ETV Bharat / state

ঘৰতে বহি কেনেকৈ বনাব জন্ম-মৃত্যুৰ প্ৰমাণপত্ৰ ? - Birth and death certificate

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 5:24 PM IST

Birth and death certificate : জন্ম-মৃত্যুৰ কিমান দিনৰ ভিতৰত প্ৰমাণপত্ৰ উলিয়াব পাৰি ? ঘৰতে বহি কেনেদৰে জন্ম-মৃত্যুৰ প্ৰমাণপত্ৰ উলিয়াব ?

Birth and death certificate
ঘৰতে বহি কেনেকৈ বনাব জন্ম-মৃত্যুৰ প্ৰমাণ পত্ৰ?

গুৱাহাটী, 17 এপ্ৰিল : বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ ভিতৰত অন্যতম হৈছে জন্ম-মৃত্যুৰ প্ৰমাণপত্ৰ । বিশেষকৈ জন্মৰ প্ৰমাণপত্ৰখন অতি গুৰুত্বপূৰ্ণ । বৰ্তমান সময়ত অন্যান্য যিকোনো নথি-পত্ৰ যেনে আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংকৰ পাছবুক, ড্ৰাইভিং লাইচেন্স আদি নথিপত্ৰ বনাবলৈ হ'লে জন্মৰ প্ৰমাণপত্ৰৰ আৱশ্যক ।

লগতে ভোটৰ অধিকাৰ লাভ কৰাত, বিদ্যালয়ত নামভৰ্তি কৰোৱাৰ পৰা আৰম্ভ কৰি চৰকাৰী চাকৰি আদিৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰৰ ভিতৰৰ অন্যতম হৈছে জন্মৰ নথি-পত্ৰ।

কেনেদৰে বনাব জন্মৰ প্ৰমাণ পত্ৰ ?
স্বাস্থ্য সেৱা সঞ্চালকালয়, অসমৰ কাৰ্যালয়ত থকা জন্ম-মৃত্যু প্ৰমাণ পত্ৰৰ কাৰ্যালয়ৰ তৰফৰ পৰা জনোৱা অনুসৰি বৰ্তমান সময়ত ঘৰতো বহি অনলাইন যোগে সহজে আপুনি জন্ম-মৃত্যুৰ প্ৰমাণপত্ৰ উলিয়াই ল'ব পাৰিব । চৰকাৰৰ সেৱা সেতু এপটোৰ দ্বাৰা আপুনি সহজতে এই সমূহ প্ৰমাণ পত্ৰ উলিয়াই ল'ব পাৰি । জন্মৰ প্ৰমাণপত্ৰখন উলিয়াবলৈ প্ৰথমে আপুনি https://sewasetu.assam.gov.in//এই ৱেবছাইটটোত যাব লাগিব । তাৰ পাচত search ত গৈ Birth certificate বুলি লিখি search কৰিব । তাৰ পাচত তাত দুখন আবেদন দেখা পাব । তাৰে Apply ব’টনত ক্লিক কৰি আৱশ্যকীয় নথি-পত্ৰসমূহ দি প্ৰ-পত্ৰখন পূৰণ কৰিব পাৰিব ।

মৃত্যুৰ প্ৰমাণপত্ৰখন কেনেদৰে বনাব ?

জন্মৰ প্ৰমাণপত্ৰৰ দৰে মৃত্যুৰ প্ৰমাণপত্ৰখনো বৰ্তমান সময়ত অতি আৱশ্যক। যদি আপোনাৰ পৰিয়ালৰ কোনো ব্যক্তিৰ মৃত্যু হৈছে তেন্তে আপুনি ঘৰতে বহি অনলাইন যোগে আবেদন কৰিব পাৰে। তাৰ বাবে প্ৰথমে আপুনি https://sewasetu.assam.gov.in// এই ৱেবছাইটটোত যাব লাগিব । তাৰ পাচত search ত গৈ death certificate বুলি লিখি search কৰিব । তাৰ পাচত তাত দুখন আবেদন দেখা পাব । তাৰে Apply বট’নত ক্লিক কৰি আৱশ্যকীয় নথি-পত্ৰসমূহ দি প্ৰ-পত্ৰখন পূৰণ কৰিব পাৰিব ৷

জন্ম-মৃত্যুৰ কিমান দিনৰ ভিতৰত প্ৰমাণ পত্ৰ উলিয়াব লাগে ?

যদিহে কোনো ব্যক্তিৰ ঘৰত মৃত্যু হয়, বা ঘৰত যদি কোনো শিশুৰ জন্ম হয় তেন্তে জন্ম বা মৃত্যুৰ 21 দিনৰ ভিতৰত প্ৰমাণ পত্ৰখন উলিয়াব লাগে । যদিহে কোনো চৰকাৰী বা বেচৰকাৰী হাস্পতালত জন্ম হয় তেন্তে সেই হস্পতালত বা ওচৰৰ জন্ম-মৃত্যু পঞ্জীয়ন কাৰ্যালয়ৰ লগত যোগাযোগ কৰি প্ৰমাণ পত্ৰখন উলিওৱা হয়। গুৱাহাটী মহানগৰীত এনে ১৬ টা কেন্দ্ৰ আছে ।

লগতে পঢ়ক: বতৰে বিধি-পথালি দিব লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ! - ASSAM ne Weather report

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.