ETV Bharat / politics

স্মৃতি ৰাখি শ্যাম গাঁৱৰ পৰা বিদায় ল’লে মুখ্যমন্ত্ৰীয়ে

author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 4:16 PM IST

Himanta Biswa Sarma: মুখ্যমন্ত্ৰী ড৹ শৰ্মাই নিশা কটোৱা ঘৰখনত এতিয়া যেন নিজম পৰিছে ৷ আলহী হিচাবে মুখ্যমন্ত্ৰীগৰাকী আহিব আহিব বুলি বহুদিনীয়া প্ৰস্তুতিৰ পিচত বৃহস্পতিবাৰে পুৱা ঘৰখনৰ পৰা বিদায় লয় ৷ মুখ্যমন্ত্ৰীগৰাকীক আলহী হিচাবে আপ্যায়ন কৰাৰ সন্দৰ্ভত কি ঘৰখনৰ লোকসকলৰ লগত ই টিভি ভাৰতৰ এক সাক্ষাৎকাৰ...

Himanta Biswa Sarma
ড৹ হিমন্ত বিশ্ব শৰ্মা

শ্যাম গাঁৱত এতিয়া কেনে পৰিৱেশ?

সৰুপথাৰ, ১৫ ফেব্ৰুৱাৰী: বিজেপিৰ ‘গাঁও চলো অভিযান’ৰ অংশ হিচাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে নিশাটো কটালে সৰুপথাৰৰ শ্যাম গাঁৱৰ এখন ঘৰত ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক এটা নিশাৰ বাবে হ’লেও অতিথি হিচাবে ঘৰখনত পাই স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিল ঘৰখনৰ লোকসকল ৷

বৃহস্পতিবাৰে পুৱাৰ ভাগতেই উক্ত ঘৰটোত স্মৃতিস্বৰূপে এটা গছপুলি ৰোপণ কৰে মুখ্যমন্ত্ৰীগৰাকী ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা অনুসৰি শ্যাম গাঁৱৰ আতিথ্যত আপ্লুত হ'ল তেওঁ ৷ ঘৰখনত জনজাতীয় খাদ্যও তৃপ্তিৰে খালে মুখ্যমন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে বুধবাৰৰ নিশাটো শ্যাম গাঁৱৰ ভাস্কৰ শ্যাম গোঁহাইৰ বাসগৃহৰ চাংঘৰত যাপন কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

ইফালে বুধবাৰৰ নিশা জুনিয়ৰ মিছ ইণ্ডিয়া-2024 খ্যাত সংযুক্তা শ্যামে মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখত প্ৰতিভা প্ৰদৰ্শন কৰে । উল্লেখযোগ্য যে মুম্বাইত অনুষ্ঠিত জুনিয়ৰ মিছ ইণ্ডিয়া প্ৰতিযোগিতা-2024ত অসমক প্ৰতিনিধিত্ব কৰি সংযুক্তা শ্যাম নামৰ আঠ বছৰীয়া শিশুগৰাকীয়ে ‘জুনিয়ৰ মিছ ইণ্ডিয়া ২০২৪’ৰ বিজয় মুকুট পিন্ধাৰ লগতে Best Smile আৰু Best Ramp Walkৰ নিচিনা দুটাকৈ মূল্যবান Sub Title লাভ কৰিছিল ।

উল্লেখ্য যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে নিশা শ্যাম গাঁওখন ভ্ৰমণো কৰে । গাঁৱৰ জনসাধাৰণৰ পদূলিয়ে পদূলিয়ে গৈছিল ড৹ শৰ্মা । মুখ্যমন্ত্ৰীগৰাকীক জনজাতীয় খাদ্যৰে আপ্যায়ণ কৰে ভাস্কৰ শ্যাম গোঁহাইৰ ঘৰৰ পৰিয়ালে । মুখ্যমন্ত্ৰীগৰাকীয়ে ঘৰখনৰ পৰা বিদায় লোৱাৰ পিচত গৃহস্থৰে হোৱা ইটিভি ভাৰতৰ সাক্ষাৎকাৰত তেওঁলোকে কয় যে নিশা মুখ্যমন্ত্ৰীগৰাকীৰ খুউব সুন্দৰকৈ টোপনি আহিছিল ৷

আনহাতে বৃহস্পতিবাৰে পুৱা মহিলাসকলৰ সৈতে ৰসাল আড্ডাৰ মাজেৰে আহাৰ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: শ্যাম গাঁৱত নিশা কটালে মুখ্যমন্ত্ৰীয়ে; পুৱা গাঁৱৰ মহিলাৰ লগত চাহ-জলপান গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.