ETV Bharat / politics

আজি অসমলৈ আহি আছে মোদী আৰু প্ৰিয়ংকা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 12:27 PM IST

Updated : Apr 16, 2024, 9:12 AM IST

Etv Bharat
Etv Bharat

PM Modi-Priyanka Gandhi Assam Visit : প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ পূৰ্বে আজি অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৷ যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ ভাগ ল’ব ৰোড শ্ব’ত । ইফালে একেদিনাই গুৱাহাটীতো প্ৰধানমন্ত্ৰী মোদীক আদৰিবৰ বাবে ব্যাপক আয়োজন কৰিছে বিজেপিয়ে ।

গুৱাহাটী, ১৬ এপ্ৰিল : মঙলবাৰৰ দিনটোত অসমখন হৈ পৰিব উত্তাল নিৰ্বাচনী ৰণক্ষেত্ৰ ৷ কাৰণ আজি দুদিনীয়া নিৰ্বাচনী কাৰ্যসূচীৰে অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও ৷ মঙলবাৰে বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি উপস্থিত হ’ব গুৱাহাটীত । আনুষ্ঠানিকভাৱে ৰোড শ্ব’ নাথাকিলেও নৰেন্দ্ৰ মোদীক আদৰিবলৈ বিজেপিয়ে চলাইছে ব্যাপক প্ৰস্তুতি ।

আনহাতে তাৰে আগত পুৱা ১০ বাজি ৪৫ মিনিটত কংগ্ৰছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰা আহি উপস্থিত হ’ব যোৰহাট বিমান বন্দৰত ৷ বিজেপিয়ে যোৰহাটত গৌৰৱ গগৈক পৰাভূত কৰিবৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিছে । গৌৰৱ গগৈৰ ওপৰত দৃষ্টিনিবদ্ধ আছে সমগ্ৰ দেশৰ ৷

গৌৰৱ গগৈৰ হৈ আজি প্ৰচাৰত নামিব সৰ্বভাৰতীয় কংগ্ৰেছ কমিটি সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই । পুৱা যোৰহাট বিমান বন্দৰত পুৱা ১০ বাজি ৪৫ মিনিটত উপস্থিত হৈয়ে বাহিৰে বাহিৰে তিতাবৰলৈ ৰোড শ্ব’ত অংশগ্ৰহণৰ বাবে যাত্ৰা কৰিব প্ৰিয়ংকা গান্ধী ভাদ্ৰাই । তাৰ পিছত তিতাবৰৰ পৰা যোৰহাটলৈ ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব প্ৰিয়ংকাই । দুপৰীয়া ১১.৩০ মিনিটত তিতাবৰৰ পৰা যোৰহাটলৈ ৰোড শ্ব’ কৰিব তেওঁ । কাৰ্যসূচী অনুসৰি দুপৰীয়া ১২.৩০ বজাত যোৰহাটত সামৰণি পৰিব এই যাত্ৰাৰ ৷

উল্লেখ্য যে, যোৰহাটত লোকসভাৰ বিৰোধীৰ উপ দলপতি কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী হ’ল সমষ্টিটোৰ বৰ্তমানৰ সাংসদ তপন গগৈ ৷ গৌৰৱ গগৈৰ যোৰহাট লোকসভা সমষ্টিৰ ঘনিষ্ঠ জ্যেষ্ঠ আৰু কনিষ্ঠ বহু সংখ্যক কংগ্ৰেছ নেতাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত বিজেপিত ইতিমধ্যে যোগদান কৰোৱা হৈছে ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানলৈ যোৰহাট লোকসভা সমষ্টিত নিজেই ১২ খনতকৈ অধিক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে । আনহাতে ছ’চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি নিৰ্বাচনী সভালৈ ব্যাপক তৎপৰতা দেখা গৈছে গৌৰৱ গগৈৰ । নিৰ্বাচনী প্ৰচাৰৰ মাজতে ইতিমধ্যেই জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ আদিয়ে ভ্ৰমণ কৰি গৈছে যোৰহাট ৷

এতিয়া যোৰহাটত তিতাবৰৰ পৰা যোৰহাটলৈ এঘণ্টা জোৰা প্ৰিয়ংকা গান্ধীৰ এই ৰোড শ্ব’ই গৌৰৱ গগৈক যথেষ্ট সকাহ দিব বুলি ধাৰণা কৰা হৈছে ৷ কেৱল প্ৰিয়ংকা গান্ধীয়েই নহয়, কাইলৈ ১৭ এপ্ৰিলত ৰাহুল গান্ধীয়েও যোৰহাটত গৌৰব গগৈৰ হৈ এক জনসভাত প্ৰচাৰ চলোৱাৰ কথা ৷ অৱশ্যে ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ কথা এতিয়ালৈ সবিশেষ ৰাজহুৱা কৰা নাই কংগ্ৰেছ দলে ৷

আনহাতে প্ৰিয়ংকাৰ ৰোড শ্ব’ৰ দিনা, অৰ্থাৎ ১৬ এপ্ৰিলৰ সন্ধিয়া ৭.৩০ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ নিশাটো গুৱাহাটীত কটাই বুধবাৰে পুৱা নলবাৰীত এখন জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । গুৱাহাটীত আনুষ্ঠানিকভাৱে মোদীৰ কোনো ৰোড শ্ব’ নাথাকিলেও গোপীনাথ বৰদলৈ এয়াৰ পৰ্টৰ পৰা জি এছ ৰোডলৈ প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে বিজেপিয়ে ৷

লগতে পঢ়ক : 16 এপ্ৰিলত যোৰহাটলৈ আহিব প্ৰিয়ংকা গান্ধী: ৰাহুল গান্ধীৰ আগমনৰ খবৰ অস্পষ্ট - Lok Sabha Election 2024

Last Updated :Apr 16, 2024, 9:12 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.