ETV Bharat / politics

যুৱ কণ্ঠ : লোকসভা নিৰ্বাচন সন্দৰ্ভত বেলতলা মহাবিদ্যালয়ৰ ন-ভোটাৰৰ মনৰ বতৰা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 11:18 AM IST

যুৱ কণ্ঠ
যুৱ কণ্ঠ

Opinion of youth voters : লোকসভা নিৰ্বাচন 2024 ৷ কি বিচাৰে আজিৰ প্ৰজন্মই ? নিৰ্বাচন সন্দৰ্ভত বেলতলা মহাবিদ্যালয়ৰ নৱ প্ৰজন্মৰ ভোটাৰৰ মনৰ কথাৰে ইটিভি ভাৰত, অসমৰ এক প্ৰতিবেদন ৷

লোকসভা নিৰ্বাচন 2024

গুৱাহাটী, 25 এপ্ৰিল : দেশত এতিয়া বলি আছে লোকসভা নিৰ্বাচনৰ গৰম বতাহ । দেশৰ সমান্তৰালকৈ ৰাজ্যতো সমানে বলিছে নিৰ্বাচনী বা । যাৰ বাবে সকলো ৰাজনৈতিক দল তথা প্ৰাৰ্থী ব্যস্ত । ভোটাৰক আকৰ্ষিত কৰাৰ বাবে শাসক-বিৰোধী সকলো ৰাজনৈতিক দলে চলাইছে নিৰ্বাচনী প্ৰচাৰ ।

বিভিন্ন ঠাইত পাতিছে নিৰ্বাচনী সভা, অংশ লৈছে ৰোড শ্ব’ত । অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনৰ ইতিমধ্যে প্ৰথম পৰ্যায় সমাপ্ত হৈছে ৷ অৱশ্যে বাকী দুটা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক নেতা-কৰ্মীক ব্যাপক প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে ৷ কণমান ৰ’ৱলৈয়ো যেন তেওঁলোকৰ আহৰি নাই ৷

তথ্য অনুসৰি, দেশত এইবাৰ যুৱ ভোটাৰৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে । দেশ তথা বিশেষকৈ অসমত যুৱ প্ৰজন্ম তথা নতুনকৈ ভোটাধিকাৰ লাভ কৰা ছাত্ৰ সমাজে এইবাৰৰ নিৰ্বাচনত এক বিশেষ ভূমিকা ল’ব বুলি ধাৰণা কৰা হৈছে । এনে পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ মহানগৰীৰ এখন আগশাৰী মহাবিদ্যালয় বেলতলা মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ প্ৰথমবাৰৰ বাবে ভোটদানৰ অধিকাৰ লাভ কৰিছে । তেওঁলোকে কি বিচাৰে, তেওঁলোকৰ‌ মনলৈ কেনেধৰণৰ ভাব-ধাৰণা আহিছে জানেনে ?

ইটিভি ভাৰত, অসম সন্মুখত আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কে নিজৰ মতামত দাঙি ধৰে শিক্ষাৰ্থীসকলে ৷ তেওঁলোকে দেশত এখন কল্যাণকামী আৰু সকলো শ্ৰেণীৰ লোকৰ সহায় হোৱাকৈ কাম কৰা চৰকাৰ আশা কৰিছে । যিয়ে ভৱিষ্যতে দেশ তথা জাতিটোৰ হৈ কাম কৰে । একাংশ ছাত্ৰই দেশত পৰৱৰ্তী চৰকাৰ যিয়ে নহওঁক যাতে সেই চৰকাখনে দেশত দিনক দিনে বৃদ্ধি পোৱা নিবনুৱা সমস্যা সমাধান, নিত্য ব্যৱহাৰ্য কিম্বা প্ৰযোজনীয় সামগ্ৰীৰ লগতে ঔষধ আদিৰ মূল্যবৃদ্ধি ৰোধ কৰা, পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে ৷ তেনে এখন চৰকাৰ বিচাৰে বেলতলা মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে ।

ইফালে লোকসভা নিৰ্বাচনৰ প্ৰসংগত মন্তব্য প্ৰকাশ কৰি মহাবিদ্যালয়খনৰ আন এজন ছাত্ৰই নিজৰ মহাবিদ্যালয়খনৰো বিভিন্ন সমস্যা দাঙি ধৰে । ছাত্ৰগৰাকীয়ে কয় যে গুৱাহাটীৰ বহু মহাবিদ্যালয়ত বৰ্তমানো নিজা খেলপথাৰ নাই । লগতে বেলতলা মহাবিদ্যালয়খন মহানগৰীৰ এখন পুৰণি মহাবিদ্যালয় হ’লেও এতিয়াও বহুতে এই মহাবিদ্যালয়খন চিনি নাপায় । সেয়েহে পৰৱৰ্তী সময়ত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা যিয়ে সাংসদ হিচাপে নিৰ্বাচিত হয় মহাবিদ্যালয়খনৰ এইসমূহ কাম কৰি দিবলৈ অনুৰোধ জনায় ।

ইফালে মহাবিদ্যালয়খনৰ আন এগৰাকী ছাত্ৰীয়ে কয় যে বৰ্তমান চৰকাৰখনে যদিও উন্নয়নমূলক কাম কৰিছে ৷ তথাপি এফালে যদি দুখীয়াৰ সহায় হোৱাকৈ অৰুণোদয় দিছে আনহাতে আকৌ দৈনিক উৰ্ধমুখী হৈছে মূল্যবৃদ্ধি । সেয়েহে সকলো দিশ সামৰি জনসাধাৰণৰ সহায় হোৱাকৈ কম কৰা এখন চৰকাৰ বিছাৰে ৷

লগতে পঢ়ক :-

লোকসভা নিৰ্বাচন তথা নতুন চৰকাৰ গঠন প্ৰক্ৰিয়া সন্দৰ্ভত যুৱ ভোটাৰৰ মনৰ কথা - Lok Sabha Election 2024

মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ ৰাজনৈতিক দলবোৰলৈ আহ্বান যুৱ প্ৰজন্মৰ ভোটাৰৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.