ETV Bharat / state

Silchar Saurashtra East West Corridor: শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট ক'ৰিডৰৰ ভূমিপূজন সম্পন্ন

author img

By

Published : Mar 8, 2023, 9:22 PM IST

বুধবাৰে সম্পন্ন হ’ল শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰৰ পথ নিৰ্মাণৰ ভূমিপূজন ৷ নিৰিমবাংলাৰ পৰা জাতিংগালৈ নিৰ্মাণ কৰা হ’ব এই পথ ৷ চাৰিলেনযুক্ত এলিভেটেড হ’ব এই পথচোৱা (Silchar Saurashtra East West Corridor) ৷

Silchar Saurashtra East West Corridor
শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট ক'ৰিডৰৰ ভূমিপূজন সম্পন্ন

শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট ক'ৰিডৰৰ ভূমিপূজন সম্পন্ন

হাফলং, 8 মাৰ্চ: শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰৰ নিৰিমবাংলাৰ পৰা জাতিংগা অংশৰ এছ কাৰ্ভত নিৰ্মাণ কৰা হ’ল চাৰিলেনযুক্ত এলিভেটেড পথ । বুধবাৰে এই চাৰিলেন এলিভেটেড পথ নিৰ্মাণৰ বাবে ভূমিপূজন অনুষ্ঠিত হয় । এই ভূমিপূজনত উপস্থিত আছিল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা, পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচা, কাৰ্যনিৰ্বাহ সদস্য নজিত কেম্প্ৰাই আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ প্ৰকল্প সঞ্চালকৰ লগতে অন্যান্য বিভাগৰ বিষয়াসকল ৷

উল্লেখ্য যে, 1998 চনত শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰ নিৰ্মাৰ শিলান্যাস হৈছিল । কিন্তু বিগত দুটা দশক পাৰ হৈ যোৱাৰ পাচতো সম্পূৰ্ণ নহ’ল ইষ্ট-ৱেষ্ট কৰিডৰ চাৰিলেন পথ নিৰ্মাণৰ কাম । শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰৰ চাৰিলেন পথ নিৰ্মাণৰ কাম ৰাজ্যৰ অন্যান্য অংশত শেষ হ’লেও অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ নিৰিমবাংলাৰ পৰা জাতিংগা আৰু জাতিংগাৰ পৰা হাৰেংগাজাও আৰু হাৰেংগাজাওৰ পৰা বালাচৰা অংশৰ চাৰিলেন পথ নিৰ্মাণৰ কাম আজিলৈকে সম্পূৰ্ণ হোৱা নাই (Saurashtra East West Corridor construction) ।

শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰৰ নিৰিমবাংলাৰ পৰা জাতিংগা আৰু জাতিংগাৰ পৰা হাৰেংগাজাও অংশৰ চাৰিলেন পথ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল এনকেচি নিৰ্মাণ সংস্থা আৰু জেকেএম নিৰ্মাণ সংস্থাক । কিন্তু এই দুই নিৰ্মাণ সংস্থাই ভূতাত্বিক সমস্যাৰ বাবে এই চাৰিলেন পথ নিৰ্মাণৰ কামত ব্যৰ্থ হোৱাৰ পাচতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিভাগে দুই নিৰ্মাণ সংস্থাক ব্লেক লিষ্টেড কৰি তেওঁলোকক কামৰ পৰা অব্যাহতি দিয়ে ।

দীৰ্ঘদিনৰ পৰা এই চাৰিলেন পথ নিৰ্মাণৰ কাম বন্ধ থকাৰ পাচত অৱশেষত নিৰিমবাংলাৰ পৰা জাতিংগা আৰু জাতিংগাৰ পৰা হাৰেংগাজাও অংশৰ নতুন কৈ ডিপিআৰ প্ৰস্তত কৰে জাপানৰ এক কোম্পানীয়ে আৰু এতিয়া এই অংশৰ চাৰিলেন পথ নিৰ্মাণ হ’ব সম্পূৰ্ণ বিদেশী পদ্ধতিত ।

ইয়াৰ কামৰ দায়িত্ব দিয়া হয় গুজৰাটৰ দীনেশ চন্দ্ৰ আগৰৱাল আৰ ইনফ্ৰাকন লিমিটেড নিৰ্মাণ সংস্থাক । ইতিমধ্যে এই নিৰ্মাণ সংস্থা ছোট ওয়াপু আৰু কাপুৰচৰাত তেওঁলোকৰ কেম্প স্থাপন কৰি নিৰ্মাণ কাম আৰম্ভ কৰিছে ।

লগতে পঢ়ক: Silchar Saurastra East West Corridor: দ্ৰুতগতিত শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট ক'ৰিডৰৰ নিৰ্মাণকাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.