ETV Bharat / politics

নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ পদ খাৰিজৰ সম্ভাৱনা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 5:49 PM IST

MLA Sherman Ali: বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে ১৬৭ পৃষ্ঠাজোৰা অভিযোগ পত্ৰ বিধানসভাৰ অধ্যক্ষলৈ । সচিবক সাক্ষাৎ কৰি অভিযোগ পত্ৰ দিলে বিৰোধী উপ-দলপতি ৰকিবুল হুছেইনে । শ্বেৰমান আলী আহমেদৰ কাৰ্যকলাপে ইতিমধ্যে প্ৰমাণ কৰিছে যে তেওঁ স্ব-ইচ্ছাই কংগ্ৰেছ দল ত্যাগ কৰিছে । ধুবুৰী, বৰপেটা আৰু নগাঁৱত দলীয় প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ অভিযোগ ।

SUSPENDED CONGRESS MLA SHERMAN ALI AHMEDS POST MAY BE DISMISSED
অভিযোগ পত্ৰ বিধানসভাৰ অধ্যক্ষলৈ (ETV BHARAT ASSAM)

ৰকিবুল হুছেইনৰ ভাষ্য (ETV BHARAT ASSAM)

গুৱাহাটী, ২ মে’ : বিধায়ক পদ খাৰিজ হ'ব পাৰে কংগ্ৰেছৰ বাঘবৰ সমষ্টিৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ । দলীয় প্ৰাৰ্থীৰ বিৰুদ্ধে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অভিযোগত বৃহস্পতিবাৰে বিৰোধী উপ-দলপতি তথা ধুবুৰী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে অসম বিধানসভাৰ অধ্যক্ষলৈ অভিযোগ পত্ৰ দিয়ে ।

শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ খাৰিজ কৰাৰ দাবীত আৰু এই সন্দৰ্ভত সকলো নথি-প্ৰমাণসহ ৰকিবুল হুছেইনে অভিযোগ দাখিল কৰে । বিধানসভাৰ অধ্যক্ষৰ অনুপস্থিতিত সচিব দুলাল পেগুয়ে গ্ৰহণ কৰে অভিযোগ পত্ৰ । কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক পৃথ্বীৰাজ সাথেৰ সৈতে বিধানসভাৰ পুৰণি কাৰ্যালয়ত উপস্থিত হৈ ৰকিবুল হুছেইনে সচিব দুলাল পেগুক অভিযোগ পত্ৰ দাখিল কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ।

বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে ১৬৭ পৃষ্ঠাজোৰা অভিযোগ পত্ৰ দাখিল কৰে । অভিযোগ পত্ৰ দাখিলৰ পাচতে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিৰোধী উপ-দলপতি ৰকিবুল হুছেইনে । তেওঁ কয় যে শ্বেৰমান আলী আহমেদৰ কাৰ্যকলাপে ইতিমধ্যে প্ৰমাণ কৰিছে যে তেওঁ স্ব-ইচ্ছাই কংগ্ৰেছ দল ত্যাগ কৰিছে । সামজিক মাধ্যমত শ্বেৰমান আলী আহমেদে স্ব-ইচ্ছাই কংগ্ৰেছ দল ত্যাগ কৰাটো প্ৰমাণ কৰিছে । তেওঁৰ বিধায়ক পদ খাৰিজ কৰাৰ বাবে সেয়া প্ৰমাণেই যথেষ্ট ।

ৰকিবুল হুছেইনে লগতে কয় যে শ্বেৰমান আলী আহমেদে কংগ্ৰেছৰ বিৰুদ্ধে ধুবুৰী, বৰপেটা আৰু নগাঁও সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাইছে । আনহাতে দলীয় নেতৃত্বৰ বিৰুদ্ধে মন্তব্য কৰিছে । শ্বেৰমান আলী আহমেদে গণতান্ত্ৰিক ব্যৱস্থাটোক ভেঙুচালি কৰিছে, যাৰ বাবে তেওঁৰ বিধায়ক পদ খাৰিজ কৰাৰ সম্ভাৱনা আছে । তাৰেই আধাৰত তেওঁৰ বিধায়ক পদ খাৰিজ কৰাৰ বাবে অভিযোগ পত্ৰ যোগে আহ্বান জনোৱা হৈছে ।

তেওঁ প্ৰসংগক্ৰমে হিমাচল প্ৰদেশৰ বিধায়কৰ বিধায়ক পদ খাৰিজ কৰাৰ উদাহৰণ দাঙি ধৰি কয় যে বিধায়ক পদ খাৰিজ হোৱা হিমাচল প্ৰদেশৰ বিধায়কসকলে প্ৰথমে উচ্চ ন্যায়ালয় আৰু পাচত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল যদিও স্থগিতাদেশ নাপালে । তাৰেই আধাৰত শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে ব্যৱস্থা লোৱাৰ বাবে তেওঁ বিধানসভাৰ অধ্যক্ষৰ প্ৰতি আহ্বান জনায় । উল্লেখ্য যে বিধানসভাত শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে পূৰ্বৰ এটা অভিযোগ আছে । সেই অভিযোগৰ পৰা এই অভিযোগ সম্পূৰ্ণ পৃথক বুলি ৰকিবুল হুছেইনে জানিবলৈ দিয়ে । আনহাতে বাঘবৰ বিধানসভা সমষ্টিত উপ নিৰ্বাচন হোৱাটো নিশ্চিত বুলিও তেওঁ কয় ।

লগতে পঢ়ক : বৰপেটাত কেইবাটাও শুকুৰ আলী ওলাল : জয়ন্ত মল্লবৰুৱা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.