ETV Bharat / state

সম্পন্ন হোৱাৰ দিশে হাৰেংগাজাওৰ পৰা বালাচৰা সংযোগী পথ

author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 2:05 PM IST

Silchar Saurashtra East West Corridor construction underway
সম্পন্ন হোৱাৰ দিশে হাৰেংগাজাওৰ পৰা বালাচৰা সংযোগী পথ

Silchar Saurashtra East West Corridor: অব্যাহত আছে শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰৰ নৃৰিম বাংলাৰ পৰা জাতিংগা, জাতিংগাৰ পৰা হাৰেংগাজাও পৰ্যন্ত 49 কিলোমিটাৰ আৰু হাৰেংগাজাওৰ পৰা বালাচৰালৈ 26 কিলোমিটাৰ অংশৰ কাম ৷ মাৰ্চ মাহৰ ভিতৰতে সম্পন্ন হ’ব 26 কিলোমিটাৰ পথ নিৰ্মাণৰ কাম ৷

সম্পন্ন হোৱাৰ দিশে হাৰেংগাজাওৰ পৰা বালাচৰা সংযোগী পথ

হাফলং, 2 মাৰ্চ: গুজৰাটৰ দীনেশ চন্দ্ৰ আগৰৱাল ইনফ্ৰা প্ৰাইভেট লিমিটেড আৰু সূচী হাইটেক ইনফ্ৰা প্ৰাইভেট লিমিটেড নামৰ নিৰ্মাণ সংস্থা দুটাৰ উদ্যোগত শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰৰ নৃৰিম বাংলাৰ পৰা জাতিংগা, জাতিংগাৰ পৰা হাৰেংগাজাও পৰ্যন্ত 49 কিলোমিটাৰ আৰু হাৰেংগাজাওৰ পৰা বালাচৰালৈ 26 কিলোমিটাৰ অংশৰ কাম দ্ৰুতগতিত চলি আছে । অনাগত মাৰ্চ মাহৰ ভিতৰতে 26 কিলোমিটাৰ পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব বুলি জানিবলৈ দিয়ে চাৰিলেন পথটোৰ নিৰ্মাণৰ কামত নিয়োজিত সূচী ইনফ্ৰা প্ৰাইভেট লিমিটেডৰ প্ৰজেক্ট মেনেজাৰ শ্যাম সুন্দৰ ৰেড্ডীয়ে ।

ৰেড্ডীয়ে জানিবলৈ দিয়ে, "বালাচৰাৰ পৰা হাৰেংগাজাওলৈকে 31 কিলোমিটাৰৰ যি পুৰণি দৈৰ্ঘ আছিল নতুনকৈ ডিজাইন কৰাৰ পিচতে সেয়া এতিয়া কমি 26 কিলোমিটাৰ হৈছে । এই অংশত এতিয়া 28 খন দলং নিৰ্মাণ কৰা হৈছে যাৰ বাবে 5 কিলোমিটাৰ কমি এতিয়া 26 কিলোমিটাৰ হৈছে । বালাচৰাৰ পৰা হাৰেংগাজাওলৈকে এই 26 কিলোমিটাৰ পথ নিৰ্মাণৰ কাম 2017 চনতে আৰম্ভ হৈছিল যদিও কৰোনা মহামাৰী, বৰষুণ আৰু ভূ-তাত্ত্বিক সমস্যাৰ বাবে কাম আগবঢ়াই নিয়াত প্ৰত্যাহ্বানৰ মুখামুখি হৈছিল ।"

ৰেড্ডীয়ে কয়, "বৰষুণৰ বাবে বছৰ এটাত প্ৰায় 5 মাহ কাম কৰাটো অসম্ভৱ হৈ পৰে । ইয়াৰ মাজতে ভূমিস্খলন প্ৰধান সমস্যা । যাৰ বাবে বছৰত পাঁচ বা ছয় মাহ কাম কৰা সম্ভৱ হৈছে । কিন্তু বৰ্তমান এই প্ৰকল্পৰ কাম মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব আৰু অহা মাহত এই চাৰিলেন পথ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষলৈ হস্তান্তৰ কৰা হ’ব ।"

প্ৰজেক্টটো অতি কঠিন আৰু প্ৰত্যাহ্বানেৰে ভৰা বুলি উল্লেখ কৰি শ্যাম সুন্দৰ ৰেড্ডীয়ে কয়, "মই এই কামত যোগ দিয়াৰ সময়ত বালাচৰাৰ পৰা হাৰেংগাজাও যাবলৈ 3 ঘণ্টা সময় লাগিছিল । কিন্তু বৰ্তমান 45 মিনিটত বালাচৰাৰ পৰা হাৰেংগাজাওলৈ যোগাযোগ সম্ভৱ । অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সহযোগিতাৰ বাবে আমি এই কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছো ।

ৰেড্ডীয়ে আৰু কয়, " এই প্ৰকল্পৰ কামৰ বাবে প্ৰথমতে 519 কোটি টকা আৱণ্টন দিয়া হৈছিল ৷ কিন্তু কিছু নতুন ডিজাইন কৰাৰ বাবে এতিয়া এই প্ৰজেক্টৰ বাবে 661 কোটি টকা নতুনকৈ আৱণ্টন দিয়া হৈছে । কিয়নো কিছু ঠাইত পাইলিঙৰ কাম কৰাৰ উপৰি পিএছচি গাৰ্ড বনোৱা হৈছে আৰু ভূমিস্খলন ৰোধ কৰাৰ বাবে ডিজাইন পৰিৱৰ্তন কৰাৰ লগতে বিদেশী টেকন’লজি ব্যৱহাৰ কৰা হৈছে । "

লগতে পঢ়ক: Silchar Saurashtra East West Corridor: শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট ক'ৰিডৰৰ ভূমিপূজন সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.