ETV Bharat / sports

5 মেচৰ টেষ্ট শৃংখলাৰ বাবে নৱেম্বৰত অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব ভাৰতে - India Australia Test Series 2024

author img

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 2:31 PM IST

নৱেম্বৰত অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব ভাৰতে
নৱেম্বৰত অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব ভাৰতে

Border Gavaskar Trophy : ভাৰতে পাঁচখন মেচৰ টেষ্ট শৃংখলাৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব । টেষ্ট শৃংখলাটো ২২ নৱেম্বৰত পাৰ্থত আৰম্ভ হ'ব । এডিলেইড, ব্ৰিছবেন, মেলবোৰ্ণ আৰু ছিডনীতো মেচ অনুষ্ঠিত হ'ব ।

স্পৰ্টছ ডেস্ক, ২৬ মাৰ্চ : ক্ৰিকেট অষ্ট্ৰেলিয়াই আগন্তুক গ্ৰীষ্মকালৰ বাবে তেওঁলোকৰ ঘৰুৱা সময়সূচী প্ৰকাশ কৰিছে । এই সময়সূচী অনুসৰি, ভাৰতীয় পুৰুষ দলটোৱে পাঁচখন মেচৰ টেষ্ট শৃংখলাৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব ।

উল্লেখ্য যে ১৯৯১-৯২ চনৰ গ্ৰীষ্মকালৰ পিছত প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়া আৰু ভাৰতে ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অংশ হিচাপে পাঁচখন মেচৰ শৃংখলাটোত অংশগ্ৰহণ কৰিব । এই শৃংখলাই দুয়োটা দলক অহা বছৰৰ আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত নিজৰ স্থান অধিক সুদৃঢ় কৰাৰ এক ভাল সুযোগ প্ৰদান কৰিব ।

উল্লেখ্য যে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলৰ ভ্ৰমণৰ পূৰ্বে পাকিস্তানে বগা বলৰ শৃংখলাৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব । ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাটো ২২ নৱেম্বৰত পাৰ্থত আৰম্ভ হ'ব । আনহাতে, নতুন বছৰৰ আৰম্ভণিলৈকে এডিলেইড (ডে-নাইট), ব্ৰিছবেন, মেলব'ৰ্ণ আৰু ছিডনীত পৰৱৰ্তী টেষ্টকেইখন অনুষ্ঠিত হ'ব ।

অষ্ট্ৰেলিয়াই ২০২৩ চনত অ'ভেলত শেহতীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (ডব্লিউটিচি) ফাইনেলত জয়লাভৰ পিচত কেংগাৰু দলটো আত্মবিশ্বাসী হৈ আছে । কিন্তু ঘৰৰ পৰা বাহিৰত একেৰাহে শৃংখলা জয়ৰ সুবাদত ভাৰতে ২০১৭ চনৰ পৰা আকাংক্ষিত ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী নিজৰ দখলত ৰাখিছে ।

ক্ৰিকেট অষ্ট্ৰেলিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া নিক হকলীয়ে এই বছৰৰ শেষৰ ফালে ভাৰতক অষ্ট্ৰেলিয়ালৈ স্বাগতম জনোৱাৰ বাবে অপেক্ষা কৰি থকা বুলি উল্লেখ কৰে আৰু সমপৰ্যায়ৰ দলবোৰৰ মাজত এক কঠিন প্ৰতিযোগিতাৰ ভৱিষ্যদ্বাণী কৰে ।

আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ (আইচিচি) এটা ৱেবছাইটত হকলীক উদ্ধৃত কৰি কোৱা হৈছে, "ক্ৰিকেট জগতৰ দৃষ্টিৰে ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী শৃংখলা আৰু বহু-ফৰ্মেটৰ মহিলা এছেজৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে এইটো ক্ৰিকেটৰ আটাইতকৈ প্ৰত্যাশিত গ্ৰীষ্মকাল ।"

"উপযুক্তভাৱে, ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ১৯৯১-৯২ চনৰ পিছত প্ৰথমবাৰৰ বাবে পাঁচখন টেষ্ট শৃংখলাৰ সৈতে এছেজৰ দৰে একে পৰ্যায়ত ৰখা হৈছে আৰু আমি নিশ্চিত যে সময়সূচীয়ে দৰ্শকৰ উপস্থিতি সৰ্বাধিক কৰিব আৰু সমগ্ৰ দেশৰ ষ্টেডিয়ামত এক উল্লাসিত পৰিৱেশ থাকিব ।" হকলীয়ে লগতে কয় ।

উল্লেখ্য যে পাকিস্তানৰ ভ্ৰমণে অষ্ট্ৰেলিয়াৰ ঘৰুৱা গ্ৰীষ্মকাল আৰম্ভ কৰিব । নৱেম্বৰৰ আৰম্ভণিতে এছিয়াৰ দলটোৱে তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ খেলিব ।

আনহাতে, ভাৰতৰ মহিলা দলটো পুৰুষ দলটোৰ দৰে একে সময়তে অষ্ট্ৰেলিয়াত থাকিব । ডিচেম্বৰৰ আৰম্ভণিতে তিনিখন এদিনীয়া খেল অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে । মঙলবাৰে ক্ৰিকেট অষ্ট্ৰেলিয়াই মহিলা সময়সূচী ঘোষণা কৰি কয় ।

অষ্ট্ৰেলিয়া বনাম ভাৰত টেষ্ট সময়সূচী :

প্ৰথম টেষ্ট : নৱেম্বৰ ২২-২৬, পাৰ্থ

দ্বিতীয় টেষ্ট : ডিচেম্বৰ ৬-১০, এডিলেইড (দিবা/নৈশ)

তৃতীয় টেষ্ট : ডিচেম্বৰ 14-18, ব্ৰিছবেন

চতুৰ্থ টেষ্ট : ডিচেম্বৰ ২৬-৩০, মেলব'ৰ্ণ

পঞ্চম টেষ্ট : জানুৱাৰী ৩-৭, ছিডনী

লগতে পঢ়ক :গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হ'ব আইপিএলৰ দুখন মেচ - IPL Match In Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.