ETV Bharat / sports

ভাৰতৰ হৈ প্ৰথম অলিম্পিক বক্সিঙলৈ যোগ্যতা অৰ্জন নিশান্তৰ; পৰাস্ত শিৱ থাপা

author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 5:35 PM IST

Indian Boxer Nishant Dev : বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী নিশান্ত দেৱে প্ৰথম অলিম্পিক বক্সিং কোৱালিফায়াৰত ব্ৰিটিছ বক্সাৰ লুইছ ৰিচাৰ্ডছনৰ বিৰুদ্ধে ৩-১ পইণ্টৰ ব্যৱধানত বিজয়েৰে ভাৰতৰ একাউণ্ট মুকলি কৰে । অৱশ্যে অভিজ্ঞ বক্সাৰ অসমৰ শিৱ থাপাই বুধবাৰে পৰাজয়বৰণ কৰিবলগা হয় ।

ভাৰতৰ হৈ প্ৰথম অলিম্পিক বক্সিঙলৈ যোগ্যতা অৰ্জন নিশান্তৰ
ভাৰতৰ হৈ প্ৰথম অলিম্পিক বক্সিঙলৈ যোগ্যতা অৰ্জন নিশান্তৰ

স্পৰ্টছ ডেস্ক, ৬ মাৰ্চ : প্ৰথম বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰত জয়লাভ ভাৰতৰ নিশান্ত দেৱৰ । ইটালীৰ বুষ্টো আৰ্চিজিঅ'ত ব্ৰিটিছ বক্সাৰ লুইছ ৰিচাৰ্ডছনৰ বিৰুদ্ধে ৩-১ পইণ্টৰ ৰোমাঞ্চকৰ জয়েৰে অভিযান আৰম্ভ কৰে বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী নিশান্ত দেৱে ।

পুৰুষৰ ৭১ কিলোগ্ৰাম শাখাত নিশান্তে কমনৱেলথ গেমছৰ ব্ৰঞ্জ পদক বিজয়ী ৰিচাৰ্ডছনৰ বিৰুদ্ধে থিতাপি ল'বলৈ বেছি সময় লোৱা নাছিল । আৰম্ভণিৰে পৰা তেওঁ আক্ৰমণাত্মক ৰূপ লয় আৰু প্ৰথম ৰাউণ্ডত ৪-১ ব্যৱধানত বিজয়ী হয় । ২৩ বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকীয়ে তেওঁৰ দীঘলীয়া পাঞ্চিঙেৰে দ্বিতীয় ৰাউণ্ডত আৰু অধিক প্ৰভাৱশালী হৈ পৰে আৰু দ্বিতীয় ৰাউণ্ডটোও ৫-০ ব্যৱধানত অনায়াসে হস্তগত কৰে ।

তেওঁ তৃতীয় ৰাউণ্ডতো নিয়ন্ত্ৰিত প্ৰদৰ্শন আগবঢ়ায় আৰু অৱশেষত বিজয়ৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ।

আনহাতে, ছয়বাৰৰ এছিয়ান চেম্পিয়নশ্বিপ পদক বিজয়ী শিৱ থাপা (৬৩.৫ কিলোগ্ৰাম) বিশ্ব চেম্পিয়ন উজবেকিস্তানৰ ৰুছলান আব্দুল্লায়েভৰ বিৰুদ্ধে কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হয় । ৰুছলানে তেওঁৰ নিৰ্দিষ্ট পাঞ্চেৰে তেওঁৰ খ্যাতি ৰক্ষা কৰি একাধিকবাৰ শিৱৰ প্ৰতিৰক্ষাত আঘাত হানে । যাৰ ফলত ভাৰতীয় বক্সাৰগৰাকী আৰম্ভণিৰে পৰাই প্ৰতিৰক্ষামূলক খেললৈ যাবলৈ বাধ্য হয় । প্ৰথম ৰাউণ্ডত ৰেফাৰীয়ে প্ৰতিযোগিতা বন্ধ কৰাৰ পূৰ্বে আব্দুল্লায়েভে তেওঁৰ আক্ৰমণাত্মক প্ৰদৰ্শন অব্যাহত ৰখাৰ বাবে শিৱ থাপাৰ প্ৰতিৰক্ষামূলক দৃষ্টিভংগী বেছি সময় স্থায়ী হোৱা নাছিল ।

ইফালে ৰাষ্ট্ৰীয় চেম্পিয়ন লক্ষ্য চাহাৰেও (৮০ কিলোগ্ৰাম) এছিয়ান চেম্পিয়নশ্বিপৰ প্ৰাক্তন ৰূপৰ পদক বিজয়ী ইৰাণৰ ঘেশলাঘি মেইচামৰ বিৰুদ্ধে পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয় । প্ৰথম ৰাউণ্ডত ২-৩ ব্যৱধানত পিছপৰি ৰোৱাৰ পিছত লক্ষ্যই দ্বিতীয় ৰাউণ্ডত ভালদৰে যুঁজ দিছিল আৰু চূড়ান্ত ৰাউণ্ডতো ভাল প্ৰদৰ্শন কৰিছিল । অৱশ্যে ইৰাণীয়ান বক্সাৰগৰাকীয়ে মাত্ৰ 20 ছেকেণ্ড বাকী থকা অৱস্থাত বিজয় সাব্যস্ত কৰে ।

ইয়াৰ উপৰি কমনৱেলথ গেমছ, ২০২২-ৰ ব্ৰঞ্জ পদক বিজয়ী জেচমিনেও (৬০ কিলোগ্ৰাম) জাপানৰ আয়াকা টাগুচিৰ বিৰুদ্ধে ০-৫ ব্যৱধানত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয় ।

আনহাতে, বুধবাৰে নিশা যুৱ বিশ্ব চেম্পিয়ন তথা অসমৰ প্ৰতিভাসম্পন্ন বক্সাৰ অংকুশিতা বড়ো (৬৬ কিলোগ্ৰাম) ফ্ৰান্সৰ চনভিকো এমিলিৰ মুখামুখী হ'ব । লগতে ৰাষ্ট্ৰীয় চেম্পিয়ন সঞ্জিতে (৯২ কিলোগ্ৰাম) কাজাখস্তানৰ আইবেক অৰেলবেৰ বিৰুদ্ধে খেলিব ।

উল্লেখ্য যে প্ৰথম বিশ্ব অলিম্পিক বক্সিং অৰ্হতা অৰ্জন প্ৰতিযোগিতাখনত 590-ৰো অধিক বক্সাৰে অংশগ্ৰহণ কৰিছে । 2024 পেৰিছ অলিম্পিকত অংশগ্ৰহণৰ যোগ্যতা অৰ্জনৰ বাবে আয়োজন কৰা এই প্ৰতিযোগিতাত পুৰুষৰ 28 আৰু মহিলাৰ 21 টাসহ মুঠ 49 টা কোটাত প্ৰতিযোগিতা অনুষ্ঠিত হৈছে । আনহাতে, 23 মে'ৰ পৰা 3 জুনলৈ বেংককত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় বিশ্ব অৰ্হতা টুৰ্ণামেণ্টৰ জৰিয়তে 45-51 গৰাকী বক্সাৰে যোগ্যতা অৰ্জন কৰিব ।

ভাৰতে ইতিমধ্যে পেৰিছ অলিম্পিক, ২০২৪-ৰ বাবে চাৰিটা কোটা লাভ কৰিছে । ইয়াত নিখাত জাৰিন (৫০ কিলোগ্ৰাম), প্ৰীতি (৫৪ কিলোগ্ৰাম), পাৰবীন হুডা (৫৭ কিলোগ্ৰাম) আৰু লাভলীনা বৰগোহাঁয়ে (৭৫ কিলোগ্ৰাম) এছিয়ান গেমছত আকৰ্ষণীয় প্ৰদৰ্শনেৰে তেওঁলোকৰ যোগ্যতা নিশ্চিত কৰিছে ।

লগতে পঢ়ক :ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ ভাৰতীয় স্পিনাৰ শ্বাহবাজ নাদিমৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.