ETV Bharat / sports

IPL 2024 ৰ দ্বিতীয়খন মেচত জয় ৰাজস্থান ৰয়েলছৰ; ৰিয়ান-বাৰ্গাৰৰ উজ্জ্বল প্ৰদৰ্শন - RR beat DC

author img

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 1:12 PM IST

IPL 2024
RR BEAT DC

IPL 2024: বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ মাজৰ খেলখনত বেটে-বলে উজলিল ৰাজস্থানৰ খেলুৱৈ । বেটিঙত ৰিয়ান পৰাগে বিস্ফোৰক প্ৰদৰ্শন আগবঢ়োৱাৰ বিপৰীতে বলিঙত নন্দ্ৰে বাৰ্গাৰ আৰু আৱেশ খানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

নিউজ ডেস্ক, ২৯ মাৰ্চ: আই পি এলৰ অষ্টমখন খেলত বৃহস্পতিবাৰে ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হয় । এই মেচখনত জয়লাভ কৰি ৰাজস্থান ৰয়েলছে ৪ পইণ্ট লাভ কৰাৰ বিপৰীতে আই পি এলৰ প্ৰথম দুখন মেচত পৰাজয়ৰ সন্মুখীন হৈছে দিল্লী কেপিটেলছ । ১০০ সংখ্যক মেচ খেলা ঋষভ পন্তেও এই মেচত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে ।

যেতিয়া ৰাজস্থানে প্ৰথমে বেটিং কৰিবলৈ আহিছিল, তেতিয়া তেওঁলোকৰ আৰম্ভণি আছিল অতি হতাশাজনক । দলটোৰ বিপজ্জনক টপ অৰ্ডাৰে ভাল প্ৰদৰ্শন নকৰাকৈয়ে পেভিলিয়নলৈ উভতি যাব লগা হয় । দলটোৱে ৯ অভাৰত মাত্ৰ ৪৬ ৰানহে কৰিবলৈ সক্ষম হৈছিল য’ত ৩ টা গুৰুত্বপূৰ্ণ উইকেটৰ পতন ঘটিছিল ।

ইয়াৰ পাচতে বেটিং কৰিবলৈ অহা অশ্বিনে এটা অভাৰত ২ টা ছয় কোবায় ৷ তাৰ পাচত অশ্বিনে ১৯ টা বলত ২৯ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে । খেলখনৰ ১৪ অভাৰলৈকে ৰিয়ান পৰাগে ২৬ টা বলত ২৬ ৰান সংগ্ৰহ কৰি আছিল ।

২৫ টা বলত ২৬ ৰান সংগ্ৰহ কৰি ক্ৰীজত থিয় হৈ থকা পৰাগে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই পৰৱৰ্তী ১৯ টা বলত ৫৮ ৰান সংগ্ৰহ কৰে । এই ইনিংছত তেওঁ ৬ টা ছয় আৰু ৭টা চাৰি কোবায় ৪৫ টা বলত অপৰাজিত ৮৪ ৰান সংগ্ৰহ কৰে ।

শেষৰ অভাৰত দিল্লীৰ গুৰুত্বপূৰ্ণ বেগী বলাৰ নৰ্খ্যাৰ বলত ৰিয়ান পৰাগে ২৫ ৰান সংগ্ৰহ কৰে ৷ য’ত ৩টা চাৰি, ২টা ছয় আৰু এক ৰান আছিল । পৰাগৰ উজ্জ্বল ইনিংছৰ বাবেই ৰাজস্থানে ১৮৫ ৰানৰ শক্তিশালী স্ক’ৰ কৰিবলৈ সক্ষম হৈছিল ।

ৰাজস্থান ৰয়েলছৰ হৈ বিকল্প খেলুৱৈ হিচাপে বলিং কৰিবলৈ অহা নন্দ্ৰে বাৰ্গাৰে উজ্জ্বল বলিং কৰে । বাৰ্গাৰে প্ৰথম অভাৰত ১৩ ৰান দিয়ে । ইয়াৰ পিচত যেতিয়া তেওঁ বল কৰিবলৈ আহিছিল ৷ তেতিয়া বাৰ্গাৰে দ্বিতীয়টো বলত মিচেল মাৰ্ছক আউট কৰিছিল । ইয়াৰ পিচত ৰিকি ভূইক বাউন্সাৰ সহায়ত কেট আউট কৰে । খেলখনত বাৰ্গাৰে ২টা উইকেট দখল কৰে ।

শেষত দিল্লী কেপিটেলছক জয়ী হ’বলৈ ১ অভাৰত ১৭ ৰানৰ প্ৰয়োজন হৈছিল । দলটোৰ বিপজ্জনক বেটছমেন ষ্টাবছ ক্ৰীজত থিয় হৈ আছিল । আৱেশ খানে সুন্দৰ ইয়ৰ্কাৰ বলিং কৰি সেই অভাৰত মাত্ৰ ৪ ৰানহে দিছিল আৰু ৰাজস্থানক ১২ ৰাণত জয়ী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । খেলখনত যুজবেন্দ্ৰ চাহালে ২ টা আৰু আৱেশ খানে এটা উইকেট দখল কৰে ।

লগতে পঢ়ক : তিনিদিন ধৰি মই অসুস্থতাৰে যুঁজিছিলো- ৰাজস্থানক জয়ৰ সোৱাদ দি ক'লে ৰিয়ান পৰাগে - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.