ETV Bharat / sports

শুকুৰবাৰে সামৰণি পৰিব আন্তঃৰাষ্ট্ৰীয় কায়াকিং চেম্পিয়নশ্বিপৰ

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 12:20 PM IST

Updated : Feb 9, 2024, 2:02 PM IST

শুকুৰবাৰে সামৰণি পৰিব আন্তঃৰাষ্ট্ৰীয় কয়াকিং চেম্পিয়নশ্বিপৰ
শুকুৰবাৰে সামৰণি পৰিব আন্তঃৰাষ্ট্ৰীয় কয়াকিং চেম্পিয়নশ্বিপৰ

Three day Tawangchu Tides International 2024: আন্তঃৰাষ্ট্ৰীয় কায়াকিং চেম্পিয়নশ্বিপ 2024 ৰ আজি সামৰণি পৰিব ৷ তিনিদিন ধৰি চলি থকা এই প্ৰতিযোগিতাত সৰ্বোত্তম প্ৰদৰ্শন কৰাজনক চেম্পিয়ন কয়াকাৰছ ঘোষণা কৰা হ'ব ।

শুকুৰবাৰে সামৰণি পৰিব আন্তঃৰাষ্ট্ৰীয় কায়াকিং চেম্পিয়নশ্বিপৰ

তেজপুৰ, 9 ফেব্ৰুৱাৰী: টাৱাংচু টাইডছ আন্তঃৰাষ্ট্ৰীয় কায়াকিং চেম্পিয়নশ্বিপ 2024 ৰ শুকুৰবাৰে সামৰণি পৰে ৷ ভাৰত-ভূটান আৰু ভাৰত-তিব্বতৰ সীমান্তত অনুষ্ঠিত এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পাহাৰীয়া নদীৰ ঢৌৰ লগত একাকাৰ হ’ল বহু বিদেশী প্ৰতিযোগী । SWITCH নামৰ সংগঠনৰ উদ্যোগত 7 ফেব্ৰুৱাৰীৰ পুৱা ভাৰত-ভূটান সীমান্তৰ সমীপৰ বংলেং গাঁৱৰ ডংশ্বেংমাঙত টাৱাংৰ আয়ুক্ত কাংকি দৰঙে উদ্বোধন কৰে এই অনুষ্ঠানৰ ।

ব্ৰিটেইন, ৰাছিয়া আৰু অষ্ট্ৰেলিয়া আদি বিভিন্ন দেশৰ বিভিন্ন ৰাজ্যৰ পৰা মুঠ 51 জন কয়াকাৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে । উদ্বোধনী ভাষণত অংশগ্ৰহণকাৰীসকলৰ সৈতে কথা পাতি টাৱাঙৰ আয়ুক্তই সকলো অংশগ্ৰহণকাৰীক আদৰণি জনোৱাৰ লগতে দেশৰ এই দুৰ্গম কোণত এই দুঃসাহসিক ক্ৰীড়া চেম্পিয়নশ্বিপ আৰম্ভ কৰাৰ বাবে আয়োজকসকলক কৃতজ্ঞতা জ্ঞাপন কৰে ।

অনুষ্ঠানটোৰ পৰিচালক চৰণজীৱ কালাই কয়, "এই অগ্ৰণী অনুষ্ঠানটো কেৱল প্ৰতিযোগিতা নহয় ৷ এইটো এটা আবেগিক ব্যক্তিগত পৃষ্ঠপোষকতাত আয়োজিত, প্ৰতিষ্ঠানিক সমৰ্থন আৰু কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ দ্বাৰা সমৰ্থিত এক বৃহৎ অনুষ্ঠান । ইয়াৰ লক্ষ্য অৰুণাচল প্ৰদেশক কায়াকিঙৰ বাবে বিশ্বব্যাপী কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰা ৷"

ভৱিষ্যতে বিশ্ব চেম্পিয়নশ্বিপ আয়োজন কৰাৰ আকাংক্ষাৰে এই অনুষ্ঠানৰ আয়োজন কৰা হয় বুলি পৰিচালক চৰণজীৱ কালাই লগতে কয় ৷ তিনিদিন ধৰি চলি থকা এই প্ৰতিযোগিতাত সৰ্বোত্তম প্ৰদৰ্শন কৰাজনক চেম্পিয়ন কয়াকাৰছ ঘোষণা কৰা হ'ব ।

অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাত সহযোগিতা আৰু সহায় আগবঢ়োৱাৰ বাবে টাৱাংচু টাইডছ 2024 দলটোৱে জিলা প্ৰশাসন, ভাৰতীয় সেনা, এনডিআৰএফ আৰু 38 আৰু 67 নং বাহিনীৰ এছএছবিলৈ কৃতজ্ঞতা জ্ঞাপন কৰে ।

লগতে পঢ়ক: ভাৰতীয় পেৰালিম্পিক সমিতিক নিলম্বন ক্ৰীড়া মন্ত্ৰণালয়ৰ

Last Updated :Feb 9, 2024, 2:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.