মাদ্ৰিদ স্পেইন মাষ্টাৰ্ছ ২০২৪ৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত ভাৰতৰ পিভি সিন্ধু - Madrid Spain Masters 2024
Madrid Spain Masters: অলিম্পিকৰ পদক বিজয়ী পিভি সিন্ধুৱে মাদ্ৰিদ স্পেইন মাষ্টাৰ্ছ ২০২৪ৰ বেডমিণ্টনৰ কোৱাৰ্টাৰ ফাইনেলত পৰাজয়ৰ সন্মুখীন হয় । শুকুৰবাৰে মহিলাৰ একক মেচত পিভি সিন্ধুৱে থাইলেণ্ডৰ সুপানীদা কাটেথঙৰ বিৰুদ্ধে ২৬-২৪, ১৭-২১, ২০-২২ ছেটত পৰাস্ত হয় ।

Published : March 30, 2024 at 1:16 PM IST
নিউজ ডেস্ক, ৩০ মাৰ্চ: মাদ্ৰিদ স্পেইন মাষ্টাৰ্ছ ছুপাৰ ৩০০ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলা একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হ’ল ভাৰতৰ পিভি সিন্ধু । কঠিন প্ৰত্যাহ্বান দাঙি ধৰিলেও ভাৰতীয় ছাটলাৰগৰাকীয়ে শুকুৰবাৰে থাইলেণ্ডৰ সুপানীদা কেথঙৰ বিৰুদ্ধে পৰাজয় বৰণ কৰে । যোৱা বছৰ এই প্ৰতিযোগিতাখনৰ ৰানাৰ্ছ আপ আছিল সিন্ধু । তেওঁ প্ৰথমখন খেলতে বহু গেম পইণ্ট ৰক্ষা কৰিছিল যদিও ইয়াৰ পিচতো থাইলেণ্ডৰ ষষ্ঠ স্থানৰ খেলুৱৈগৰাকীৰ হাতত ২৪-২৬, ২১-১৭, ২২-২০ চেটত পৰাস্ত হয় ।
স্পেইনৰ কেৰ’লিনা মেৰিনে প্ৰত্যাহাৰৰ পিচত খিতাপৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত হোৱা দুবাৰৰ অলিম্পিক পদক বিজয়ী সিন্ধুৱে অৱশেষত ধৈৰ্য্য হেৰুৱাই ক’ৰ্টত নিজৰ ৰেকেটেৰে আঘাত কৰে, যাৰ বাবে চেয়াৰ আম্পায়াৰে তেওঁক হালধীয়া কাৰ্ড দেখুৱায় । অসদাচাৰণৰ বাবে সতৰ্কবাণী দিবলৈ হালধীয়া কাৰ্ড দিয়া হয় ।
ভাৰতীয় এন চিকি ৰেড্ডী আৰু বি সুমিত ৰেড্ডীৰ যুটিয়ে চতুৰ্থ স্থানৰ ইণ্ডোনেছিয়ান যুটি ৰেহান নোফাল কুছাৰজাণ্টো আৰু লিজা আয়ু কুসুমৱতীক ১৪-২১ ২১-১১ ২১-১৭ ছেটত পৰাস্ত কৰি মিক্সড ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে ।
তৃতীয় স্থানৰ মহিলা ডাবলছ যুটি তানিছা ক্ৰাষ্টো আৰু অশ্বিনী পন্নাপ্পাই অৱশ্যে কোৱাৰ্টাৰ ফাইনেলত ষষ্ঠ স্থানৰ চাইনীজ টাইপেই যুটি লি চিয়া ছিন আৰু টেং চুন ছানৰ বিৰুদ্ধে ১৩-২১ ১৯-২১ ছেটত পৰাস্ত হয় । বিশ্বৰ ১৭ নম্বৰ সুপানীদাৰ বিৰুদ্ধে আঠখন খেলৰ ভিতৰত ৫ খন মেচত জয়ী হোৱাৰ লগতে বিগত দুবছৰত দুয়োগৰাকী খেলুৱৈৰ মাজত কিছু ৰোমাঞ্চকৰ মেচ খেলিছে ।
সিন্ধুৰ আৰম্ভণি লেহেমীয়া হৈছিল আৰু অতি সোনকালেই ৩-৭ ছেটত পিছ পৰিল । অৱশ্যে ইয়াৰ পিছত ভাৰতীয় খেলুৱৈগৰাকীয়ে পুনৰ উভতি আহি ১৪-১০ ছেটত অগ্ৰগতি লাভ কৰে যদিও সুপানীদাই পুনৰ গতি লাভ কৰি দুটা গেম পইণ্ট লাভ কৰে যেতিয়া সিন্ধুৱে নেটত শ্বট মাৰে । একেৰাহে দুটা স্মাছ কৰি সিন্ধুৱে সমতা অৰ্জন কৰে । ইয়াৰ পিছতে সিন্ধুৱে গেম পইণ্ট লাভ কৰে যদিও নেটত ভুল কৰি খেলখন জয়ৰ সুযোগ হেৰুৱাই পেলায় ।
ইয়াৰ পিছত স্ক’ৰ ২৩-২৩ আৰু তাৰ পিছত ২৪-২৪ হয় । ৰেলীৰ অন্তত বাহিৰত শ্বট মাৰি সুপনিদাই সিন্ধুক গেম পইণ্ট দিলে আৰু থাইলেণ্ডৰ খেলুৱৈগৰাকীয়ে নেটত ভুল কৰি খেলখন ভাৰতীয় খেলুৱৈগৰাকীৰ হাতত তুলি দিয়ে । দ্বিতীয়খন খেলত সুপনিদাই ভাল প্ৰদৰ্শন কৰিছিল আৰু সেইখন জয় কৰি মেচখন তৃতীয় আৰু নিৰ্ণায়ক খেললৈ লৈ যোৱাৰ কোনো সমস্যা নাছিল ।
তৃতীয়খন খেলত সিন্ধুৱে ভাল আৰম্ভণি কৰি ১০-৫ ছেটত অগ্ৰগতি লাভ কৰে যদিও সুপানীদাই একেৰাহে ৫ পইণ্টেৰে জয়লাভ কৰি ১৪-১২ ছেটত অগ্ৰগতি লাভ কৰে । থাইলেণ্ডৰ খেলুৱৈগৰাকীয়ে ৫টা মেচ পইণ্ট হেৰুৱাইছিল । অৱশ্যে সিন্ধুৱে পাঁচোটা পইণ্ট ৰক্ষা কৰি কামবেক কৰি ২০-২০ত স্ক’ৰ কৰে যদিও ইয়াৰ পিছত দুটা সাধাৰণ ভুল কৰি মেচখন পৰাস্ত হয় ।
লগতে পঢ়ক: ঘৰুৱা খেলপথাৰত একেৰাহে ষষ্ঠবাৰৰ বাবে বেংগালুৰুক পৰাস্ত কৰিলে কলকাতাই - KKR vs RCB IPL 2024

