ETV Bharat / politics

গেৰুৱা নহয়; ’২৬ ৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ সৈতে যুঁজিবলৈহে সাজু ভূপেন বৰা - Lok Sabha Elections

author img

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 1:35 PM IST

Updated : Mar 26, 2024, 2:40 PM IST

২০২৬ ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ভূপেন বৰাই !
২০২৬ ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ভূপেন বৰাই !

Bhupen Borah on Assam CM : ২০২৬ ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ভূপেন বৰাই ! ভূপেন বৰাই গেৰুৱা দলত যোগদান কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

’২৬ ৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ সৈতে যুঁজিবলৈ সাজু ভূপেন বৰা

যোৰহাট, ২৬ মাৰ্চ : অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বৰাক বিজেপিত যোগদান কৰাৰ মন্তব্যক লৈ মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিয়ে । যোৰহাটত সংবাদ মাধ্যমক সম্বোধন কৰি ভূপেন বৰাই কয় যে গেৰুৱা দলত যোগদান কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা এই সকলোবোৰ মন্তব্য ৰাজনৈতিক মনৰ খেলৰ বাহিৰে আন একো নহয় ।

হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া বক্তব্যৰ পিচত ক্ষুব্ধ হৈ পৰা বিজেপিত যোগদানৰ জল্পনা-কল্পনা খণ্ডন কৰি বৰাই দৃঢ়তাৰে কয় যে দলে অনুমতি দিলে তেওঁ কংগ্ৰেছৰ হৈ ২০২৬ চনৰ ৰাজ্যিক বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যুঁজ দিব । বৰাই কয় যে মুখ্যমন্ত্ৰীয়ে ইচ্ছাকৃতভাৱে এই মানসিক খেলসমূহ খেলিছে ৷ যাতে পৰৱৰ্তী নিৰ্বাচনত মূল বিষয়সমূহৰ পৰা আঁতৰি আহিব পাৰে ।

কাজিৰঙাৰ সলনি যোৰহাট লোকসভা আসনৰ পৰা গৌৰৱ গগৈক দলৰ টিকট দিয়াৰ বিষয়ত বৰাই কয় যে গৌৰৱ গগৈক যোৰহাটবাসীয়ে উষ্ম আদৰণি জনাইছে ৷ তেওঁ লগতে কয় যে বৰ্তমানৰ কাৰ্যকালত গৌৰৱ গগৈয়ে সংসদৰ ভিতৰত অসমৰ ৰাইজৰ কণ্ঠস্বৰ হিচাপে থিয় দি আছে ৷ আনকি প্ৰধানমন্ত্ৰীৰ চকুলৈ চাই ৰাজ্য আৰু জাতিৰ স্বাৰ্থত উত্থাপন কৰি আহিছে গৌৰৱ গগৈয়ে । বৰাই আৰু কয় যে এনে কৰি গৌৰৱ গগৈয়ে জাতিৰ সন্মুখত নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰিছে ।

লগতে পঢ়ক : পলমকে হ’লেও ভূপেন বৰাও আহিব বিজেপিলৈ, ১০০% নিশ্চিত : মুখ্যমন্ত্ৰী - LOK SABHA ELECTIONS

বৰাই স্পষ্ট কৰি দিয়ে যে সকলো দলৰ নেতাৰ সকলো পৰামৰ্শ আৰু দাবীতে যোৰহাটত গৌৰৱ গগৈক প্ৰাৰ্থিত্ব দিয়া হৈছে ৷ গৌৰৱ গগৈক আগস্থানত ৰাখি এইবাৰ কংগ্ৰেছে নিৰ্বাচনত অৱতীৰ্ণ হ’ব । লগতে বৰাই কয়, ‘‘৪ জুনৰ দিনটো যোৰহাটৰ ৰাইজৰ বাবে এক ঐতিহাসিক দিন ৷ ৰাজ্য চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীৰ প্ৰৱঞ্চনা, প্ৰতাৰণাৰ উচিত মূল্য দিব যোৰহাটবাসীয়ে’’ ।

এইবোৰৰ উপৰিও কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই লাচিত বৰফুকনৰ এক স্বদেশ প্ৰেমমূলক কবিতাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিয়ে । আনকি ভূপেন বৰাই মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে কাইলৈ (বুধবাৰ) ভিতৰত মানহানি গোচৰ তৰাৰো হুংকাৰ প্ৰদান কৰে ।

উল্লেখ্য যে, মঙলবাৰে যোৰহাট হোটেল কিংডমত বিৰোধী ঐক্যমঞ্চ আৰু কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আয়োজন কৰে এক সংবাদমেলৰ । এই সংবাদমেলত ভূপেন বৰাৰ লগতে শিৱসাগৰৰ বিধায়ক অখিল গগৈ, চামগুৰি বিধায়ক ৰকিবুল হুছেইন, নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াসহ বিভিন্ন নেতাসহ অন্যান্য নেতা কৰ্মীসকল উপস্থিত থাকে ।

লগতে পঢ়ক : ভূপেন বৰাৰ বাবে সাজু কৰি থোৱা আছে দুটাকৈ সমষ্টি : মুখ্যমন্ত্ৰী - Lok Sabha Elections

Last Updated :Mar 26, 2024, 2:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.