ETV Bharat / entertainment

সংগীতৰ জগতৰ ডাঙৰ এৱাৰ্ড শ্ব’ গ্ৰেমী ২০২৪, কেতিয়া ক’ত চাব পাৰিব জানি লওক

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 11:01 AM IST

Updated : Feb 4, 2024, 2:41 PM IST

Grammy Award 2024: গ্ৰেমী বঁটা ২০২৪ আজি অনুষ্ঠিত হ’ব ৷ বহু ভাৰতীয় শিল্পীয়ে এই বঁটা লাভ কৰিছে । এইবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো এই বঁটাৰ বাবে মনোনীত কৰা হৈছে । এই বঁটা প্ৰদান অনুষ্ঠান কেতিয়া আৰু ক’ত লাইভ চাব পাৰিব আৰু কোনবোৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ইয়াৰ ষ্ট্ৰীমিং হ’ব জানি লওক ।

Everything to know about the 2024 Grammys,PM Narendra Modi nominated
গ্ৰেমী ২০২৪

চিটাৰা ডেস্ক, ৪ ফেব্ৰুৱাৰী: আজি অনুষ্ঠিত হ’ব গ্ৰেমী বঁটা ২০২৪ প্ৰদান অনুষ্ঠান । অভিনয় আৰু চলচ্চিত্ৰ জগতত যেনেকৈ অস্কাৰ বঁটাক সৰ্ববৃহৎ বঁটা বুলি গণ্য কৰা হয়, ঠিক তেনেদৰেই গ্ৰেমী বঁটাকো সংগীত জগতৰ সৰ্ববৃহৎ বঁটা হিচাপে গণ্য কৰা হয় । সমগ্ৰ বিশ্বৰ শিল্পীৰ কৰ্মৰাজি অগ্নি পৰীক্ষাৰ মাজেৰে পাৰ হৈ যায় আৰু সমগ্ৰ বিশ্বতে ৰচিত সংগীতৰ ভিতৰত এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হয় কিছু বিশেষ শিল্পীক । এই বঁটাসমূহ বহুতো ভিন্ন শিতানত বিতৰণ কৰা হয় । এইবাৰ ইয়াৰ ৬৬ সংখ্যক সংস্কৰণ অনুষ্ঠিত হ’ব । এই বছৰ কেতিয়া আৰু ক’ত চাব পাৰিব এই অনুষ্ঠান জানো আহক এই প্ৰতিবেদনত ।

গ্ৰেমী ২০২৪ কেতিয়া অনুষ্ঠিত হ’ব ?

লছ এঞ্জেলছত ২০২৪ চনৰ ৪ ফেব্ৰুৱাৰী অৰ্থাৎ আজি অনুষ্ঠিত গ্ৰেমী ২০২৪ ।

ক’ত লাইভ চাব পাৰিব ?

যদি আপুনি এই অনুষ্ঠানটো লাইভ চাব বিচাৰে তেন্তে CBS আৰু পেৰামাউণ্ট প্লাছত চাব পাৰে । এই কাৰ্যসূচী নিশা ৮ বজাৰ পৰা আৰম্ভ হ’ব । ভাৰতত ইয়াৰ লাইভ টেলিকাষ্টৰ সময় সোমবাৰে পুৱা ৭ বজাত হ’ব ।

আৰু ক’ত চাব পাৰিব ?

ইয়াৰ উপৰিও এই অনুষ্ঠানটোৰ লাইভ ষ্ট্ৰীমিং হুলু প্লাছ লাইভ টিভি, ইউটিউব টিভি আৰু ফুবু টিভিত চাব পাৰিব।

কোনে আঁত ধৰিব এই অনুষ্ঠান ?

এইবাৰ এই মেগা ইভেণ্টৰ আঁত ধৰোতাৰ ৰূপত থাকিব দক্ষিণ আমেৰিকাৰ কমেডিয়ান লেখক ট্ৰেভৰ নোহে । ইয়াৰ পূৰ্বে তেওঁ একেৰাহে তিনিবাৰকৈ এই শ্ব’টো আঁত ধৰিছে । ইয়াৰ উপৰিও তেওঁ নিজেও দুবাৰ এই বঁটাৰ বাবে মনোনীত হৈছে । তেওঁ শ্ৰেষ্ঠ কমেডী এলবামৰ বাবে মনোনীত হৈছিল । ইয়াৰ উপৰিও শেহতীয়াকৈ তেওঁ এমি বঁটাও লাভ কৰিছে ।

পিচে ভাৰতো পিচ পৰি থকা নাই

ভাৰতবৰ্ষ বৈচিত্ৰ্যৰ দেশ আৰু ভাৰতীয় সংগীতকো সমগ্ৰ বিশ্বতে অতিশয় ভাল পায় । এতিয়ালৈকে গ্ৰেমী বঁটা লাভ কৰা বহু ভাৰতীয় আছে । ইয়াত পণ্ডিত ৰবি শংকৰ, গুলজাৰ, এ আৰ ৰহমান, ৰিকি কেজ, জুবিন মেহতা, ফালগুনি শ্বাহকে ধৰি বহু শিল্পীৰ নাম সন্নিবিষ্ট কৰা হৈছে । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এইবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো এই বঁটাৰ বাবে মনোনীত কৰা হৈছে । এবুণ্ডেন্স ইন মিলেটছ গীতটোৰ কথা লিখাৰ বাবে মনোনীত হৈছে । এই গীতটিৰ সংগীত দিছে ফালগুনি শ্বাহ আৰু গৌৰৱ শ্বাহে ।

লগতে পঢ়ক: 12th Fail ৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰি আৱেগিক হৈ পৰিল বিক্ৰান্ত মচ্ছী

Last Updated : Feb 4, 2024, 2:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.