ETV Bharat / politics

বৰপেটাত দীপ বায়নৰ প্ৰাৰ্থিত্বত মোহৰ লগালে জাকিৰ হুছেইন শিকদাৰে - barpeta lok sabha constituency

author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 10:36 PM IST

Lok Sabha elections 2024: চিপিআই (এম ) প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক বৰপেটাৰ আসনখন এৰি দিবলৈ ড৹ হীৰেণ গোঁহাইকে ধৰি কেইবাগৰাকী বিশিষ্ট নাগৰিকে কংগ্ৰেছ হাইকমাণ্ডলৈ পত্ৰও প্ৰেৰণ কৰাৰ পিচতো কংগ্ৰেছে সলনি নকৰিলে স্থিতি । অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিয়ে স্পষ্ট কৰিলে দীপ বায়নেই চলাব প্ৰচাৰ ।

Lok Sabha elections 2024
অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি

অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি

বৰপেটা, ২২ মাৰ্চঃ বৰপেটা লোকসভা সমষ্টিতত চিপিআই(এম)ৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাক লৈ চলি আছে চৰ্চা ৷ আনকি চিপিআই (এম ) প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক বৰপেটাৰ আসনখন এৰি দিবলৈ ড৹ হীৰেণ গোঁহাইকে ধৰি কেইবাগৰাকী বিশিষ্ট নাগৰিকে কংগ্ৰেছ হাইকমাণ্ডলৈ পত্ৰও প্ৰেৰণ কৰিছিল ৷ এই আহ্বানক লৈ চলি থকা চৰ্চাৰ মাজতে কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব নেকি তাকলৈয়ো নানা জল্পনা- কল্পনা চলি আছিল ৷ কিন্তু এই সকলো সম্ভাৱনাক সম্পূৰ্ণ নাকচ কৰি বৰপেটাত ইণ্ডিয়া মৰ্চাৰ দলসমূহে নিজাকৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাতো নিশ্চিত হ'ল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে শুক্ৰবাৰে বৰপেটাত দীপ বায়নৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰক লৈ চলি থকা সকলো জল্পনা-কল্পনাৰ অৱসান ঘটায় ৷ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ স্পষ্ট কথা হাইকমাণ্ডে দীপ বায়নক বৰপেটাত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৷ এইমুহূৰ্তত দীপ বায়নক কেনেকৈ নিৰ্বাচনত জয়যুক্ত কৰিব পাৰি তাৰ বাবে বৰপেটা লোকসভাৰ অধীনৰ কংগ্ৰেছৰ ৫খন জিলা সমিতি, বিভিন্নজন কংগ্ৰেছ নেতাৰ লগতে ৫ গৰাকীকৈ কংগ্ৰেছ বিধায়ক নিৰ্বাচনী প্ৰচাৰ অভিযানত ব্যস্ত হৈ আছে ৷ দীপ বায়ন কোনো মন্ত্ৰী- বিধায়কৰ পুত্ৰ নহয় ৷

তেওঁ পুনৰ কয়," দীপ বায়ন তৃণমূলৰ পৰা অহা এগৰাকী কংগ্ৰেছ কৰ্মী ৷ আমাৰ লক্ষ্য এইবাৰৰ নিৰ্বাচনত দীপ বায়নক জয়যুক্ত কৰি দিল্লীলৈ পঠোৱা ৷ এটা বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে হাইকমাণ্ডে দীপ বায়নক প্ৰাৰ্থিত্ব দিছে ৷ এই মুহূৰ্তত দলৰ সকলো নেতা ঐক্যৱদ্ধ হৈছো আৰু দীপ বায়নক জয়যুক্ত কৰাৰ বাবে দিনে নিশাই লাগি আছো ৷ " বৰপেটাত দীপ বায়ন নিশ্চিতভাৱে বিজয়ী হ'ব বুলিও দাবী জাকিৰ হুছেইন শিকদাৰৰ ৷

দীপ বায়ন যাতে নিৰ্বাচনত জয়ী হয় তাৰবাবে বৰপেটাবাসীৰ ওচৰত আশীৰ্বাদো আশা কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে ৷ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীৰ এই মন্তব্যৰ পিচত নিশ্চিতভাৱে মনোৰঞ্জন তালুকদাৰে ১৬ দলীয় মৰ্চাৰ হকে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ন্যূনতম আশাও নিৰ্বাপিত হ'ল ৷

লগতে পঢ়ক:বৰপেটাত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ আহ্বান সম্পৰ্কে সিদ্ধান্ত ল’ব কংগ্ৰেছ হাইকামাণ্ডে : জাকিৰ হুছেইন শিকদাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.