ETV Bharat / sports

ফ্ৰেঞ্চ অপেনত কোৱাৰ্টাৰ ফাইনেলত থমকিল পিভি সিন্ধু; ছেমি ফাইনেললৈ অগ্ৰসৰ লক্ষ্য

French Open Badminton 2024 : আঘাতৰ পিছত সিন্ধুৰ এইখন হৈছে প্ৰথম বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেচন (বিডব্লিউএফ) ইভেণ্ট । তেওঁ পূৰ্বৰ ৰাউণ্ডত কানাডাৰ মিচ্চেল লি আৰু আমেৰিকাৰ বেইৱেন ঝাঙৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিছিল ।

ফ্ৰেঞ্চ অপেনত কোৱাৰ্টাৰ ফাইনেলত থমকিল পিভি সিন্ধু
ফ্ৰেঞ্চ অপেনত কোৱাৰ্টাৰ ফাইনেলত থমকিল পিভি সিন্ধু
author img

By ANI

Published : March 9, 2024 at 10:54 AM IST

2 Min Read
Choose ETV Bharat

স্পৰ্টছ ডেস্ক, ৯ মাৰ্চ : দুবাৰৰ অলিম্পিক স্বৰ্ণ পদক বিজয়ী ভাৰতীয় শ্বাটলাৰ পিভি সিন্ধুৰ চলিত ফ্ৰেঞ্চ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ দৌৰ সমাপ্ত হৈছে । মহিলাৰ একক কোৱাৰ্টাৰ ফাইনেলত অলিম্পিক চেম্পিয়ন চেন য়ু ফেইৰ হাতত পৰাস্ত হৈ তেওঁৰ অভিযান স্তব্ধ হয় ।

শুকুৰবাৰে মেচখনত প্ৰথম গেমত জয়লাভৰ পিছত বিশ্বৰ ১১ নম্বৰ স্থানৰ ভাৰতীয় খেলুৱৈগৰাকীয়ে পৰৱৰ্তী দুটা গেমত বিশ্বৰ দ্বিতীয় স্থানৰ চীনৰ শ্বাটলাৰগৰাকীৰ হাতত পৰাস্ত হয় । ৯২ মিনিটৰ মেচখনত ২৪-২২, ১৭-২১, ১৮-২১ ব্যৱধানত তেওঁ পৰাস্ত হয় ।

ফ্ৰেঞ্চ অপেনত সিন্ধুৰ এইটো আছিল তিনিটা পোনপটীয়া গেমৰ মেচ । আনহাতে, আঘাতৰ পিছত তেওঁৰ এইখন হৈছে প্ৰথম বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেচন (বিডব্লিউএফ) ইভেণ্ট । তেওঁ পূৰ্বৰ ৰাউণ্ডত কানাডাৰ মিচ্চেল লি আৰু আমেৰিকাৰ বেইৱেন ঝাঙৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিছিল ।

শুকুৰবাৰে মেচখনৰ পিছত ২৮ বছৰীয়া সিন্ধুয়ে কয়, "আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল মানসিক আৰু শাৰীৰিকভাৱে ১০০ শতাংশ সুস্থ হৈ থকা আৰু লগতে আঘাতমুক্ত হৈ থকা ।"

"মই সুখী যে মই কোৰ্টলৈ ঘূৰি আহিছোঁ আৰু ভাল খেলিছোঁ । মই ভাবোঁ সামগ্ৰিক প্ৰতিযোগিতাখন মোৰ বাবে ভাল হৈছে । মই সঁচাকৈয়ে অলিম্পিকৰ সময়ত ইয়াত পুনৰ খেলিবলৈ বাট চাই আছোঁ ।" সিন্ধুৱে লগতে কয় ।

বৰ্তমান সিন্ধুৱে অহা সপ্তাহত আৰম্ভ হ'বলগীয়া অল ইংলেণ্ড অপেনৰ প্ৰতি মনোযোগ দিব ।

আনহাতে, পুৰুষৰ দ্বৈত প্ৰতিযোগিতাত স্বাত্বিকসাইৰাজ ৰাঙ্কিৰেড্ডী আৰু চিৰাগ শেট্টীৰ শীৰ্ষ স্থানপ্ৰাপ্ত যুটিটোৱে দুখন মেচত থাইলেণ্ডৰ ৩২ সংখ্যক স্থানপ্ৰাপ্ত চুপাক জোমকোহ আৰু কিটিনুপং কেড্ৰেনৰ বিৰুদ্ধে ২১-১৯, ২১-১৩ ব্যৱধানত জয়লাভ কৰি ছেমিফাইনেলত উপনীত হয় । প্ৰতিযোগিতাখনৰ ২০২২ চনৰ চেম্পিয়ন যুটুটোৱে বৰ্তমানৰ বিশ্ব চেম্পিয়ন কাং মিন হিউক আৰু কোৰিয়া গণৰাজ্যৰ চেও চেউং জেকৰ বিৰুদ্ধে অন্তিম চাৰিত মুখামুখী হ'ব ।

ইফালে পুৰুষৰ একক শাখাত লক্ষ্য সেনে ছিংগাপুৰৰ লোহ কেন য়ুৰ বিৰুদ্ধে ১৯-২১, ২১-১৫, ২১-১৩ ব্যৱধানত এক অবিশ্বাস্য বিজয় সাব্যস্ত কৰি ছেমিফাইনেলত উপনীত হয় । ৭৬ মিনিটৰ এই মেচখনৰ পিছত লক্ষ্যই বৰ্তমানৰ বিশ্ব চেম্পিয়ন থাইলেণ্ডৰ কুণ্লাভুত ভিটিডচাৰ্ণৰ মুখামুখী হ'ব । আঙুলিৰ আঘাত সত্ত্বেও লক্ষ্য সেনে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হয় ।

লগতে পঢ়ক :ভাৰতৰ হৈ প্ৰথম অলিম্পিক বক্সিঙলৈ যোগ্যতা অৰ্জন নিশান্তৰ; পৰাস্ত শিৱ থাপা