ETV Bharat / sports

টি-২০ বিশ্বকাপৰ প্ৰাকক্ষণত বিচিচিআইয়ে কিয় দিছে মুখ্য প্ৰশিক্ষকৰ বিজ্ঞাপন ? - BCCI Head coach application

author img

By ETV Bharat Sports Team

Published : May 14, 2024, 10:43 AM IST

BCCI Head coach application: টি-২০ বিশ্বকাপৰ পিচতে ভাৰতীয় দলে লাভ কৰিব নতুন মুখ্য প্ৰশিক্ষক । ইতিমধ্যে বিচিচিআইয়ে বিজ্ঞাপন প্ৰকাশ কৰিছে । মুখ্য প্ৰশিক্ষক হ'বলৈ কি অৰ্হতাৰ প্ৰয়োজন ? কি হ'ব ৰাহুল দ্ৰাবিড়ৰ ?

BCCI Head coach application
টি-২০ বিশ্বকাপৰ প্ৰাকক্ষণত বিচিচিআইয়ে কিয় দিছে মুখ্য প্ৰশিক্ষকৰ বিজ্ঞাপন (ETV Bharat)

স্পৰ্টছ ডেস্ক, ১৪ মে' : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে চমুকৈ বিচিচিআই সোমবাৰে ছিনিয়ৰ পুৰুষ দলৰ মুখ্য প্ৰশিক্ষকৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে । সোমবাৰে নিশা জাৰি কৰা এক সংবাদ মাধ্যমৰ বিবৃতিত বিচিচিআইৰ সচিব জয় শ্বাহে কয় যে ২৭ মে'ৰ সন্ধিয়া ৬ বজাৰ ভিতৰত এই পদৰ বাবে ইচ্ছুকসকলে আবেদন দাখিল কৰিব লাগিব ।

লক্ষণীয়ভাৱে ২০২৪ চনৰ জুন মাহত ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত আইচিচি বিশ্বকাপ টি-২০ অনুষ্ঠিত হ'ব । কিন্তু তাৰ প্ৰাকক্ষণ বিচিচিআইৰ এই আবেদনে চিন্তাত পেলাইছে একাংশ ক্ৰীড়াপ্ৰেমীক ! আচলতে বিশ্বকাপৰ পিচতে বৰ্তমানৰ ভাৰতৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল সমাপ্ত হ'ব ।

২০২৩ চনত ভাৰতত অনুষ্ঠিত হোৱা আইচিচি এদিনীয়া বিশ্বকাপৰ পিচত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ভাৰতীয় দ্ৰাবিড়ৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছিল । অৱশ্যে বিচিচিআইৰ সচিব জয় শ্বাহে শেহতীয়াকৈ এক সাক্ষাৎকাৰত স্পষ্ট কৰি দিছে যে যদি ৰাহুল দ্ৰাবিড়ে প্ৰশিক্ষক হৈ থাকিব বিচাৰে, তেন্তে তেওঁ পুনৰ আবেদন কৰিব পাৰিব ।

ইফালে শ্বাহে প্ৰকাশিত বিজ্ঞপ্তিত কৈছে যে বাছনি প্ৰক্ৰিয়াত আবেদনসমূহৰ পুংখানুপুংখ সমীক্ষা চলোৱা হ'ব, তাৰ পিচত ব্যক্তিগত সাক্ষাৎকাৰ আৰু তালিকাভুক্ত প্ৰাৰ্থীৰ মূল্যাঙ্কন কৰা হ'ব । তালিকাভুক্ত প্ৰাৰ্থীসকলক ভাৰতৰ প্ৰাক্তন বেটছমেন তথা ৰাষ্ট্ৰীয় নিৰ্বাচক যতীন পৰাঞ্জপেক লৈ গঠিত ক্ৰিকেট উপদেষ্টা সমিতিয়ে সাক্ষাৎকাৰ ল'ব ।

বিচিচিআইয়ে কৈছে যে নতুন ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষকৰ কাৰ্যকাল ১ জুলাইৰ পৰা আৰম্ভ হ'ব আৰু কাৰ্যকাল অতিৰিক্ত ৬ মাহ বৃদ্ধি কৰা হৈছে । বিচিচিআইয়ে আবেদনকাৰীসকলৰ বাবে কিছুমান চৰ্ত নিৰ্ধাৰণ কৰিছে । তাৰ ভিতৰত এটা হ'ল আবেদনকাৰীয়ে ৩০ খন টেষ্ট বা ৫০ খন এদিনীয়া খেলা হ'ব লাগিব ।

ইফালে বিবিচিআইৰ মুখ্য প্ৰশিক্ষকৰ বিজ্ঞাপনৰ লগে লগে বিভিন্ন মহলত কৌতূহলৰ সৃষ্টি হৈছে । ৰাহুল দ্ৰাবিড়ে পুনৰ আবেদন কৰিব নে, ভাৰতীয় দলে নতুন প্ৰশিক্ষক লাভ কৰিব ? নতুন প্ৰশিক্ষক ভাৰতীয় হ'ব নে বিদেশী ? অৱশ্যে ক্ৰিকেটপ্ৰেমীয়ে সকলো প্ৰশ্নৰ উত্তৰ জুনৰ শেষলৈ লাভ কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :সলনি হ'ব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ! - Head Coach Of Team India
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.