মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ ৰাজনৈতিক দলবোৰলৈ আহ্বান যুৱ প্ৰজন্মৰ ভোটাৰৰ - lok sabha election 2024

🎬 Watch Now: Feature Video

thumbnail
মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ ৰাজনৈতিক দলবোৰলৈ আহ্বান যুৱ প্ৰজন্মৰ ভোটাৰৰ (undefined)

By ETV Bharat Assamese Team

Published : April 8, 2024 at 12:06 PM IST

|

Updated : April 8, 2024 at 12:34 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, 8 এপ্ৰিল: মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দিয়া দললৈ সমৰ্থন আগবঢ়াব যুৱ প্ৰজন্মৰ ভোটাৰে ৷ লোকসভা নিৰ্বাচনলৈ মাজত বাকী মাথোঁ কেইটামান দিন । সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি শাসক-বিৰোধীৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে । ভোটাৰক আকৰ্ষিত কৰাৰ বাবে শাসক-বিৰোধী সকলো ৰাজনৈতিক দলে চলাইছে নিৰ্বাচনী ৰণকৌশল ।

দেশৰ তথা বিশেষকৈ অসমত যুৱ প্ৰজন্ম তথা নতুনকৈ ভোটাধিকাৰ লাভ কৰা ছাত্ৰ সমাজৰ দেশৰ ৰাজনীতিত আছে এক বিশেষ ভূমিকা । এনে পৰিপ্ৰেক্ষিতত প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ পোৱা একাংশ ছাত্ৰ-ছাত্ৰীৰ মনৰ কথা লৈ ই টি ভাৰতৰ এক চমু প্ৰতিবেদন । 

ই টি ভাৰতৰ সন্মুখত আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কে নিজৰ মতামত দাঙি ধৰি যুৱ প্ৰজন্মৰ ভোটাৰসকলে কয়, "সুস্থ সৱল গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত এইবাৰৰ নিৰ্বাচনত যথেষ্ট দায়িত্ব থাকিব নতুন ভোটাৰৰ ওপৰত । ভোট দিয়াৰ আগতে আমি নিজকে প্ৰশ্ন কৰিব লাগিব যে বৰ্তমানৰ চৰকাৰখনে কি কৰিলে ৷ সেয়া চালি জাৰি চোৱাটো প্ৰয়োজনীয় । হিন্দু-মুছলমানৰ ৰাজনীতি চলি আছে ৷ ভোট দিয়াৰ পূৰ্বে সেইবোৰ দিশো চাব লাগিব । আদানী-আম্বানীৰ বিকাশ নহয় দেশৰ সামগ্ৰিক উন্নয়ন হৈছে নে নাই সেই দিশটোও চাব লাগিব ।"

ইয়াৰোপৰি যুৱ ভোটাৰসকলে সামগ্ৰিক উন্নয়নৰ প্ৰতি গুৰুত্ব দিয়া এখন চৰকাৰ তেওঁলোকে নিৰ্বাচন কৰিব বুলি উল্লেখ কৰি যি চৰকাৰেই নিৰ্বাচতিত নহওঁক কিয় অসমৰ উন্নয়ন আৰু শিক্ষাৰ্থীৰ সমস্যা দূৰ কৰাত প্ৰাধান্য দিবলৈ আহ্বান জনায় ।  

লগতে পঢ়ক: নিৰ্বাচন : গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱ-প্ৰজন্মৰ ভোটাৰৰ মনৰ কথা কি ? - Gauhati university students opinion

Last Updated : April 8, 2024 at 12:34 PM IST