ETV Bharat / sports

ঘৰুৱা খেলপথাৰত একেৰাহে ষষ্ঠবাৰৰ বাবে বেংগালুৰুক পৰাস্ত কৰিলে কলকাতাই - KKR vs RCB IPL 2024

author img

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 11:59 AM IST

KKR VS RCB IPL 2024
KKR VS RCB

KKR VS RCB: আৰচিবি আৰু কেকেআৰৰ মাজত শুকুৰবাৰে অনুষ্ঠিত হয় দশমখন খেল । এই খেলখনত চিন্নাস্বামীত একেৰাহে ষষ্ঠবাৰৰ বাবে আৰচিবিক পৰাস্ত কৰিছে কলকাতাই । মেচখনৰ বিশেষ কথাবোৰ জানি লওক...

নিউজ ডেস্ক, ৩০ মাৰ্চ : শুকুৰবাৰে কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হয় আই পি এল 2024 ৰ দশমখন খেল । এই খেলখনত কলকাতাই ১৯টা বল বাকী থকা অৱস্থাত ৭ উইকেটত জয়লাভ কৰে । কলকাতাই এই মেচত জয়ী হৈ আই পি এলৰ বাবে ভাল আৰম্ভণি কৰিছে ।

দলটোৱে এতিয়ালৈকে দুয়োখন মেচতে জয়লাভ কৰিছে । কলকাতাই নিজৰ ঘৰুৱা খেলপথাৰত একেৰাহে ষষ্ঠবাৰৰ বাবে বেংগালুৰুক পৰাস্ত কৰিছে । প্ৰথমে বেটিং কৰি বেংগালুৰুৱে ১৮২ ৰান সংগ্ৰহ কৰে । কিন্তু এই লক্ষ্য ১৬.৫ অভাৰত ৩ উইকেট হেৰুৱাই কেকেআৰে অতিক্ৰম কৰে ।

টছত জয়লাভ কৰে কলকাতাৰ অধিনায়ক শ্ৰেয়াছ আয়েৰে । টছত জয়ী হোৱাৰ পিছত আয়াৰে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । কিন্তু আয়াৰে দলটোক পাহৰি গ’ল । কোনজন খেলুৱৈয়ে দলত যোগদান কৰিছে আৰু কাক বাদ দিয়া হৈছে তেওঁ নাজানিছিল । ইয়াৰ পিচত আয়াৰে ক’লে যে মোক দুখন তালিকা দিয়া হৈছে, কোনখন তালিকা শুদ্ধ সেই বিষয়ে মই বিভ্ৰান্ত হৈ পৰিছো ।

কলকাতাৰ বিৰুদ্ধে বিৰাট কোহলীয়ে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ৫৯ টা বলত ৮৩ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল । এই আই পি এলত কোহলীৰ এয়া একেৰাহে দ্বিতীয়টো অৰ্ধশতক । কিন্তু কোহলীৰ এই ইনিংছ অসাৰ হৈ ৰ’ল । কাৰণ বেংগালুৰুৱে মেচখনত ৭ উইকেটত পৰাস্ত হয় । কোহলীয়ে নিজৰ ইনিংছত ৪টা ছয় আৰু ৪টা চাৰিটা কোবায় । ইয়াৰ লগে লগে বিৰাট কোহলি ১৮১ ৰানেৰে অৰেঞ্জ কেপধাৰী হিচাপে পৰিগণিত হৈছে ।

বেংগালুৰুৰ পৰা বিজয় কাঢ়ি লোৱাৰ কাম কলকতাৰ হৈ ভেংকটেশ আয়েৰ আৰু স্পিনাৰ সুনীল নাৰায়ণে কৰিলে । অ’পেনাৰ হিচাপে অহা সুনীল নাৰায়ণে ২০ টা বলত ৪৭ ৰান সংগ্ৰহ কৰে । য’ত ৫ টা ছয় আৰু ২ টা চাৰিটা অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে ভেংকটেশে ৩০টা বলৰ ইনিংছত ৪টা ছয় আৰু তিনিটা চাৰি কোবায় । ইয়াৰ বাহিৰেও শ্ৰেয়াছ আয়াৰে ২৪টা বলত ৩৯ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ।

এই মেচখনৰ পূৰ্বে গৌতম গম্ভীৰ আৰু বিৰাট কোহলী ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিংত আছিল । কাৰণ, ইয়াৰ পূৰ্বেও বহুবাৰ খেলপথাৰত দুয়োগৰাকী খেলুৱৈৰ মাজত উত্তপ্ত তৰ্ক-বিতৰ্ক হৈছিল । কিন্তু আজি খেলৰ অন্তত গৌতম গম্ভীৰে বিৰাট কোহলীক তেওঁৰ ইনিংছৰ বাবে অভিনন্দন জনোৱাৰ লগতে দুয়োজন খেলুৱৈয়েও ইজনে সিজনক সাৱটি ধৰে ।

লগতে পঢ়ক: IPL 2024 ৰ দ্বিতীয়খন মেচত জয় ৰাজস্থান ৰয়েলছৰ; ৰিয়ান-বাৰ্গাৰৰ উজ্জ্বল প্ৰদৰ্শন - RR beat DC

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.