ETV Bharat / sports

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হ'ব আইপিএলৰ দুখন মেচ - IPL match in Guwahati

author img

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 12:28 PM IST

IPL match in Guwahati
গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হ'ব আইপিএলৰ দুখন মেচ

IPL match in Guwahati: ৰাজস্থান ৰয়েলছৰ দ্বিতীয়খন ঘৰুৱা খেলপথাৰ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত চলিত আইপিএল ছিজনৰ ২খন মেচ অনুষ্ঠিত হ'ব । প্ৰথমখন ১৫ মে'ত আৰু দ্বিতীয়খন ১৯ মে'ত অনুষ্ঠিত হ'ব ।

স্পৰ্টছ ডেস্ক,২৬ মাৰ্চ : অসমৰ ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ । চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দুখনকৈ গুৰুত্বপূৰ্ণ মেচ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । ৰাজস্থান ৰয়েলছৰ দ্বিতীয়খন ঘৰুৱা খেলপথাৰ গুৱাহাটীত এতিয়া আইপিএল মেচ দুখনৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে । আইপিএলৰ সময়সূচী অনুসৰি অহা ১৫ মে'ত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত এইটো ছিজনৰ প্ৰথমখন মেচ অনুষ্ঠিত হ'ব । খেলখন ঘৰুৱা দল ৰাজস্থান আৰু পাঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হ'ব । একেদৰে ১৯ মে'ত ৰাজস্থান ৰয়েলছে বৰ্ষাপাৰাত কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব । এইখন ৰাজস্থান ৰয়েলছৰ এইবছৰৰ অন্তিম লীগ মেচ হ'ব ।

একেৰাহে দ্বিতীয়বাৰৰ বাবে গুৱাহাটীত আইপিএল মেচ অনুষ্ঠিত হোৱাক লৈ এতিয়া ৰাজ্যখনত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । অসম ক্ৰিকেট সন্থাইয়ো মেচকেইখন সফলভাৱে অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে । উল্লেখ্য যে ২০২৩ বৰ্ষৰ আইপিএল ছিজনত গুৱাহাটীত দুখন মেচ হৈছিল । ৰাজস্থান ৰয়েলছে পাঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলিছিল ।

ইয়াৰ মাজতে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে সোমবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৭ সংখ্যক সংস্কৰণৰ সম্পূৰ্ণ সূচী প্ৰকাশ কৰে । আই পি এলৰ এই সংস্কৰণটো মুঠ ৬৬ দিনৰ বাবে চলিব । ইয়াৰে ৪ দিনৰ খেল ইতিমধ্যে অনুষ্ঠিত হৈছে । গোটেই সংস্কৰণটোত মুঠ ৭৪ খন মেচ অনুষ্ঠিত হ'ব । য'ত মুঠ ১১ খন ডাবল হেডাৰ (১ দিনত দুখন মেচ) হ'ব । ইতিমধ্যে শনিবাৰ আৰু দেওবাৰে ২ খন ডাবল হেডাৰ হৈছে । আনহাতে চেন্নাইৰ চেপক ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ২০১৪ বৰ্ষৰ আইপিএলৰ চূড়ান্ত খেলখন ।

লগতে পঢ়ক :IPL 2024 ৰ সম্পূৰ্ণ সূচী প্ৰকাশ, কেতিয়া আৰু ক'ত খেলা হ'ব মেচসমূহ ? - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.