ETV Bharat / politics

বিশাল সমদলেৰে মনোনয়ন দাখিল বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 5:17 PM IST

Jorhat LS Seat : যোৰহাটত শক্তি প্ৰদৰ্শনেৰে মনোনয়ন দাখিল কৰিলে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে ৷ মুখ্যমন্ত্ৰীক কাষত লৈ যোৰহাট লোকসভা আসনৰ বাবে মনোনয়ন দাখিল কৰে তেওঁ ৷

Jorhat LS Seat
যোৰহাটত বিজেপিৰ শক্তি প্ৰদৰ্শন

তপন কুমাৰ গগৈৰ মনোনয়ন দাখিল

যোৰহাট, 27 মাৰ্চ : যোৰহাটত শক্তি প্ৰদৰ্শনেৰে মনোনয়ন দাখিল কৰিলে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক লগত লৈ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে মনোনয়ন দাখিল কৰে ৷

মনোনয়ন দাখিলৰ পূৰ্বে যোৰহাট ষ্টেডিয়াম প্ৰাংগনত অনুষ্ঠিত হয় দলটোৰ এক বিশাল সভা ৷ সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়ায় ৷ ইয়াৰ পিচতে যোৰহাট ষ্টেডিয়ামৰ পৰা এক বিশাল ৰেলী বাহিৰ কৰা হয় ৷ হাজাৰ হাজাৰ দলীয় কৰ্মীয়ে এই ৰেলীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ এই সমদলেৰে তপন কুমাৰ গগৈয়ে মুখ্যমন্ত্ৰীৰ সৈতে যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে ৷

ইফালে তপন কুমাৰ গগৈৰ মনোনয়ন পত্ৰ দাখিল কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে, 2001 চনৰ পৰা নিৰ্বাচনৰ মনোনয়ন দাখিল কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে লগতে তেওঁ নিজেও কেইবাবাৰো মনোনয়ন দাখিল কৰিছে ৷ কিন্তু আজিৰ দৰে জনসমুদ্ৰ দেখা নাই বুলি মন্তব্য কৰে তেওঁ ৷ লগতে তেওঁ ইয়াৰ পৰাই যোৰহাট লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থীগৰাকীয়ে জয়লাভ কৰাটো প্ৰমাণ হৈ গৈছে বুলিও কয় তেওঁ ৷ সমষ্টিটোত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে তিনি লাখৰো অধিক ভোটত জয়লাভ কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

আনহাতে মনোনয়ন দাখিল কৰি যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে তেওঁ দুই লাখৰো অধিক ভোটত জয়লাভ কৰিব বুলি মন্তব্য কৰে ৷ তপন কুমাৰ গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত তেওঁক সংগ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ উল্লেখ্য যে, আজি তপন কুমাৰ গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত যোৰহাটত বিজেপিৰ কেইবাজনো মন্ত্ৰী-বিধায়ককে ধৰি সহস্ৰাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : বিজেপিত যোগদান কৰাৰ 'ছিগনেল' কি ? ক’লে মুখ্যমন্ত্ৰীয়ে - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.