ETV Bharat / politics

বৰপেটাত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ আহ্বান সম্পৰ্কে সিদ্ধান্ত ল’ব কংগ্ৰেছ হাইকামাণ্ডে : জাকিৰ হুছেইন শিকদাৰ

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 4:16 PM IST

Prominent Citizens Appeal Congress: বৰপেটা সমষ্টিৰ পৰা কংগ্ৰেছে দীপ বায়নক প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পাচতেই বিৰোধী ঐক্যৰ মাজত বৃহৎ ফাঁটৰ সৃষ্টি হৈছে ৷ ৰাজ্যৰ ৭৭ গৰাকী বিশিষ্ট নাগৰিকে কংগ্ৰেছলৈ পত্ৰ প্ৰেৰণ কৰি সমষ্টিটোত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ আহ্বান জনাইছিল ৷ বিশিষ্ট নাগৰিক সমাজৰ এই আহ্বানৰ সন্দৰ্ভত মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ বিশিষ্ট নাগৰিক সমাজে জনোৱা আহ্বানৰ সিদ্ধান্ত হাইকামাণ্ডে ল’ব বুলি মন্তব্য শিকদাৰৰ ৷

Lok Sabha Elections 2024
প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে

প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ

বৰপেটা ১৯ মাৰ্চ: ইতিমধ্যে বৰপেটা সমষ্টিত কংগ্ৰেছে দীপ বায়নক প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ৷ ইয়াৰ সমান্তৰালভাৱে বিৰোধী মৰ্চাৰ অন্যতম দল চিপিআইএমেও বৰপেটাত মনোৰঞ্জন তালুকদাৰৰ নাম ঘোষণা কৰাৰ পিচত একপ্ৰকাৰ বিৰোধী ঐক্যৰ মাজত বৃহৎ ফাটৰ সৃষ্টি হৈছে ৷ শেহতীয়াভাবে ড৹ হীৰেণ গোহাঁই, উদয়াদিত্য ভৰালীকে ধৰি ৰাজ্যৰ ৭৭ গৰাকী বিশিষ্ট নাগৰিকে কংগ্ৰেছলৈ পত্ৰ প্ৰেৰণ কৰি বৰপেটাত প্ৰতিদ্বন্দ্বিতাৰ বিষয়তো পুনৰ বিবেচনা কৰিবলৈ আৰু বৰপেটাৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ আহ্বান জনাইছিল ৷

ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱি আৰু নাগৰিকসকলে কংগ্ৰেছ নেতৃত্বক জনোৱা আহ্বান সম্পৰ্কে মঙলবাৰে মন্তব্য প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে ৷ শিকদাৰে কয়, "দলৰ দলীয় নেতা-কৰ্মীৰ সৈতে বিভিন্ন পৰ্যায়ত হোৱা আলোচনাৰ জৰিয়তে বৰপেটাত প্ৰাৰ্থিত্ব ঘোষণা কৰা হৈছে ৷ দলৰ নিষ্ঠাবান কৰ্মী দীপ বায়নে প্ৰাৰ্থিত্ব পোৱাত দলৰ তৃণমূল কৰ্মীসকল উৎফুল্লিত হৈছে ৷ চিপিআইএম দলেও মনোৰঞ্জন তালুকদাৰক প্ৰাৰ্থিত্ব দিছে ৷ দীপ বায়ন আৰু মনোৰঞ্জন তালুকদাৰৰ প্ৰাৰ্থিত্বক লৈ বিশিষ্ট নাগৰিক সমাজে জনোৱা আহ্বানৰ সিদ্ধান্ত হাইকামাণ্ডে ল‘ব ৷"

দীপ বায়নে বৰপেটা লোকসভা সমষ্টিৰ চুকে-কোনে নিৰ্বাচনী প্ৰচাৰ চলাই আছে বুলি উল্লেখ কৰি তেওঁ বিশিষ্ট নাগৰিক সমাজৰ পত্ৰ সম্পৰ্কে হাইকামাণ্ডে কি সিদ্ধান্ত ল’ব সেই বিষয়ে অবগত নহয় বুলি জানিবলৈ দিয়ে ৷ তেওঁ লগতে মিত্ৰতাৰ ধৰ্ম আৰু কোন দলৰ সাংগঠনিক দিশ শক্তিশালী সেই বিষয়বোৰ বিচাৰ-বিবেচনা কৰি প্ৰাৰ্থিত্ব প্ৰদান কৰা হয় বুলি উল্লেখ কৰে ৷

ইপিনে সাংসদ আব্দুল খালেকৰ কংগ্ৰেছ ত্যাগ সম্পৰ্কেও মন্তব্য কৰি কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে কয় যে, আব্দুল খালেকে ২০০৬ চনত কংগ্ৰেছত যোগদানৰ পিচত কংগ্ৰেছে তেওঁক দুবাৰকৈ বিধায়ক, এবাৰ সাংসদ, মুখ্যমন্ত্ৰীৰ প্ৰেছ সচিব, ৱক্ফ ব'ৰ্ডৰ অধ্যক্ষ, কংগ্ৰেছ AICCৰ সদস্য কৰাৰ পিচত সেই ব্যক্তিজনে কংগ্ৰেছ দল ত্যাগ কৰাটো কংগ্ৰেছেই নহয়, আন কোনো লোকেই মানি নলয় ৷

তেওঁ লগতে কয় যে, হাইকামাণ্ডে লোৱা সিদ্ধান্তত যদি ক্ষুন্ন হয় সেইটো ভাল নহয় ৷ কেতিয়াবা দলৰ কথাও ভাবিব লাগে ৷ যিসকলে নিজৰ লগতে দলৰ কথাও ভাৱে সেইসকলৰ বাবে কংগ্ৰেছত থকাটো দীঘলীয়া হয় ৷ দলৰ কথা চিন্তা কৰাসকল আমাৰ লগত আছে আৰু নিজৰ কথা চিন্তা কৰা সকলে সময়ে-সময়ে আহিব যাব ৷

ইফালে খালেকক প্ৰথমবাৰৰ বিধানসভাৰ নিৰ্বাচনৰ টিকট দিয়া সম্পৰ্কেও মন্তব্য কৰি শিকদাৰে কয় যে, এগৰাকী চিটিং বিধায়কৰ টিকট কাটি খালেকক জনীয়াত প্ৰথমবাৰ টিকট দিয়া হৈছিল ৷ খালেকৰ কংগ্ৰেছ ত্যাগৰ ঘটনাক অধিক মাছত বগলী কণা বুলি অভিহিত কৰি নিষ্ঠাবান কংগ্ৰেছ কৰ্মী জিন্দাবাদ বুলিও মন্তব্য প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ ৷

লগতে পঢ়ক: বৰপেটা চি পি আই (এম)ক এৰি দিবলৈ কংগ্ৰেছক আহ্বান ৭৭ গৰাকী বিশিষ্ট নাগৰিকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.