ETV Bharat / sports

চমকপ্ৰদ বেটিঙেৰে টেষ্ট ক্ৰিকেটত অভিলেখ ৰচিলে যুৱ অপেনাৰ যশস্বীয়ে

author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 2:08 PM IST

IND vs ENG
Yashasvi Jaiswal Records

Yashasvi Jaiswal Records: ইংলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাত যশস্বী জয়ছোৱালে অতিকৈ দৰ্শনীয় বেটিং কৰিছে । এই শৃংখলাত তেওঁ বহুকেইটা অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । এতিয়া তেওঁ ৰাহুল দ্ৰাবিড়ৰ অভিলেখ ভংগ কৰি বিৰাট কোহলীৰ সৈতে সমতা স্থাপন কৰিছে ।

নিউজ ডেস্ক, 26 ফেব্ৰুৱাৰী: টিম ইণ্ডিয়াৰ যুৱ অ’পেনিং বেটছমেন যশস্বী জয়ছৱালে শক্তিশালী প্ৰদৰ্শনৰ জৰিয়তে নিজৰ নামত এক ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেন বিৰাট কোহলীৰ বৃহৎ অভিলেখৰ সৈতে সমতা স্থাপন কৰিলে জয়ছৱালে । এতিয়া যশস্বীয়ে কোহলীৰ এই বিশাল অভিলেখ ভংগ কৰি ৭ মাৰ্চৰ পৰা ধৰ্মশালাত অনুষ্ঠিত হ’বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চমখন টেষ্ট মেচত ৰান সংগ্ৰহ কৰি তেওঁক অতিক্ৰম কৰাৰ সুযোগ পাব । ইয়াৰোপৰি জয়ছোৱালে টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড় আৰু বিজয় মাঞ্জৰেকাৰৰ বৃহৎ অভিলেখো ভংগ কৰিছে ।

আচলতে ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টেষ্ট শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনৰ তালিকাত যশস্বী জয়ছৱালে বিৰাট কোহলীৰ সৈতে সমতা স্থাপন কৰিছে । ইয়াৰ লগে লগে তেওঁ ৰাহুল দ্ৰাবিড় আৰু বিজয় মঞ্জৰেকাৰক পিচ পেলাই গৈছে । এই ৫খন মেচৰ শৃংখলাত এতিয়ালৈকে যশস্বীয়ে ৪ খন মেচৰ ৮ টা ইনিংছত ৬৫৫ ৰান সংগ্ৰহ কৰিছে । এই শৃংখলাৰ পৰা বাহিৰত থকা বিৰাট কোহলীৰো ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ৰাণ সংখ্যা একেই । ২০১৬ চনত ইংলেণ্ডৰ বিৰুদ্ধে এটা শৃংখলাত ৬৫৫ ৰান সংগ্ৰহ কৰিছল বিৰাটে ।

ভাৰত আৰু ইংলেণ্ডৰ মাজত টেষ্ট শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনসকল:

  • যশস্বী জয়ছোৱাল - ৰান ৬৫৫* (২০২৪)
  • বিৰাট কোহলী - ৰান ৬৫৫ (২০১৬)
  • ৰাহুল দ্ৰাবিড় - ৰান ৬০২ (২০০২)
  • বিজয় মঞ্জৰেকাৰ - ৰান ৫৮৬ (১৯৬১-৬২)

এই শৃংখলাত বেটিঙত যশস্বীয়ে আচৰিত ধৰণৰ প্ৰদৰ্শন আগবঢ়াইছে । তেওঁ এই পৰ্যন্ত ২টা দ্বিশতকো অৰ্জন কৰিছে । ইয়াৰ বাহিৰেও তেওঁ ২ টা অৰ্ধশতক অৰ্জন কৰিছে । এই সময়ছোৱাত তেওঁৰ গড় ৰান ৯৩.৫৭ আৰু ষ্ট্ৰাইক ৰেট ৭৮.৬৩ । তেওঁৰ সৰ্বোত্তম স্ক’ৰ হৈছে ২৪১*।

লগতে পঢ়ক: সুস্থ শৰীৰে খেলপথাৰলৈ উভতিল অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.