ETV Bharat / politics

ভাৰতীয়সকলৰ সুখী জীৱনেই হৈছে বিজেপি চৰকাৰখনৰ মূল লক্ষ্য: প্ৰধানমন্ত্রী

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 3:13 PM IST

Updated : Feb 4, 2024, 3:53 PM IST

Narendra Modi: গুৱাহাটীৰ খানাপাৰাত বিশাল জনসভা সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । ১১৬০০ কোটি টকাৰ কেবাটাও প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে । অসমবাসীক অসমীয়াতে সম্বোধন কৰি প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন । গুৱাহাটীবাসীৰ আদৰণিত অভিভূত প্ৰধানমন্ত্ৰী । উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশত অধিক গুৰুত্ব বিজেপি চৰকাৰৰ ।

Narendra Modi
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

খানাপাৰাত বিশাল জনসভা সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

গুৱাহাটী, ৪ ফেব্ৰুৱাৰীঃ ‘‘আপোনালোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।’’ এনেদৰে অসমীয়াতে অসমবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰে গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি খানাপাৰাৰ খেলপথাৰত এখন বিশাল জনসভা সম্বোধন কৰে ।

সভাত প্ৰধানমন্ত্ৰীয়ে ১১৬০০ কোটি টকাৰ কেবাটাও প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে । অসমবাসীক অসমীয়াতে শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে ভাষণত কয় যে আজি পুনৰ মা কামাখ্যাৰ আশীৰ্বাদত অসমবাসীক এই প্ৰকল্পসমূহ দিয়াৰ সৌভাগ্য হ'ল । এই প্ৰকল্পসমূহে অসমসহ উত্তৰ-পূৰ্বাঞ্চলক দক্ষিণ-পূব এছিয়াৰে যোগাযোগ ব্যৱস্থা আৰু অধিক শক্তিশালী কৰিব । পৰ্যটনৰ ক্ষেত্ৰখনৰ বিকাশ সাধন হোৱাৰ লগতে নিয়োগ সৃষ্টি হ'ব ।

শনিবাৰে সন্ধিয়া গুৱাহাটীবাসী ৰাইজে জনোৱা আদৰণিত অভিভূত হৈ পৰা প্ৰধানমন্ত্ৰীয়ে কয় যে এই মৰম আৰু আদৰ-স্নেহে তেওঁক শক্তি দিব । প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে লক্ষাধিক বন্তি প্ৰজ্বলন কৰি তেওঁক আদৰণি জনোৱাৰ বিষয়টোও উল্লেখ কৰে । দেশৰ বহু তীৰ্থস্থান ভ্ৰমণ কৰাৰ পিচত এতিয়া মা কামাখ্যৰ পবিত্ৰ ভূমিলৈ অহা বুলি সদৰী কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি মা কামাখ্যাৰ দিব্যলোক প্ৰকল্পৰ শিলান্যাস কৰা হৈছে ।

এই প্ৰকল্প সম্পূৰ্ণ হ'লে দেশ-বিদেশৰ মাৰ ভক্তক অসীম আনন্দ দিব । লগতে ভক্তৰ সমাগম আৰু অধিক বৃদ্ধি পাব । ইয়াৰ দ্বাৰা পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব বুলি সদৰী কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ তীৰ্থস্থানসমূহ কেৱল দৰ্শনৰ স্থান নহয় । এই তীৰ্থস্থানসমূহ ভাৰতীয় হাজাৰ বছৰ সভ্যতাৰ অমৃত চানেকী ।

স্বাধীনতাৰ পাছত দীঘলীয়া সময়ৰ বাবে শাসনত থকা দলটোৱে দেশৰ তীৰ্থস্থানসমূহৰ মহত্ব বুজি নাপালে বুলি সদৰী কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নিজৰ শিপা সংৰক্ষিত নকৰিলে দেশ কেতিয়াও বিকশিত হ'ব নোৱাৰে । বিজেপিৰ ডাৱল ইঞ্জিন চৰকাৰে এইক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰি ইয়াৰ বিকাশত গুৰুত্ব দিছে ।

উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশত বিজেপি চৰকাৰে বিশেষ গুৰুত্ব দিয়া বুলি সদৰী কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দহ বছৰ পূৰ্বৰ পৰিৱেশৰ বিষয়ে সকলোৱে অৱগত । বৰ্তমান সময়ত অসমসহ উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে । কিন্তু পূৰ্বে বিভিন্ন ক্ষেত্ৰত সুবিধাৰ অভাৱৰ বাবে পৰ্যটক ইয়ালৈ অহা নাছিল । ৰে'লৱে তথা বিমান সেৱা সীমিত আছিল । পথৰ অৱস্থা অতি শোচনীয় আছিল যে এখন জিলাৰ পৰা আন এখন জিলালৈ যোৱাৰ ক্ষেত্ৰতো বহু সময়ৰ প্ৰয়োজন হৈছিল ।

বিজেপিৰ ডাৱল ইঞ্জিনৰ চৰকাৰ অহাৰ পিচত পূৰ্বৰ পৰিৱেশ-পৰিস্থিতি সলনি হ'ল । বিগত দহ বছৰত বিকাশৰ বাবে কৰা খৰচ চাৰিগুণলৈ বৃদ্ধি কৰা হ'ল । ২০১৪ চনৰ পাছত ১৯০০ কিল’মিটাৰ নতুন ৰে'লৱে ট্ৰেক নিৰ্মাণ কৰা হ'ল । সেইদৰে দহ বছৰত নতুনকৈ ছয় হাজাৰ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে ।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে 'মোদী গেৰাণ্টি' কেতিয়াও অথলে নাযায় । দেশৰ ২০ কোটি লোক বিকশিত ভাৰত সংকল্প যাত্ৰাৰ যোগেদি উপকৃত হৈছে । প্ৰতিগৰাকী ভাৰতীয়ৰ জীৱন সুখকৰ কৰটোৱেই মোদী চৰকাৰৰ লক্ষ্য বুলি সদৰী কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এইবাৰৰ বাজেটত আন্তঃগাঠনিৰ বাবে ১১ লাখ কোটি টকা খৰচ কৰাৰ সংকল্প লোৱা হৈছে ।

২০১৪ চনৰ পূৰ্বে দহ বছৰত মুঠ ১২ লাখ কোটি টকা আন্তঃগাঁথনিৰ বাজেট আছিল । প্ৰায় সমপৰিমাণৰ বাজেট এবছৰৰ বাবে লোৱা হৈছে । দেশত বৃহৎ পৰ্যায়ত নিৰ্মাণ কাৰ্যৰ বাবে পুঁজি ব্যয় হ'ব বুলি সদৰী কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ দ্বাৰা ঔদ্যোগিক খণ্ডৰ বিকাশ সাধন হোৱাৰ লগতে ৰোজগাৰ বৃদ্ধি পাব ।

এইবাৰৰ বাজেটত দেশৰ জনতাৰ বিদ্যুতৰ বিল শূন্য কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি বৃহৎ ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বাজেটত দেশৰ এক কোটি পৰিয়ালক চ'লাৰ ৰুফ টপ দিয়াত চৰকাৰে সহায় কৰিব । ইয়াৰ দ্বাৰা বিদ্যুৎ বিনামূলীয়া হোৱাৰ লগতে গৰাকীয়ে অতিৰিক্ত সৌৰশক্তি বিক্ৰীও কৰিব পাৰিব ।

আনহাতে দেশৰ দুই কোটি মহিলাক লাখপতি কৰাৰ গেৰাণ্টি সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়ালৈকে এক কোটি মহিলা লাখপতি হৈছে । এইবাৰৰ বাজেটত দুই কোটি লক্ষ্যৰ বিপৰীতে তিনি কোটি মহিলাক লাখপতি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে 'মোদী গেৰাণ্টি' পূৰণ কৰাৰ বাবে দিন-ৰাতি একাকাৰ কৰাৰো শক্তি আছে ।

উত্তৰ-পূৰ্বাঞ্চলবাসীৰ মোদী গেৰাণ্টিৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস আৰু আস্থা আছে বুলি প্ৰধানমন্ত্ৰীয়ে কয় । এটা সময়ত অসমসহ উত্তৰ-পূৰ্বাঞ্চল অশান্ত আছিল বুলি সদৰী কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত সময়ত ১০ খনকৈ শান্তিচুক্তি সাক্ষৰিত হৈছে । হিংসাৰ পথ পৰিহাৰ কৰি হাজাৰ হাজাৰ যুৱক মূলসূঁতিলৈ ঘূৰি আহিছে । সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন বিভিন্ন অঞ্চলৰ পৰা উঠাই লোৱা হৈছে ।

আনহাতে ৰাজ্যসমূহৰ মাজত থকা সীমাবিবাদ মীমাংসা কৰাৰ বাবেও উদ্যোগ গ্ৰহণ কৰা হৈছে । প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে সৰু সৰু লক্ষ্যৰে বিকাশ সম্ভৱ নহয় । পূৰ্বৰ চৰকাৰৰ তেনে মানসিকতাৰ বাব দেশ প্ৰগতিৰ পথত আগুৱাই যাবলৈ সক্ষম হোৱা নাছিল । উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ সমাজৰ সপোন বাস্তৱায়িত কৰাৰ বাবে 'মোদী গেৰাণ্টি'ৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয়সকলৰ সুখী জীৱনেই হৈছে চৰকাৰখনৰ মূল লক্ষ্য ।

বিশাল জনসভাত ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীকে ধৰি বহুকেইজন মন্ত্ৰী, সাংসদ আৰু বিধায়ক উপস্থিত আছিল । লোকাৰণ্য হৈ পৰা খানাপাৰাৰ খেলপথাৰ মোদীৰ জয়গানেৰে মুখৰিত হৈ পৰে ।

আনহাতে প্ৰধানমন্ত্ৰী মোদীৰ সভালৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা পাঁচ হাজাৰ লাখপতি বাইদেউক অনা হয় । খানাপাৰাৰ খেলপথাৰত বিশাল জনসভা সম্বোধনৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলী ১,৪৫১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৫৯২ কোটি টকাৰ দোলাবাৰীৰ পৰা জামুগুৰিলৈ চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ শুভ উদ্বোধন কৰে ।

আনহাতে প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰে ৪৯৮ কোটিটকীয়া মা কামাখ্যা কৰিড'ৰ, ৩৫৮ কোটিটকীয়া গোপীনাথ বৰদলৈ বিমানবন্দৰ সংযোগী ৬ লেন পথ, অসমমালাৰ ৩,৪৪৪ কোটি টকা ব্যয়সম্বলিত ৪৩টা পথ, গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ ৩,২৫০ কোটি টকীয়া নতুন ভৱন, ৫৭৮ কোটি টকাৰ কৰিমগঞ্জ মেডিকেল কলেজ, ৮৩২ কোটি ব্যয়সাপেক্ষে ন-ৰূপত নেহৰু ষ্টেডিয়াম, ৩০০ কোটি টকাৰে চন্দ্ৰপুৰত ৰাষ্ট্ৰীয় মানসম্পন্ন ষ্টেডিয়াম আৰু মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ২৯৭ কোটি টকাৰে দেশৰ বিভিন্ন ৰাজ্যৰ বাবে একতা মলৰ ।

লগতে পঢ়ক: সংগীতৰ জগতৰ ডাঙৰ এৱাৰ্ড শ্ব’ গ্ৰেমী ২০২৪, কেতিয়া ক’ত চাব পাৰিব জানি লওক

Last Updated :Feb 4, 2024, 3:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.