ETV Bharat / politics

ধুবুৰীত ৰকিবুলক নহয়; প্ৰয়োজন এগৰাকী স্থানীয় প্ৰাৰ্থীৰহে: আব্দুল খালেক

author img

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 8:59 PM IST

Internal conflicts in APCC
MP Abdul Khaleque

Internal conflicts in APCC: পৰুৱা এটা গ’লেও কংগ্ৰেছৰ ক্ষতি হয় ৷ গতিকে দল এৰি যাব খোজাসকলক ধৰি ৰখাৰ চেষ্টা কৰিব লাগে ৷ ধুবুৰীত ৰাইজে যিহেতু আজমলক ওফৰাব খুজিছে, গতিকে তাত এজন স্থানীয় প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰাটোহে প্ৰয়োজন ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিলে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে ৷

আব্দুল খালেকৰ মন্তব্য

গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী: সমাগত লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিৰ পৰা কংগ্ৰেছে ৰকিবুল হুছেইনক প্ৰক্ষেপ কৰাৰ সম্ভাৱনাক লৈ এতিয়া দলটোৰ ভিতৰচ’ৰাত জ্বলিছে বিদ্ৰোহৰ অগনি ৷ ৰকিবুল হুছেইনক ধুবুৰীত প্ৰাৰ্থিত্ব দিয়াত যেন অসন্তুষ্ট বৰ্তমান বৰপেটা সমষ্টিৰ সাংসদ আব্দুল খালেক ৷ পোনপটীয়াকৈ নহ’লেও আওপকীয়াকৈ এই সিদ্ধান্তৰ বিৰোধিতা আব্দুল খালেকৰ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ধুবুৰীৰ লোকসভা আসনখনত স্থানীয় লোকক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী সাংসদ খালেকৰ । সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত সোমবাৰে আব্দুল খালেকে লোকসভা নিৰ্বাচনক লৈ কৌশলপূৰ্ণভাৱে প্ৰকাশ কৰিলে নিজৰ ক্ষোভ ৷

“ৰকিবুল হুছেইনে নগাঁৱৰ পৰাহে টিকট বিচাৰিছে, ধুবুৰীত নাই বিচৰা ৷ মোৰ সমষ্টি তিনিভাগত বিভক্ত হৈছে, তিনিভাগৰ এভাগ ভোটাৰ ধুবুৰীত অন্তৰ্ভুক্ত হৈছে । গতিকে দলে সিদ্ধান্ত ল'ব ৷ কংগ্ৰেছত এটা পৰ্যায়ৰ মাজেৰে প্ৰাৰ্থী চূড়ান্ত হ'ব ৷ ৰাহুল গান্ধীয়ে ক’লে আমি মানিব লাগিব যদিও মই নিজেই নিৰ্বাচনী সমিতিত আছোঁ আৰু এই কথা গম পোৱা নাই ৷’’ খালেকে কয় ৷

স্থানীয় প্ৰাৰ্থী বিচাৰি ধুবুৰী সমষ্টিৰ অন্যতম প্ৰাৰ্থিত্বৰ দাবীদাৰ সাংসদ খালেকৰ মন্তব্য যে ধুবৰীত আজমলক ৰাইজে বিচৰা নাই, গতিকে দলে স্থানীয় এজন যোগ্য ব্যক্তিক দলে টিকট দিব লাগে ৷ তাৰোপৰি কংগ্ৰেছৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক দলীয় কন্দল আৰু একাংশই দল এৰি যোৱা প্ৰসংগতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে সাংসদ খালেকে ৷

সাংসদজনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়, “ৰাজ্যিক নেতৃত্বই সকলোকে একতাৰ ডোলেৰে বান্ধি ৰাখিব লাগিব ৷ পৰুৱা এটা গ'লেও কংগ্ৰেছৰ ক্ষতি হয় ৷ ছত্ৰভংগ শক্তিৰে কোনো ৰণ জিকিব নোৱাৰে, ঐক্যবদ্ধ শক্তিয়েহে ৰণ জিকিব পাৰে ৷ দলটো একত্ৰিত হৈ থাকিব লাগিব । দলৰ পৰা কোনোবা যাব বিচাৰিলে ধৰি ৰাখিব লাগিব ৷”

ইয়াৰ উপৰিও আব্দুল খালেকৰ দাবী যে বেলেগ কোনোবা মুখ্যমন্ত্ৰীৰ মানুহ হ'লেও অন্ততঃ আব্দুল খালেক মুখ্যমন্ত্ৰীৰ মানুহ নহয় ৷ উল্লেখযোগ্য যে কোনো কোনো সময়ত আব্দুল খালেক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মানুহ বুলি ৰাজনৈতিক আলোচনাত স্থান পাই আহিছে ৷ তাৰেই প্ৰতিক্ৰিয়াত এই উত্তৰ আগবঢ়ালে সাংসদগৰাকীয়ে ।

এতিয়া লক্ষণীয় হ’ব যে ধুবুৰী লোকসভাত বৰ্তমানৰ বৰপেটাৰ সাংসদজনে নিজৰ নাম প্ৰাৰ্থিত্বৰ তালিকাত লিখাবলৈ সক্ষম হ’বনে ৷ নে ৰকিবুল হুছেইনেই ধুবুৰীৰ প্ৰাৰ্থী ৰূপে মাৰিব শেষ হাঁহি ?

লগতে পঢ়ক: প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ আখ্যান বখানিলে বিধায়ক কমলাক্ষই

লগতে পঢ়ক: ৰাজনৈতিক অভিসন্ধি ! সামাজিক মাধ্যমত বিষোদগাৰ মীৰা বৰঠাকুৰৰ

লগতে পঢ়ক: কংগ্ৰেছে সদায় আঞ্চলিকতাবাদক সন্মান জনাই আহিছে : আব্দুৰ ৰচিদ মণ্ডল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.