লোক নিহত হোৱাৰ বিপৰীতে আহত হৈছিল কেইবাজনো ব্যক্তি। এই ঘটনাৰ পিচতেই ধুবুৰীৰ ফকিৰগঞ্জ আৰক্ষী থানাত ২৪৩/২০০৬ নম্বৰত ভাৰতীয় দণ্ড বিধিৰ ১৪৭/১৪৮/১৪৯/৩০২/৩০৭/৩২৫/৩২৬/৪৪৭ ধাৰাৰ অধীনত গোচৰ ৰুজু হৈছিল ।

লগতে পঢ়ক:সম্পন্ন হোৱাৰ দিশে হাৰেংগাজাওৰ পৰা বালাচৰা সংযোগী পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.