ETV Bharat / sports

ভাৰত বনাম ইংলেণ্ড, তৃতীয় দিনৰ অন্তত ভাৰতৰ ৩২২ ৰাণৰ অগ্ৰগতি

author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 12:46 PM IST

Updated : Feb 17, 2024, 5:52 PM IST

IND vs ENG Test
কুলদ্বীপৰ হাতত ১৫৩ ৰাণত বেন ডাকেটৰ উইকেট

IND vs ENG Test: তৃতীয় টেষ্টৰ তৃতীয় দিনৰ শেষলৈ ভাৰতীয় দলে ৩২২ ৰাণৰ অগ্ৰগতি লাভ কৰিছে । জয়ছোৱালে ১০৪ ৰাণৰ আকৰ্ষণীয় ইনিংছ খেলে । শুভমন গিলে ৬৫ আৰু কুলদীপ যাদৱে ৩ ৰাণত বেটিং কৰি আছে ।

স্পৰ্টছ ডেস্ক,১৭ ফেব্ৰুৱাৰী : ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা ৰাজকোট টেষ্টত ভাৰতে তৃতীয় দিনৰ খেলত ২ টা উইকেট হেৰুৱাই ১৯৬ ৰাণ সংগ্ৰহ কৰিছে । ইয়াৰ সৈতে, ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে ৩২২ ৰাণৰ অগ্ৰগতি লাভ কৰিছে । ভাৰতৰ হৈ অপেনাৰ যশস্বী জয়ছোৱালে উন্নত প্ৰদৰ্শনেৰে ১০৪ ৰাণ সংগ্ৰহ কৰে । একে সময়তে, বেন ডাকেটৰ ১৫৩ ৰাণৰ বাবে ইংলেণ্ডে প্ৰথম ইনিংছত ৩১৯ ৰাণ সংগ্ৰহ কৰে ।

তৃতীয় দিনৰ প্ৰথম অধিবেশনটো সম্পূৰ্ণৰূপে ভাৰতৰ আছিল । এই অধিবেশনত ভাৰতীয় দলে ইংলেণ্ডৰ তিনিটা উইকেট দখল কৰে । দ্বিতীয় দিনা ইংলেণ্ডে প্ৰথম ইনিংছত বেটিং কৰে আৰু ২ টা উইকেট হেৰুৱাই ২০৭ ৰাণ সংগ্ৰহ কৰিছিল । তৃতীয় দিনা বেটিং কৰি ইংলেণ্ডৰ দলটোৱে দিনটোৰ পঞ্চম অভাৰত জ' ৰুটৰ উইকেট হেৰুৱায় । তেওঁ ১৮ ৰাণ সংগ্ৰহ কৰিছিল । তাৰ পি;ত জনি বেয়াৰস্টো ৰাণ নকৰাকৈ কুলদীপ যাদৱৰ চিকাৰ হয় । তাৰ অলপ পিচতে ১৫৩ ৰাণত খেলি থকা বেন ডাকেটো আউট হয় ।কেপ্টেইন বেন ষ্টকছ মধ্যাহ্ন ভোজনলৈকে ৩৯ ৰাণত আছিল ।

মধ্যাহ্ন ভোজনৰ পিচত বেটিং কৰিবলৈ ওলাই অহা ইংলেণ্ডৰ দলটো এই অধিবেশনত ৩১৯ ৰাণত অলআউট হয় । কেপ্টেইন বেন ষ্টকছক বুমৰাহে ৪১ ৰাণত আউট কৰে । তাৰ পিচত, উইকেটকীপাৰ বেন ফ'কছো আউট হয়। তাৰ পিচত ৰেহান আহমেদ ৬, টম হাৰ্টলি ৯, জেমছ এণ্ডাৰছনে ১ ৰাণ সংগ্ৰহ কৰি আউট হয় । মাৰ্ক উড ৪ ৰাণত অপৰাজিত হৈ থাকে ।

ইংলেণ্ডৰ অলআউটৰ পিচত ভাৰতে ইতিমধ্যে দ্বিতীয় ইনিংছৰ পূৰ্বে ১২৬ ৰাণৰ অগ্ৰগতি লাভ কৰিছে । তাৰ পিচত বেটিং কৰিবলৈ অহা ৰোহিত শৰ্মাই সোনকালে নিজৰ উইকেট হেৰুৱায় । ৰোহিত জ' ৰুটৰ বলত ১৯ ৰাণত এলবিডব্লিউ আউট হয় ।

অৱশ্যে জয়ছোৱাল ক্ৰিজত আক্ৰমণাত্মকভাৱে বেটিং কৰি থাকে । গিলেও ইনিংছটো অতি দৰ্শনীয়ভাৱে আগুৱাই লৈ যায় । জয়ৱালে ১২২ টা বলত শতক সম্পূৰ্ণ কৰে ।অৱশ্যে, তেওঁ ১০৪ ৰাণত আঘাতপ্ৰাপ্ত হৈ অৱসৰ গ্ৰহণ কৰে আৰু খেলপথাৰৰ বাহিৰলৈ যায় । তেওঁৰ পিচত বেটিং কৰিবলৈ অহা ৰজত পাতিদাৰে বিশেষ একো প্ৰদৰ্শন কৰিব নোৱাৰিলে আৰু ০ ৰাণত আউট হোৱাৰ পিচত পেভিলিয়নলৈ উভতি যায় । তৃতীয় দিনৰ খেলৰ শেষলৈ শুভমান গিল ৬৫ আৰু কুলদীপ যাদৱে ৩ ৰাণত বেটিং কৰি আছে ।

লগতে পঢ়ক :আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত 500 উইকেট দখল ৰবিচন্দ্ৰন অশ্বিনৰ

Last Updated :Feb 17, 2024, 5:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.