ETV Bharat / sports

জেমছ এণ্ডাৰছনৰ ইতিহাস সৃষ্টি; 700 টেষ্ট উইকেট দখলকাৰী প্ৰথম পেচাৰৰ অভিলেখ

author img

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 12:58 PM IST

জেমছ এণ্ডাৰছনৰ ইতিহাস সৃষ্টি
জেমছ এণ্ডাৰছনৰ ইতিহাস সৃষ্টি

James Anderson Test Records : জেমছ এণ্ডাৰছনে শনিবাৰে ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত পঞ্চম টেষ্টৰ তৃতীয়দিনা ৭০০ টেষ্ট উইকেটৰ মাইলৰ খুঁটি স্থাপন কৰি ইতিহাস সৃষ্টি কৰে । এণ্ডাৰছনে কুলদীপ যাদৱক আউট কৰি এই অভিলেখ ৰচে । লগতে তেওঁ এই মাইলৰ খুঁটিত উপনীত হোৱা বিশ্বৰ প্ৰথম পেচাৰ হিচাপে পৰিগণিত হয় ।

স্পৰ্টছ ডেস্ক, ৯ মাৰ্চ : ভাৰত-ইংলেণ্ড চলিত টেষ্ট শৃংখলাৰ ধৰ্মশালাত অনুষ্ঠিত পঞ্চম টেষ্টত ইংলেণ্ডৰ অভিজ্ঞ বলাৰ জেমছ এণ্ডাৰছনে ৭০০ টেষ্ট উইকেট দখল কৰা বিশ্বৰ প্ৰথমগৰাকী পেচাৰ হিচাপে পৰিগণিত হয় । আনহাতে, এই ঐতিহাসিক ক্ষণত সামগ্ৰিকভাৱে তেওঁ হৈছে ৭০০ বা ততোধিক উইকেট দখল কৰা তৃতীয়গৰাকী বলাৰ ।

ভাৰতৰ ইনিংছৰ ১২৪ নম্বৰ অভাৰত এণ্ডাৰছনে চতুৰ্থটো বলত কুলদীপ যাদৱক পেভিলিয়নলৈ ওভতাই পঠাই এই কৃতিত্বৰ অধিকাৰী হয় । উল্লেখ্য যে বল দুয়োফালে চুইং কৰা আৰু বেটছমেনক অসুবিধাত পেলোৱাৰ সামৰ্থ্যৰ বাবে এণ্ডাৰছন বিখ্যাত । নতুন বলেৰে জ্যেষ্ঠ বলাৰগৰাকী শৃংখলাটোত উজলি আছে । এণ্ডাৰছনে ৭০০ টেষ্ট উইকেট দখল কৰি এই শ্ৰেণীৰ অভিজাত ক্লাবত যোগদান কৰে । এই ক্লাবত ইতিমধ্যে কিংবদন্তি স্পিনাৰ মুথিয়া মুৰলীধৰণ (৮০০) আৰু শ্বেন ৱাৰ্ণ (৭০৮) অন্তৰ্ভুক্ত হৈ আছে ।

৪১ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে তেওঁৰ সুদীৰ্ঘ ২১ বছৰীয়া কেৰিয়াৰৰ ১৮৭ সংখ্যক 'ৰেড বল মেচ'ত এই বিৰল কৃতিত্ব অৰ্জন কৰে । লক্ষণীয়ভাৱে, এইটো হৈছে তেওঁৰ ভাৰতলৈ সপ্তম টেষ্ট ভ্ৰম ণ। ভাৰতৰ বিৰুদ্ধে খেলি সোঁহতীয়া পেচাৰগৰাকীয়ে 148 টা উইকেট লাভ কৰে । ৪১ বছৰীয়া খেলুৱৈগৰাকীয়ে ২০০৩ চনত জিম্বাবোৱেৰ বিৰুদ্ধে তেওঁৰ টেষ্ট কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰাৰ পিছত তেওঁ বহুদূৰ আগবাঢ়ি গৈছে । বৰ্তমান তেওঁ হৈছে টেষ্ট ক্ৰিকেট খেলি থকা ক্ৰিকেটাৰসকলৰ ভিতৰত আটাইতকৈ জ্যেষ্ঠ ।

চলিত শৃংখলাত পেচাৰজনক প্ৰথমখন মেচত বিশ্ৰাম দিয়া হৈছিল । ইয়াৰ পিছত দ্বিতীয় আৰু তৃতীয় টেষ্টত তেওঁ মূল একাদশলৈ উভতি আহে । উল্লেখ্য যে ইমান বয়সৰ পিছতো পেচাৰগৰাকী এতিয়াও শক্তিশালী হৈ আছে আৰু তেওঁৰ এই ফৰ্ম অব্যাহত থাকিলে অনাগত মাহবোৰত আৰু কেইটামান অভিলেখ ভাঙিবলৈ সক্ষম হ'ব ।

লগতে পঢ়ক :ফ্ৰেঞ্চ অপেনত কোৱাৰ্টাৰ ফাইনেলত থমকিল পিভি সিন্ধু; ছেমি ফাইনেললৈ অগ্ৰসৰ লক্ষ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.