ETV Bharat / politics

লোকসভা নিৰ্বাচন তথা নতুন চৰকাৰ গঠন প্ৰক্ৰিয়া সন্দৰ্ভত যুৱ ভোটাৰৰ মনৰ কথা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 9:16 PM IST

Opinion of youth voters: ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । এই নিৰ্বাচনক লৈ কিমান আশাবাদী নতুন ভোটাৰসকল ? তেওঁলোকৰ মনোভাৱ কেনে বা কি কি ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰি ভোট দিবলৈ যাব ? এই সন্দৰ্ভত গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ মনৰ বতৰাৰে এক বিশেষ প্ৰতিবেদন...

Lok Sabha Election 2024
যুৱ ভোটাৰৰ মনৰ কথা

যুৱ ভোটাৰৰ মনৰ কথা

গুৱাহাটী, ১৭ এপ্ৰিল: লোকসভা নিৰ্বাচনৰ গৰম বতাহৰ ঢৌৱে অসমকো বাৰুকৈয়ে কোবাইছে । ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মানুহৰ আলোচনাৰ অন্যতম বিষয় হৈ পৰিছে লোকসভা নিৰ্বাচন । কাক ভোট দিব ? কোন দলে কি কৰিলে ? কোন প্ৰাৰ্থীয়ে কি কি কৰিলে ? এইসমূহ বিষয়ক লৈ চৰ্চা চলিছে তিনিআলি-চাৰিআলিৰ পৰা আৰম্ভ কৰি বজাৰলৈকে সকলোতে । নতুন তথা যুৱ ভোটাৰসকলো সাজু হৈ ভোটদানৰ বাবে ।

  • " class="align-text-top noRightClick twitterSection" data="">

নৱ প্ৰজন্মৰ ভোটাৰে কি বিচাৰে ? চৰকাৰখনৰ কাম কাজক লৈ তেওঁলোক সুখীনে ? কোনটো দলে বেছিকৈ আকৰ্ষণ কৰিব পাৰিছে যুৱ ভোটাৰক ? এই বিষয়ে জানিবৰ বাবে ই টিভি ভাৰতে অসমৰ বিভিন্ন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰিছিল । প্ৰায় সংখ্যক শিক্ষাৰ্থীয়েই কিন্তু বৰ্তমানৰ চৰকাৰৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে ।

গুৱাহাটী মহানগৰীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়েও এইবাৰ নতুনকৈ ভোটাধিকাৰ লাভ কৰিছে । শিক্ষাৰ্থীসকলে কয় যে যি দলৰেই চৰকাৰ নহওক কিয় অসমৰ সৰ্বাংগীন উন্নতি হ'ব লাগে । নিবনুৱা সমস্যা, বান সমস্যা, গুৱাহাটী মহানগৰীৰ বিভিন্ন সমস্যা সমাধানৰ বাবে চৰকাৰে কাম কৰিব লাগে ।

তাৰোপৰি মূল্যবৃদ্ধিয়ে ৰাইজক যিহেতু জুৰুলা কৰি আহিছে গতিকে সেই সন্দৰ্ভতো চৰকাৰক মনোনিবেশ কৰাৰ আহ্বান শিক্ষাৰ্থীসকলৰ । এগৰাকী শিক্ষাৰ্থীয়ে কয় যে যোৱা দহ বছৰত চৰকাৰখনে বিকাশৰ বাবে যিদৰে কাম কৰিছে, সেইদৰেই কাম কৰি যোৱাটো বিচাৰে । ভোটদানৰ ক্ষেত্ৰত পাৰ্টী আৰু প্ৰাৰ্থী উভয়কেই চোৱা হ'ব বুলি কয় শিক্ষাৰ্থীসকলে ।

বিজেপি-কংগ্ৰেছ যি দলেই চৰকাৰ গঠন নকৰক কিয় যুৱপ্ৰজন্মৰ নিয়োগৰ ক্ষেত্ৰত কাম কৰিব লাগে বুলি কয় এগৰাকী শিক্ষাৰ্থীয়ে । লগতে চৰকাৰৰ মূল লক্ষ্য উন্নয়ন হোৱাটো দৰকাৰ বুলি কয় শিক্ষাৰ্থীসকলে । কেৱল টিভিত দেখা প্ৰাৰ্থীক নহয়, ৰাইজৰ মাজলৈ আহি কাম কৰা প্ৰাৰ্থীকেই ভোটদান কৰিব বুলি শিক্ষাৰ্থীসকলে কয় ।

লগতে পঢ়ক: ঘৰতে বহি কেনেকৈ বনাব জন্ম-মৃত্যুৰ প্ৰমাণপত্ৰ ? - Birth and death certificate

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.