ETV Bharat / sports

দেউতা কাৰ্গিল যুদ্ধৰ নায়ক, মাতৃয়ে ক্ৰিকেট কিটৰ বাবে বিক্ৰী কৰিছিল গহনা : সংগ্ৰামেৰে ভৰা ধ্ৰুৱ জুৰেলৰ কাহিনী

author img

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 9:51 PM IST

Cricketer Dhruv jurel
ধ্ৰুৱ জুৰেলৰ কাহিনী

Cricketer Dhruv jurel : ৰাঁচী টেষ্টত ভাৰতৰ ডুব যোৱা জাহাজখন ৰক্ষা কৰিলে উইকেটকীপাৰ-বেটছমেন ধ্ৰুৱ জুৰেলে। জুৰেলৰ যুঁজাৰু ইনিংছৰ বাবেই ভাৰত এতিয়া টেষ্ট আৰু শৃংখলাত জয়ী হোৱা অৱস্থাত আছে। জুৰেলে কেৰিয়াৰৰ মাত্ৰ দ্বিতীয়খন টেষ্ট খেলি আছে আৰু এই ২৩ বছৰীয়া খেলুৱৈগৰাকীয়ে টিম ইণ্ডিয়াত স্থান লাভ কৰাৰ যাত্ৰা সহজ নহয়। কাৰ্গিল যুদ্ধৰ যোদ্ধাৰ পুত্ৰই আগ্ৰাৰ পৰা কেনেকৈ ওলাই আহি টীম ইণ্ডিয়াৰ সংকট মোচক হৈ পৰিল? পঢ়ক সম্পূৰ্ণ খবৰ-

স্পৰ্টছ ডেস্ক, 25 ফেব্ৰুৱাৰী : 'সোণ জুইত গৰম কৰিলেহে উজ্জ্বল হয়' বুলি এটা জনপ্ৰিয় প্ৰবাদ আছে ৷ অৰ্থাৎ সোণ গৰম কৰিলে তাত থকা সকলো অশুদ্ধি নাইকিয়া হৈ বিশুদ্ধ হৈ উজ্জ্বল হৈ উঠে ৷ একেদৰে আমিও জীৱনৰ জুইৰ মাজেৰে পাৰ হ’ব লাগে, তেতিয়াহে আমাৰ ব্যক্তিত্বৰ উন্মেষ ঘটে ৷ এই কথাষাৰ প্ৰমাণ কৰিছে ভাৰতৰ সোঁহাতৰ উইকেটকীপাৰ বেটছমেন ধ্ৰুৱ জুৰেলে, যিয়ে নিজৰ দ্বিতীয়খন টেষ্টত জিলিকি উঠিছে ৷

ভাৰতীয় দলৰ সংকটমোচক-

নাম তেওঁৰ ধ্ৰুৱ জুৰেল ৷ প্ৰথমেই জানক হঠাৎ কিয় জুৰেল আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে? দৰাচলতে ৰাঁচীত ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা চতুৰ্থ টেষ্ট মেচত ইংলেণ্ডৰ প্ৰথম ইনিংছ 353 ৰানৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতৰ প্ৰথম ইনিংছত দলটো শলঠেকত পৰিছিল ৷ প্ৰথম ইনিংছত ভাৰতে 177 ৰানৰ স্ক’ৰত 7 টা উইকেট হেৰুৱাইছিল ৷ এনে সময়ত অনুৰাগীৰ লগতে ক্ৰিকেট বিশেষজ্ঞসকলেও ভাবিছিল যে ভাৰতৰ প্ৰথম ইনিংছ অতি সোনকালে শেষ হ’ব আৰু ইংলেণ্ডে বৃহৎ অগ্ৰগতি লাভ কৰিব ৷ কিন্তু উইকেটকীপাৰ বেটছমেন ধ্ৰুৱ জুৰেলে ক্ৰীজত খোপনি পুতিছিল, যিয়ে কেৰিয়াৰৰ মাত্ৰ দ্বিতীয়খন টেষ্ট মেচ খেলিছিল ৷

23 বছৰীয়া জুৰেলে ভাৰতৰ হৈ ট্ৰাবল শ্বুটাৰ হিচাপে প্ৰমাণিত হয় আৰু তেওঁ 90 ৰানৰ এক উজ্জবল ইনিংছ খেলি টিম ইণ্ডিয়াক বিশাল সংকটৰ পৰা উদ্ধাৰ কৰে ৷ এই ইনিংছত তেওঁ 6 টা চাৰি আৰু 4 টা ছয় কোবায় ৷ জুৰেলে অষ্টম উইকেটৰ বাবে কুলদীপ যাদৱ (28)ৰ সৈতে 76 ৰানৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব কৰি তাৰ পাছত আকাশ দীপৰ সৈতে নৱম উইকেটৰ বাবে 40 ৰানৰ অংশীদাৰিত্ব আগবঢ়াই প্ৰথম ইনিংছত ভাৰতক সন্মানজনক স্ক’ৰলৈ লৈ যায় ৷ জুৰেলৰ উজ্জ্বল ইনিংছৰ বাবেই ইংলেণ্ডে প্ৰথম ইনিংছত মাত্ৰ 46 ৰানৰহে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয় আৰু তাৰ পিছত দ্বিতীয় ইনিংছত স্ক’ৰ মাত্ৰ 145 লৈ হ্ৰাস পালে ৷

ভাৰত এতিয়া ৰাঁচী টেষ্টত জয়ৰ দুৱাৰমুখত থিয় দিছে যদিও টিম ইণ্ডিয়াক এই পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিছে ধ্ৰুৱ জুৰেলে ৷ আজি ধ্ৰুৱৰ জিলিকনি সকলোতে বিয়পি পৰিছে, জুৰেলৰ নাম সকলোৰে মুখত ৷ কিন্তু এই জিলিকনি লাভ কৰিবলৈ জুৰেলে বহুত কষ্ট কৰি নিজকে প্ৰশিক্ষিত কৰি তুলিছে, তাৰ পিচতহে জুৰেলে আজি সকলোৰে নয়নৰ মণি হৈ পৰিছে ৷ জুৰেলৰ এতিয়ালৈকে এই যাত্ৰা অতি প্ৰত্যাহ্বানমূলক ৷ তেওঁৰ মাতৃয়ে গহনা বিক্ৰী কৰি ক্ৰিকেটৰ কিট কিনি দিছিল জুৰেলক ৷

পিতৃ কাৰ্গিল যুদ্ধৰ যোদ্ধা-

ধ্ৰুৱ জুৰেলৰ জন্ম হৈছিল 2001 চনৰ 21 জানুৱাৰীত উত্তৰ প্ৰদেশৰ আগ্ৰাত ৷ তেওঁৰ পিতৃ নেম সিং জুৰেল সেনাবাহিনীৰ হাবিলদাৰ আছিল, যি কাৰ্গিল যুদ্ধৰ নায়ক আছিল ৷ জুৰেলৰ পিতৃয়ে সৰুৰে পৰাই বিচাৰিছিল যে তেওঁৰ পুত্ৰইও তেওঁৰ দৰে দেশৰ সেৱা কৰি সেনা বিষয়া হ’ব ৷ কিন্তু সেই সময়ত তেওঁৰ কোনো ধাৰণা নাছিল যে তেওঁৰ পুত্ৰই টিম ইণ্ডিয়াত যোগদান কৰি দেশৰ সেৱা কৰিব ৷

স্কুলৰ গ্ৰীষ্মকালীন শিবিৰৰ পৰা ক্ৰিকেট কেৰিয়াৰ আৰম্ভ-

5 বছৰ বয়সত জুৰেলৰ বাওঁ ভৰিখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল ৷ কিন্তু এজন যোদ্ধাৰ পুত্ৰ জুৰেলে অতি সোনকালেই সুস্থ হৈ উঠিল আৰু তেওঁ নিজকে সম্পূৰ্ণৰূপে সুস্থ কৰি তুলিলে ৷ পিতৃয়ে পুত্ৰক আৰ্মি স্কুলত ভৰ্তি কৰাইছিল ৷ জুৰেলে 8 বছৰ বয়সত স্কুলত দুমহীয়া গ্ৰীষ্মকালীন শিবিৰত যোগদান কৰে, য'ত তেওঁ সাঁতোৰক খেল হিচাপে বাছি লয় ৷ কিন্তু কিছু সংখ্যকে চামৰাৰ বল লৈ ক্ৰিকেট খেলা দেখাৰ পিছত জুৰেলে এই খেলৰ প্ৰতি আগ্ৰহী হৈ ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰে ৷ ইয়াৰ পৰাই তেওঁৰ ক্ৰিকেট কেৰিয়াৰ আৰম্ভ হৈছিল ৷

ক্ৰিকেট কিট কিনিবলৈ মাতৃয়ে গহনা বিক্ৰী কৰিছিল-

পিতৃয়ে জুৰেলে ক্ৰিকেট খেলাৰ প্ৰতি সমৰ্থন দিয়া নাছিল ৷ কেৱল মাতৃ ইয়াৰ একমাত্ৰ সমৰ্থক আছিল ৷ 12 বছৰীয়া পুত্ৰই যেতিয়া ক্ৰিকেটৰ বেট বিচাৰিছিল তেতিয়া পিতৃয়ে কাশ্মীৰৰ উইলো বেট এখন আনি দিছিল ৷ কিন্তু ক্ৰিকেটৰ খেল কেৱল বেটেৰে খেলা নহয় ৷ পেড আৰু হেলমেটকে ধৰি সম্পূৰ্ণ কিটৰ প্ৰয়োজন ৷ জুৰেলে যেতিয়া কিট বিচাৰিছিলে, পিতৃয়ে সম্পূৰ্ণৰূপে এই অনুৰোধ নাকচ কৰিছিল ৷ তেতিয়া জুৰেলে ঘৰৰ পৰা ওলাই যোৱাৰ কথা ক’লে ৷ কিন্তু তেওঁৰ মাতৃয়ে গহনা বিক্ৰী কৰি ধ্ৰুৱক ক্ৰিকেট কিট কিনি দিয়ে ৷

এই সময়ত জুৰেলে সিদ্ধান্ত লৈছিল যে তেওঁ মাতৃৰ ত্যাগক অসাৰ হ’বলৈ নিদিয়ে ৷ আগ্ৰাত পেছাদাৰী ক্ৰিকেটৰ বিশেষ সুবিধা নাছিল ৷ সেয়ে তেওঁ নয়ডাৰ এখন ক্ৰিকেট একাডেমীত যোগদান কৰে ৷ জুৰেলে প্ৰতিদিনে আগ্ৰাৰ পৰা নয়ডালৈ প্ৰশিক্ষণৰ বাবে অহা-যোৱা কৰিবলৈ ধৰিলে, যিটো একেবাৰেই সহজ নাছিল ৷ এই সময়ত মাক-দেউতাকে আন এটা ত্যাগ কৰিলে আৰু জুৰেলৰ মাতৃ নয়ডালৈ গুছি অহাৰ বিপৰীতে পিতৃয়ে আগ্ৰাত চাকৰি অব্যাহত ৰাখিলে ৷

2019 ৰ 19 বছৰ অনুৰ্ধ এছিয়া কাপ চেম্পিয়ন অধিনায়ক-

জুৰেলৰ প্ৰশিক্ষক পাৰবিন্দৰ যাদৱে জুৰেলৰ প্ৰতিভা দেখি উইকেটকীপিং কৰিবলৈ পৰামৰ্শ দিয়ে ৷ ঘৰুৱা পৰ্যায়ত উজ্জ্বল প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰি জুৰেলে চেম্পিয়ন খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰে ৷ 2019 চনৰ 19 ​​বছৰ অনুৰ্ধ এছিয়া কাপত টিম ইণ্ডিয়াৰ কমাণ্ড দিয়া হৈছিল আৰু তেওঁৰ অধিনায়কত্বত ভাৰত এছিয়ান চেম্পিয়ন হৈছিল ৷ ইয়াৰ পিছত তেওঁ আগ্ৰাত কেপ্তেইন ধ্ৰুৱ হিচাপে জনপ্ৰিয় হৈ পৰে ৷ 2020 চনৰ 19 ​​বছৰ অনুৰ্ধ বিশ্বকাপত জুৰেলক টিম ইণ্ডিয়াৰ সহ অধিনায়ক হিচাপে নিযুক্তি দিয়া হয় ৷

2022 চনত ৰাজস্থান ৰয়েলছত যোগদান-

2021 চনত তেওঁ উত্তৰ প্ৰদেশ দলৰ হৈ চৈয়দ মুস্তাক আলী ট্ৰফীত খেলিছিল, কিন্তু বিশেষ একো কৰিব পৰা নাছিল ৷ কিন্তু জুৰেলৰ নিৰ্ভীক বেটিঙে ৰাজস্থান ৰয়েলছক জয়ৰ দিশে আগুৱাই লৈ যায় ৷ আই পি এল 2022ৰ বাবে ৰাজস্থানে 20 লাখ টকাৰ ভিত্তি মূল্যত জুৰেলক ক্ৰয় কৰিছিল ৷ অৱশ্যে গোটেই ছিজনটো বেঞ্চত বহিবলগীয়া হৈছিল তেওঁ ৷ কিন্তু যেনেকৈ পানীৰ সোঁত বন্ধ কৰিব নোৱাৰি, একেদৰে কাৰোবাৰ প্ৰতিভাক দমন কৰিব নোৱাৰি ৷

2023 চনৰ আই পি এলত নিজৰ যাদু দেখুৱাইছিল-

অৱশেষত 2023 চনত আমি ধ্ৰুৱ জুৰাইলৰ প্ৰতিভা দেখিলৈ পাইছিলোঁ যেতিয়া পঞ্জাৱৰ বিৰুদ্ধে খেলখনত তেওঁ মাত্ৰ 15 টা বলত 3 টা চাৰি আৰু 2 টা ছয়ৰ সহায়ত 32 ৰান সংগ্ৰহ কৰিছিল ৷ হয়তো যোৱা বছৰো ধ্ৰুৱই কোনো সুযোগ নাপালেহেঁতেন যদিহে আই পি এলত ইমপেক্ট প্লেয়াৰৰ নিয়ম কাৰ্যকৰী নহ’লহেঁতেন ৷

ধ্ৰুৱৰ বিস্ফোৰক বেটিঙৰ উমান ল’ব পাৰি যে 2023 চনৰ আই পি এলত ধ্ৰুৱই 191 ৰানৰ ষ্ট্ৰাইক ৰেটত ৰান সংগ্ৰহ কৰি ৰাজস্থান ৰয়েলছৰ মিডল অৰ্ডাৰ শক্তিশালী কৰিছিল ৷ ইফালে এতিয়া টেষ্ট ক্ৰিকেটত টিম ইণ্ডিয়াক বিপদৰ পৰা মুক্ত কৰি জুৰেলে নিজৰ কৌশলো প্ৰমাণ কৰিলে ৷ এই পৰ্যন্ত প্ৰদৰ্শন অনুযায়ী জুৰেলে প্ৰমাণ কৰিলে যে তেওঁ উজ্জ্ব হৈ উঠিছে ৷ আমি মাত্ৰ প্ৰাৰ্থনা কৰোঁ যে ধ্ৰুৱ তৰা যেনেকৈ আকাশত জিলিকি থাকে তেনেকৈ ক্ৰিকেটত ধ্ৰুৱ জিলিকি থাকে ৷

লগতে পঢ়ক : ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলা জয়ৰ বাবে ভাৰতক প্ৰয়োজন 152 ৰাণৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.