ETV Bharat / politics

কোকৰাঝাৰৰ লগতে দৰং-ওদালগুৰিত নিৰ্বাচন খেলিব নৱ কুমাৰ শৰণীয়াই - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 8:22 PM IST

Rejection of ST certificate : জনজাতিৰ প্ৰমাণপত্র নাকচৰ চৰকাৰী নিৰ্দেশনাত ন্যায়ালয়ে দিয়া স্থগিতাদেশৰ পিচতে দিছপুৰ প্ৰেছ ক্লাৱত সাংসদ নৱ কুমাৰ শৰণীয়াৰ সংবাদমেল । নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ক্ষেত্রত বাধা দিয়াৰ বাবে ৰচনা কৰা ষড়যন্ত্র বিফল হ'ল ন্যায়ালয়ত । কোকৰাঝাৰত তৃতীয়বাৰৰ বাবে জয়ী হ'ব বুলি প্ৰৱল আত্মবিশ্বাসী শৰণীয়া ।

NABA KUMAR SARANIA PRESS MEET
সাংসদ নৱ কুমাৰ শৰণীয়াৰ সংবাদমেল

সাংসদ নৱ কুমাৰ শৰণীয়াৰ সংবাদমেল

গুৱাহাটী, ২৭ মাৰ্চঃ কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়ালৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সকাহ । জনজাতিৰ (এছ টি) প্ৰমাণপত্র নাকচৰ চৰকাৰী নিৰ্দেশনাত স্থগিতাদেশ ন্যায়ালয়ৰ । উল্লেখ্য যে জাতিগত প্ৰমাণ পত্ৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈছিল গোচৰ । সেই গোচৰৰ পৰা সকাহ লাভ কৰিছে সাংসদ নৱ কুমাৰ শৰণীয়াই । চৰকাৰে জাৰি কৰা স্পিকিং অৰ্ডাৰ নাকচ কৰিলে ন্যায়ালয়ে । শৰণীয়াৰ জাতিগত প্ৰমাণ পত্ৰক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ । নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা আঁতৰিল কোকৰাঝাৰৰ সাংসদজনৰ । ন্যায়ালয়ে প্ৰদান কৰা সকাহৰ পিচতে আজি সাংসদ নৱ কুমাৰ শৰণীয়াই দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

এই সংবাদমেলযোগে তেওঁ ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয় যে এছ টি নহয় বুলি তেওঁৰ বিৰুদ্ধে অনা অভিযোগ সত্য নাছিল । শৰণীয়াসকল কছাৰী মূলৰ মানুহ আৰু অসমীয়া জাতি গঠনত আগভাগ লৈছিল । তেওঁ নৱ শৰণীয়াৰ নামত পণবন্দী কৰি ৰখা শৰণীয়া কছাৰীসকলৰ বিষয়টো মীমাংসা কৰাৰ বাবে অসম চৰকাৰক আহ্বান জনায় । নিৰ্বাচনত নৱ শৰণীয়াক বাধা দিয়াৰ ষড়যন্ত্র বিফল হ'ল বুলি উল্লেখ কৰি তেওঁ ন্যায়ালয়ৰ ৰায়ৰ পিচতে এতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব বুলি সদৰী কৰে ।

উল্লেখ্য যে জনজাতিৰ জাতিগত প্ৰমাণ পত্ৰৰ প্ৰসংগত আইনী মেৰপেচত আৱদ্ধ হৈ পৰা ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ অৱশেষত নিৰ্বাচন খেলাৰ ক্ষেত্রত আহি পৰা তেওঁৰ বাধা আঁতৰিল । সংবাদমেলত তেওঁ কয় যে তেওঁ পুনৰ কোকৰাঝাৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিব আৰু পুনৰ তৃতীয় বাৰৰ বাবে জয়ী হ'ব । তেওঁ লগতে কয় যে ষড়যন্ত্ৰ ৰচনা কৰিলেও তেওঁক নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ক্ষেত্রত ৰখাব নোৱাৰে । বিপুল ভোটত তেওঁ জয়ী হ'ব বুলি দাবী কৰে । ৰাইজ তেওঁৰ লগত আছে বুলি প্ৰকাশ কৰি তেওঁ কয় যে বিৰোধী তেওঁৰ পিচত আগতেও লাগি আছিল আৰু এইবাৰো লাগি আছে । এইবাৰ তেওঁ কোকৰাঝাৰৰ উপৰি দৰং-ওদালগুৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা সদৰী কৰে ।

দৰং-ওদালগুৰিত বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াক লৈ কোনো ধৰণৰ চিন্তা কৰা নাই বুলি মন্তব্য কৰি তেওঁ বি পি এফৰ দুৰ্গাদাস বড়োক 'লাকী' বিধায়ক বুলি কয় । দুৰ্গাদাস বড়োৰ কেৰিয়াৰ ইতিমধ্যে শেষেই হৈছে বুলি তেওঁ কয় । তেওঁ জনজাতিৰ প্ৰসংগটোত আৰু লাগি নাথাকিবৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনায়। আনহাতে আদৰ্শগত কাৰণত তেওঁ কোনো দললৈ নাযায় বুলি মন্তব্য কৰে ।

লগতে পঢ়ক:বিশাল সমদলেৰে মনোনয়ন দাখিল বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.