ETV Bharat / politics

১৭ এপ্ৰিলত শিলচৰত নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব মমতা বেনাৰ্জীয়ে - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 6:28 PM IST

WEST BENGAL CM TO VISIT ASSAM
অসমলৈ আহিব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী

তৃণমূল কংগ্ৰেছৰ এক বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰিব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ ৰাধেশ্যাম বিশ্বাসৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব তেওঁ ৷

১৭ এপ্ৰিলত শিলচৰলৈ মমতা বেনাৰ্জী

শিলচৰ, 15 এপ্ৰিল : নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ৷ শিলচৰত এক নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল’ব বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ 17 এপ্ৰিলত শিলচৰ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব মমতা বেনাৰ্জীয়ে ৷

17 এপ্ৰিলত শিলচৰ টাউন ক্লাব খেলপথাৰত তৃণমূল কংগ্ৰেছৰ এক বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ সভাত শিলচৰৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব তেওঁ ৷ 17 এপ্ৰিলৰ দুপৰীয়া শিলচৰত উপস্থিত হৈ তেওঁ জনসভাত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷

অসম তৃণমূল কংগ্ৰেছৰ এই নিৰ্বাচনী জনসভাত 15 হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰিব বুলি আশা ব্যক্ত কৰে দলৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই ৷ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে, লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত 26 এপ্ৰিলত শিলচৰ সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ তাৰ বাবে 17 এপ্ৰিলত শিলচৰৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে দুপৰীয়া 12.30 বজাত কলকাতাৰ পৰা বিশেষ বিমানেৰে শিলচৰত উপস্থিত হ’ব ৷ শিলচৰত নিৰ্বাচনী প্ৰচাৰ শেষ কৰি পুনৰ কলকাতা লৈ উৰা মাৰিব মমতা বেনাৰ্জী ৷

উল্লেখ্য যে, 2024ৰ লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছ দলে অসমত চাৰিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব ৷ কোকৰাঝাৰ, বৰপেটা, লখিমপুৰ আৰু শিলচৰ লোকসভা আসনত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব দলটো ৷ কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব দলটোৰ প্ৰাৰ্থী গৌৰী শংকৰ শৰণীয়াই, লখিমপুৰত ঘনকান্ত চুতীয়া, শিলচৰত ৰাধেশ্যাম বিশ্বাস আৰু বৰপেটাত আব্দুল কালাম আজাদে তৃণমূল কংগ্ৰেছৰ হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ৷

লগতে পঢ়ক : মঙলবাৰে অসমলৈ আহি আছে মোদী আৰু প্ৰিয়ংকা; আদৰিবলৈ সাজু দলীয় কৰ্মকতাসকল - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.