ETV Bharat / politics

ছোনিয়া গান্ধীক সাক্ষাতৰ পিচতে পদত্যাগ পত্ৰ উঠাই ল'লে আব্দুল খালেকে

MP Abdul Khaleque: 5 দিন পূৰ্বে আব্দুল খালেকে পদত্যাগ পত্ৰ দাখিল কৰে যদিও আজি পদত্যাগ পত্ৰ উঠাই ল’লে সাংসদগৰাকীয়ে ৷ ছোনিয়া গান্ধীক সাক্ষাতৰ পিচতে এই সিদ্ধান্ত লয় সাংসদগৰাকীয়ে ৷

MP Abdul Khaleque
পদত্যাগ পত্ৰ উঠাই ল'লে আব্দুল খালেকে
author img

By ETV Bharat Assamese Team

Published : March 20, 2024 at 7:37 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, ২০ মাৰ্চ: ছোনিয়া গান্ধীক সাক্ষাৎ পাই খং পাতলিল কংগ্ৰেছ দল ত্যাগ কৰা সাংসদ আব্দুল খালেকৰ । সেয়েহে উঠাই ল’লে নিজৰ পদত্যাগ পত্ৰ ৷ বুধবাৰে নতুন দিল্লীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেক সাক্ষাৎ কৰি এক পত্ৰযোগে নিজৰ পদত্যাগ প্ৰত্যাহাৰ কৰে কংগ্ৰেছ সাংসদ আব্দুল খালেকে । উল্লেখ্য যে বুধবাৰে মল্লিকাৰ্জুন খাৰ্গেক সাক্ষাৎ কৰাৰ পূৰ্বে মঙলবাৰে সাংসদ খালেকে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালক আৰু আজি কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীক সাক্ষাৎ কৰে ।

MP Abdul Khaleque
পদত্যাগ পত্ৰ উঠাই ল'লে আব্দুল খালেকে

আজি নতুন দিল্লীত মল্লিকাৰ্জুন খাৰ্গেক দাখিল কৰা নিজৰ পত্ৰত খালেকে উল্লেখ কৰে, “ মই জনাব বিচাৰিছো যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ তত্বাৱধায়কে মোৰ অভিযোগ/সমস্যাসমূহ সমাধান নকৰাৰ বাবে মই ২০২৪ৰ ১৫ মাৰ্চত পদত্যাগ পত্ৰ দাখিল কৰিছিলোঁ । কিন্তু, মই আনন্দিত যে দলৰ কেন্দ্ৰীয় নেতৃত্ব মোৰ ওচৰলৈ আগবাঢ়ি আহিছিল, যাৰ বাবেই মই সাধাৰণ সম্পাদক কে চি বেণুগোপালজীৰ সৈতে এক ফলপ্ৰসূ আলোচনা কৰিব পাৰিলো ৷ পিচলৈ আমাৰ সন্মানীয় চি পি পিৰ অধ্যক্ষ শ্ৰীমতী ছোনিয়া গান্ধীজীৰ আশীৰ্বাদ পাবলৈ সক্ষম হ’লো ।’’

তদুপৰি তেওঁ কয়, ‘‘লোকসভাৰ এগৰাকী বৰ্তমানৰ সদস্য আৰু দুবাৰৰ বিধায়ক হিচাপে দেশৰ পৰিস্থিতি বুজি পাওঁ । গণতান্ত্ৰিক শক্তিক শক্তিশালী কৰাটো প্ৰতিজন গণতান্ত্ৰিক আৰু প্ৰগতিশীল ব্যক্তিৰ কৰ্তব্য আৰু দায়িত্ব । কংগ্ৰেছক শক্তিশালী কৰাটো এতিয়া সময়ৰ প্ৰয়োজন, সেয়েহে মই মোৰ পদত্যাগ প্ৰত্যাহাৰ কৰিছো আৰু ৰাহুল গান্ধীৰ নেতৃত্বত কাম কৰাৰ ইচ্ছা কৰিছো ।”

উল্লেখ্য যে বুধবাৰে সাংসদ আব্দুল খালেকে নতুন দিল্লীত ছোনিয়া গান্ধীক সাক্ষাৎ কৰাৰ‌ পিচত কিছু নৰম হোৱা পৰিলক্ষিত হয় ।‌ দিল্লীত সাংবাদিকৰ‌ আগত মুখামুখি হৈ সাংসদগৰাকীয়ে কংগ্ৰেছৰ প্ৰতি কিছু নৰম হৈ পৰে । কিন্তু তেওঁ দলত যোগদান কৰা-নকৰা সন্দৰ্ভত কৰা নাছিল স্পষ্ট মন্তব্য । অৱশ্যে লোকসভা নিৰ্বাচন নেখেলে বুলি স্পষ্ট মন্তব্য কৰে সাংসদ আব্দুল খালেকে ।

লগতে পঢ়ক: অজাপ ত্যাগ দুলু আহমেদৰ: চাটুকাৰিতাৰ ৰাজনীতি কৰাৰ অভিযোগ লুৰীণৰ বিৰুদ্ধে