ETV Bharat / politics

৯ মাৰ্চত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কথা পাতিব লাখপতি বাইদেউৰ সৈতে

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 5:10 PM IST

Narendra Modi Assam Visit
তিনিচুকীয়াত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

Narendra Modi Assam Visit: এমাহৰ অন্তত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী ৷ এইবাৰ যোৰহাটলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী ৷ লাখপতি বাইদেউসকলৰ লগতো প্ৰধানমন্ত্ৰী মোদীয়ে বাৰ্তালাপ কৰাৰ কথা ৷ প্ৰধানমন্ত্ৰীৰ আগমনৰ কথা জানিবলৈ দিছে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

তিনিচুকীয়াত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

তিনিচুকীয়া, ২৩ ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনৰ পূৰ্বে অৰ্থাৎ 9 মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ শুকুৰবাৰে এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ উল্লেখ্য যে যোৱা 3 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীগৰাকীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে আছিল অসমলৈ ৷ ইয়াৰ পিচতে প্ৰধানমন্ত্ৰীগৰাকী প্ৰায় এমাহৰ অন্তত পুনৰ যোৰহাটলৈ আহিব বুলি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই জানিবলৈ দিছে ৷

তিনিচুকীয়া জিলাৰ ধলাত আজি এক সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই প্ৰধানমন্ত্ৰীৰ আগমনৰ কথা জানিবলৈ দিয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাখপতি বাইদেউসকলৰ সৈতে বাৰ্তালাপ কৰিব বুলি জানিব পৰা গৈছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ধলাৰ সভাখনত ভাষণ প্ৰসংগত মহিলাসকল কিদৰে লাখপতি হ’ব তাৰো এক ব্যাখ্যা আগবঢ়ায় ৷

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে, চৰকাৰে প্ৰথম পৰ্যায়ত ১০ হাজাৰ টকাকৈ দিব মহিলাসকলক ৷ যিকোনো সময়তে মহিলাসকলৰ বেংকৰ একাউণ্টত ১০ হাজাৰ টকা সোমাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ চৰকাৰে প্ৰথম পৰ্যায়ত দিয়া দহ হাজাৰ টকা যদি মহিলাসকলে নিজৰ বেলেগ কামত খৰচ নকৰি সঠিক কামত লগায়, তেন্তে পুনৰ বেংকৰ জৰিয়তে চৰকাৰে ২৫ হাজাৰ টকাৰ ঋণ দিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ৷

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে উক্ত ঋণৰ ১২ হাজাৰ ৫০০ টকা মহিলাসকলে ঘূৰাই দিব আৰু বাকী ১২ হাজাৰ ৫০০ টকা চৰকাৰে দিব ৷ গতিকে প্ৰথমে দিয়া ১০ হাজাৰ টকা আৰু বেংকৰ জৰিয়তে দিয়া ২৫ হাজাৰ টকা মিলাই মুঠ ৩৫ হাজাৰ টকাৰে ভালকৈ কাম কৰিলে অতি সোনকালেই সকলো মহিলা লাখপতি হৈ যাব বুলি কয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক: বাৰাণসীত নিশা হঠাৎ কনভয় ৰখাই বাহনৰ পৰা নামি আহিল প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.